তেজপুৰত অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক কেন্দ্ৰীয় অধিৱেশন 

0 30
শতাব্দ প্রতিনিধি, তেজপুৰ, ৫ মাৰ্চঃ দীৰ্ঘ বিৰতিৰ পিছত অৰ্থাৎ ১৯৬২ আৰু ১৯৯২ চনৰ পিছত আগন্তুক ২০২৪ বৰ্ষত পুনৰ তেজপুৰত অনুষ্ঠিত হ’ব অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক কেন্দ্ৰীয় অধিৱেশন ।কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই গঢ় দি থৈ যোৱা এই জাতীয় অনুষ্ঠানটিৰ তেজপুৰৰ ৬২ সংখ্যক অধিৱেশন সকলো প্ৰকাৰে সাফল্য মণ্ডিত কৰি তোলাৰ লক্ষ্যৰে আজি পুৱাৰে পৰা অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় সভাপতি কুমাৰ দীপক দাস, প্ৰধান সম্পাদক গিৰিধৰ ৰয়ৰ উপস্থিতিত অসম নাট্য সন্মিলনৰ তেজপুৰ শাখাৰ উদ্যোগত অনুষ্ঠিত হয় এখন বিশাল ৰাজহুৱা সভা। বাণ থিয়েটাৰৰ প্ৰাক্তন সভাপতি, বিশিষ্ট শিক্ষাবিদ মহেন্দ্ৰ নাথ কেওঁটৰ পৌৰোহিত্যত বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই আঁত ধৰা আৰু বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি সকলৰ লগতে তেজপুৰৰ বিভিন্ন সামাজিক – সংস্কৃতিক অনুষ্ঠানৰ বিষয়ববীয়া উপস্থিত থকা আজিৰ এই ৰাজহুৱা সভাই অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক মুখ্য পৃষ্ঠপোষক, তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস আৰু বিধায়ক পৃথ্বিৰাজ ৰাভাক পৃষ্ঠপোষক, শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰক মুখ্য উপদেষ্টা, বিশিষ্ট শিক্ষাবিদ তথা বাণ থিয়েটাৰৰ প্ৰাক্তন সভাপতি মহেন্দ্ৰ নাথ কেওঁটক সভাপতি, বাণ থিয়েটাৰৰ সাধাৰণ পৰিচালক তথা বিশিষ্ট অভিনেতা ভূপেন শৰ্মাক কাৰ্যকৰী সভাপতি আৰু বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী আৰু হিৰণ্য ভূঞাক যুটীয়া সাধাৰণ সম্পাদক হিচাপে লৈ ৩০ খন উপসমিতিৰে এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰে। অসম নাট্য সন্মিলনৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি ত্ৰৈলোক্য মোহন নাথ, সাধাৰণ সম্পাদক সুজিত কটকী, অসম নাট্য সন্মিলনৰ স্বৰ্ণপীঠ মণ্ডলৰ সভাপতি হিৰণ্য হাজৰিকা, তেজপুৰ শাখাৰ ভাৰপ্ৰাপ্ত সভাপতি সত্যদেৱ শৰ্মা আদিৰ লগতে জিলাখনৰ বিভিন্ন শাখা সমিতি সমূহৰ বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠিত এই ৰাজহুৱা সভাখন আৰম্ভ হয় হীৰামণি লহকৰৰ এটি বৰগীতেৰে। তেজপুৰ শাখাৰ সম্পাদক জিন্টু বৰঠাকুৰৰ উদ্দেশ্য ব্যাখ্যা আৰু অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি মৃগেন চন্দ্র বড়াৰ আদৰণী ভাষণেৰে আৰম্ভ হোৱা আজিৰ এই ৰাজহুৱা সভাতে তেজপুৰৰ নিকটৱৰ্তী ডিপোটাৰ প্ৰবীণ নাট্যকাৰ, লেখক “প্ৰিয়েন্দ্ৰ তামুলীৰ নিৰ্বাচিত নাট্যসম্ভাৰ” শীৰ্ষক নাটকৰ একত্ৰ সংকলন এখন উন্মোচন কৰে অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় সভাপতি কুমাৰ দীপক দাসে।উন্মোচনী ভাষণত কুমাৰ দীপক দাসে অসম নাট্য সন্মিলনে নতুন সম্পৰীক্ষাৰে নৱ্য নাট্য ধাৰাৰ সৃষ্টি কৰি যাব লাগিব বুলি মন্তব্য কৰি নৱপ্ৰজন্মৰ প্ৰতিগৰাকী নাট্যশিল্পীক প্ৰতিষ্ঠিত কৰাৰ,  স্বীকৃতি প্ৰদান কৰাৰ লক্ষ্যৰে অসম নাট্য সন্মিলনে অহৰ্নিশে কাম কৰি আছে কয়। মহাপুৰুষ শঙ্কৰদেৱে সৃষ্টিৰ মাজেৰে প্ৰতিভাত হোৱা অসমৰ আধুনিক নাট্য সংস্কৃতিৰ স্বৰ্ণোজ্জ্বল  নাট্য পৰম্পৰাৰ গৌৰৱেৰে প্ৰতিগৰাকী অসমীয়া গৌৰৱান্বিত হ’ব পাৰিব লাগিব বুলি কৈ শ্বেইক্সপীয়েৰৰ বহু শতিকা পূৰ্বে প্ৰান্তীয় ভাষা অসমীয়াত উৎকৃষ্ট নাট্যসম্ভাৰৰে বিধৌত কৰা মহাপুৰুষজনাৰ সৈতে শ্বেইক্সপীয়েৰৰ নাটকৰ তুলনামূলক বস্তুনিষ্ঠ তুলনামূলক অধ্যয়ন আমি কৰিব লাগিব বুলি মন্তব্য কৰি এটি দীঘলীয়া নাট্য পৰম্পৰা ইতিহাসেৰে সম্পৃক্ত আধুনিক অসমীয়া নাট্যসাহিত্য যেন আজিও এলাগী হৈ ৰৈছে আৰু বৰ্তমানলৈকে কোনো এখন অসমীয়া নাট্য সংকলনে সাহিত্য অকাদেমীৰ দৰে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিব নোৱাৰাতো নিশ্চয় শুভলক্ষণ নহয় বুলিও আক্ষেপ প্ৰকাশ কৰে। আনহাতে অসম নাট্য সন্মিলনৰ আজীৱন সদস্য, বিশিষ্ট অভিনেতা তথা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই ভাষণ প্ৰদান কৰি তেজপুৰৰ আধুনিক নাট্য পৰম্পৰাই অসমৰ নাট্য সংস্কৃতিৰ জগতখনলৈ মূলব্যান বৰঙণি আগবঢ়াই আহিছে বুলি মন্তব্য কৰে। বিধায়ক পৃথ্বিৰাজ ৰাভাই বাণ থিয়েটাৰে সৃষ্টি কৰা নাট্যান্দোলনে সমগ্ৰ অসমত এক জোকাৰণিৰ সৃষ্টি কৰিছিল আৰু ইয়াৰ ফলশ্ৰুতিতে বিভিন্ন অঞ্চলত নাট্যমঞ্চৰ জন্ম হৈ সামগ্ৰিকভাবে নাট্য সংস্কৃতিক নৱ্য গতি প্ৰদান কৰিছিল বুলি কৈ বৰ্তমানৰ নাট্য সন্মিলন অনুষ্ঠিত কৰাৰ যি পদক্ষেপ গ্ৰহণ কৰাৰ কথা বিবেচনা কৰা হৈছে ই নিশ্চিতভাবে অসমৰ নাট্যান্দলনক ত্বৰাণিত কৰিব বুলি কয়। প্ৰবীণ অভিনেতা, প্ৰাবন্ধিক প্ৰীয়েন্দ্ৰ তামুলীয়েও নিজৰ নাট্য সংকলনখন উন্মোচনৰ ওপৰত অনুভৱ সদৰী কৰা অনুষ্ঠানটিত অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় প্ৰধান সম্পাদক গিৰিধৰ ৰয়ে অসম নাট্য সন্মিলনৰ অধিৱেশন সমূহত গ্ৰহণ কৰা কাৰ্য্যসূচী সমূহ সদৰী কৰি তেজপুৰ বাসীক এই অধিবেশন অনন্য বাৰ্তা বাহক কাৰ্যসূচীৰে সম্পন্ন কৰিবলৈ সকলোৰে সহযোগিতা আৰু পৰামৰ্শ কামনা কৰে। ইয়াৰ পিছতেই সভাপতি মহেন্দ্ৰ নাথ কেওঁটে অধিৱেশনখন সকলো দিশতে সাফল্য মণ্ডিত কৰিব পৰাকৈ দূৰদৃষ্টিৰে এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰিবলৈ সদনক আহ্বান জনোৱাৰ পিছত ৰাইজে সৰ্বসন্মতি ক্ৰমে অভ্যৰ্থনা সমিতিখন গঠন কৰি সভাত উপস্থিত সকলোকে সদস্য হিচাপে মনোনীত কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More