তেজপুৰত অৰুণোদয়ৰ তালিকাক লৈ ক্ষোভ

0 12
শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৮এপ্ৰিলঃ তেজপুৰৰ পৰ্বতীয়া গাঁও পঞ্চায়তত অৰুনোদয় আঁচনিৰ হিতাধিকাৰী বাছনিত গুৰুতৰ অনিয়মৰ অভিযোগ উত্থাপিত হৈছে।দৰিদ্ৰ,যোগ্য লোকক বঞ্চিত কৰি স্বজন তোষনৰে একাংশ বিত্তশালী লোকৰ নাম অৰুনোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ অভিযোগ উঠিছে পৰ্বতীয়া গাঁও পঞ্চায়তৰ সভানেত্ৰী জামিনী কলিতাৰ বিৰুদ্ধে।অভিযোগ অনুসৰি,অৰুণোদয় হিতাধিকাৰী হিচাপে পঞ্চায়তখনৰ  সদস্য সকলে  প্ৰস্তুত কৰি দিয়া তালিকাক অৱজ্ঞা  কৰি সভানেত্ৰীয়ে নিজ খেয়াল খুচিমতে তালিকা প্ৰস্তুত কৰাৰ অভিযোগ তুলিছে পঞ্চায়তৰ সদস্যই।এনে অৱস্থাত অৰুনোদয় আঁচনিৰ পৰা বঞ্চিত বহুসংখ্যক মহিলাই আজি পৰ্বতীয়া পঞ্চায়ত কাৰ্যালয়ত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।এই ক্ষেত্ৰত ক্ষোভিত ৰাইজে এক শক্তিশালী তদন্তৰ দাবী কৰাৰ লগতে  দৰিদ্ৰ,বৃদ্ধা মহিলাক বঞ্চিত কৰি অযোগ্য লোকৰ নাম অন্তৰ্ভুক্ত হোৱা এই তালিকা বাতিলৰো দাবী জনাইছে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More