তেজপুৰত আছাৰ ধৰ্মঘট

0 10

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৫জুলাইঃ ৰাজ্যত বসবাস কৰা আদিবাসী সকলক শীঘ্ৰে অনুসূচীকৰণৰে জনজাতিৰ মৰ্যাদা প্ৰদান কৰা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৫২৫ টকালৈ বৃদ্ধি কৰা আৰু আদিবাসী সকলক ভূমিৰ ম্যাদীপট্টা প্ৰদান কৰা আদি দাবীৰ সমৰ্থনত আজি তেজপুৰত সদৌ অসম আদিবাসী ছাত্ৰ সন্হা (আছা)ৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত তেজপুৰৰ আদালত চাৰিআলি দুঘন্টীয়া অৱস্হান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷ ন এছ টি ন ৰেষ্ট,আছা লং লিভ, এছ টি আমাৰ জন্মগত অধিকাৰ আদি ধ্বনিৰে হাতে হাতে প্লেকাৰ্ড লৈ আছাৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আৰু সকলো আঞ্চলিকৰ সহযোগত ৰূপায়িত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশ লৈ আছাৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি আনন্দ তাঁতীয়ে কয় যে আছাই জন্মলগ্নৰে পৰাই আদিবাসী সকলৰ জনজাতি তথা অনুসূচীকৰণৰ লগতে বাকী দাবী সমূহ উত্থাপন কৰি আহিছে৷প্ৰতিশ্ৰুতি দিয়ো বিজেপিয়ে বিগত সাতবছৰে তেওঁলোকৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই বুলি উল্লেখ কৰি আছাৰ নেতাজনে কয় যে,এসময়ত নৰেন্দ্ৰ মোদীয়ে অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি নিজেই চাহ বিক্ৰী কৰা মানুহ বুলি প্ৰকাশ কৰি সেয়ে তেওঁ চাহশ্ৰমিকৰ সমস্যাৰ সমাধান কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল য’দিও আজিলৈকে সেয়া পালন নহ’ল৷ৰাজ্যত এতিয়াও চাহ শ্ৰমিকে দৈনিক হাজিৰা ২৩২টকা লাভ কৰে বুলি দোহাৰি তাঁতীয়ে ৰাজ্যত সৰ্বানন্দ সোনোৱালৰ পৰা ড° হিমন্ত বিশ্ব শৰ্মালৈকে বিজেপি চৰকাৰ আদিবাসী সকলৰ সমস্যা সমাধানত চূড়ান্ত ভাবে ব্যৰ্থ হোৱা বুলি কয়৷আদিবাসী সকলৰ প্ৰাপ্য অধিকাৰ নাপালে আগন্তুক নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিব বুলিও আছাৰ নেতৃত্বই সকীয়াই দিয়ে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More