তেজপুৰত আটছাৰ ধৰ্ণা

0 14
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১আগষ্টঃ ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিছাৰ কলঘৰত কৰ্মৰত অৱস্থাত গুৰুতৰভাৱে আহতহৈ চিকিৎসাধীন মইনা নায়কক ৰাজ্য চৰকাৰৰ শ্ৰম বিভাগে নির্ধাৰণ কৰা ক্ষতিপূৰণ শীঘ্ৰে প্ৰদান কৰাৰ ব্যৱস্থা কৰা, লেপেটকটা চাহ বাগিছাৰ প্ৰধান পৰিচালকৰ লগতে ফেক্টৰী পৰিচালক গৰাকীক তদন্তৰ আওতালৈ আনি দুয়োগৰাকী পৰিচালকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰি কঠোৰ শাস্তি প্ৰদানৰ ব্যৱস্থা কৰা আৰু ৰাজ্যৰ প্ৰতিখন চাহ বাগিছাত কাৰখানা আইন ১৯৪৮  আৰু পুলিৰোপন শ্ৰমিক আইন ১৯৫১, শ্ৰমিক সুৰক্ষা  বিধি সমূহ সম্পূৰ্ণ ভাৱে কাৰ্যকৰী হোৱাৰ প্ৰতি গুৰুত্ব প্ৰদানৰ দাবীত অসম চাহ জনজাতি ছাত্ৰ সন্হাৰ শোণিতপুৰ জিলা সমিতি আৰু অসম চাহ জনজাতি মহিলা সমিতিৰ অর্ধশতাধিক প্ৰতিবাদকাৰীয়ে তেজপুৰস্থিত শোণিতপুৰ জিলা কল কাৰখানা পৰিদৰ্শকৰ কাৰ্যালয়ৰ সন্মূখত আজি দিনৰ ১১-৩০বজাৰ পৰা দুইঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে এই দাবীৰ সমৰ্থনত শ্ল’গান দিয়াৰ পিছত উক্ত দাবী সম্বলিত এক  স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More