তেজপুৰত আৰক্ষীৰ বিৰুদ্ধে অভিযোগ

কাৰণবিহীনভাবে যুৱকক বৰ্বৰ প্ৰহাৰ 

0 9
শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,৭অক্টোবৰঃ তেজপুৰৰ মহাভৈৰৱ আৰক্ষী চকীৰ এটা তহলদাৰী দলে পাঁচ অক্টোবৰত এজন যুৱকক কাৰণবিহীন ভাবে বৰ্বৰোচিত ভাবে প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ দোলাবাৰীৰ এজন বন্ধুৰ নিমন্ত্ৰণ ক্ৰমে বিজয়া দশমীৰ দিনা বন্ধুজনৰ ঘৰত ভাত খাই উভিত অহাৰ সময়ত দিনৰ প্ৰায় তিনিবজাত আৰক্ষীৰ বাহনে খুন্দিয়াই তেজপুৰৰ ৰঙামাটিৰ প্ৰকাশ ডেকা নামৰ  যুৱকজনক৷ ইয়াকে লৈ যুৱকজনৰে সতে আৰক্ষীৰ কথা কটাকটি হোৱাত তেওঁক সেই স্হানতে প্ৰহাৰ কৰা আৰক্ষীয়ে যুৱকজনক সমীপৱৰ্তী আৰক্ষীচকীলৈ আনে৷ উল্লেখযোগ্য যে, যুৱকজনে দোলাবাৰীত সংঘটিত এক কাজিয়াৰ দোষীক কৰায়ত্ত নকৰি তেওঁক কিয় প্ৰহাৰ কৰিছে বুলি সোধাৰ পাছতেই অধিক উগ্ৰহৈ পৰা আৰক্ষীয়ে আৰক্ষী চকীত প্ৰকাশৰ দুইহাত বান্ধি গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে৷ চকুৰ কাষত, পেটত, আঁঠু তথা নিতম্বত প্ৰহাৰৰ অজস্ৰ চিহ্ন থকা যুৱকজনে কয় যে ওৰে নিশা তেওঁৰ ওপৰত আৰক্ষীয়ে চলোৱা নিৰ্যাতনৰ পৰা তেওঁ পিছদিনাহে ৰেহাই পায়৷ সম্প্ৰতি আহত হৈ শয্যাগত হৈ থকা প্ৰকাশে এই ঘটনাত মহাভৈৰৱ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াজন প্ৰথমৰে পৰা জড়িত থকাৰ লগতে তেওঁ আৰু আন এজনে মিলি সমগ্ৰ নিশা প্ৰহাৰ কৰা বুলি মন্তব্য কৰে৷ উল্লেখযোগ্য যে, ২৮ছেপ্টেম্বৰৰ নিশাও পৰোৱাত বিশাল নায়ক নামৰ এজন শ্ৰমিকক কামৰ পৰা উভটাৰ পথত মহাভৈৰৱ আৰক্ষীৰ তহলদাৰী দলে আগচি ধৰি প্ৰহাৰ কৰিছিল৷ শ্ৰমিকজনে সেইদিনা ধালাইৰ কাম নিশালৈকে হোৱাত নিশা প্ৰায় ১১বজাত ঘৰলৈ আহি থকা অৱস্থাত আৰক্ষীয়ে কৰা প্ৰহাৰত আহত হ’বলগীয়া হয়৷ এই ঘটনাৰ এসপ্তাহৰ পাছতেই পুনৰ আৰক্ষীৰ বিৰুদ্ধে আন এজন যুৱকক কৰা নিৰ্দয় প্ৰহাৰৰ অভিযোগে আৰক্ষীৰ এনে কাণ্ডকলৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু এনেবোৰ ক্ষেত্ৰত আৰক্ষীৰ উৰ্দ্ধতন কৰ্তৃপক্ষই কেনে ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে অপেক্ষা কৰিছে ভুক্তভোগীৰ পৰিয়ালে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More