তেজপুৰত এইডচ নিয়ন্ত্ৰণৰ সজাগতা, প্ৰশিক্ষণ শিৱিৰত উত্তপ্ত পৰিস্থিতি
জীয়ৰী বোৱাৰীক যৌনকৰ্মী সজোৱাৰ অভিযোগঃআৰক্ষীৰ তদন্ত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১১আগষ্টঃ নিজকে এইডচ নিয়ন্ত্ৰণ অভিযানৰ লগত জড়িত বুলি পৰিচয় দিয়া বহিঃৰাজ্যৰ এজন ব্যক্তিয়ে তেজপুৰৰ একাংশ দৰিদ্ৰ পৰিয়ালৰ জীয়ৰী বোৱাৰীক যৌন কৰ্মী সজাবলৈ অপচেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ লগতে ইয়াকে লৈ এক উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয় তেজপুৰত৷উল্লেখযোগ্য যে, তেজপুৰ সদৰ আৰক্ষী থানাৰ সমীপৰে এখন হোটেলত বাহৰ পাতি থকা তথা দক্ষিণ ভাৰতৰ আৰ কুমাৰ নামৰ লোকজনে নিজকে এইডছ নিয়ন্ত্ৰণ কোষৰ বিষয়া বুলি পৰিচয় দিছিল৷তেওঁ লখিমপুৰৰ মানস গগৈ আন এজন লোকৰ স’তে মিলিত হৈ তেজপুৰত স্নেহা নামৰ এটা বেছৰকাৰী স্বেচ্ছাসেৱী সংগঠনৰ জৰিয়তে এন এ চি পি ভি ৰ বিশেষ প্ৰশিক্ষণ দিয়াৰ লগতে সজাগতামূলক কাৰ্যসূচী চলাই নিছিল৷ বিশেষ ভাৱে ভয়াবহ এইডচ ৰোগ প্ৰতিহত কৰাৰ ক্ষেত্ৰত কি ব্যৱস্থা লব লাগে আৰু তাৰ বাবে সমাজত সজাগতা সৃষ্টিৰ বাবে একাংশ যুৱক যুৱতী আৰু মহিলাক প্ৰশিক্ষণ দিয়া হৈছিল আৰু অন্যতম উদ্যোক্তা এই কুমাৰ নামৰ লোকজন ইয়াত প্ৰশিক্ষকৰ ভূমিকা লৈছিল৷ তেজপুৰৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত এই কাৰ্যসূচী ৰূপায়ন হৈছিল আৰু যোৱা কেবাদিনো এই কাৰ্যসূচী চলাৰ পাছত আজি অন্তিম দিনা উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয় এই কাৰ্যসূচী চলা হোটেল চেন্টাৰ পইন্টত৷ অভিযোগ অনুসৰি,ইয়াত অংশ লোৱা প্ৰশিক্ষাৰ্থী সকলক দৈনিক পাঁচশ টকাৰ ভাট্টা দিয়াৰ কথা ঘোষণা কৰা হৈছিল যদিও অন্তিম দিনটোত এটকাও প্ৰদান নকৰি প্ৰশিক্ষাৰ্থী সকলক এখন প্ৰমাণ পত্ৰ দিয়েই দায়িত্ব সামৰিলে দক্ষিণ ভাৰতৰ উদ্যোক্তা জনে৷ আন এক গুৰুতৰ অভিযোগ অনুসৰি,কৰ্মশালাত অংশ লোৱা মহিলা আৰু যুৱতী আৰু বোৱাৰী সকলে নিজকে যৌন কৰ্মী বুলি সমাজত চিনাকী দিব লাগিব অন্যথা তেওঁলোক ব্লেকমেইলিঙৰ স্বীকাৰ হব লাগিব বুলিও হুমকি দিয়ে এইজন লোকে৷ তেজপুৰৰ একাংশ যুৱতী মহিলাক নিজকে যৌনকৰ্মী হিচাপে চিনাকী দিবলৈ উদ্যোক্তাই হেঁচা দিয়াত আজি বিয়লি এক উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয়৷পৰিস্হিতি উত্তপ্ত হৈ পৰাৰ সময়ত কুমাৰ নামৰ লোকজনে বিভিন্ন জনক অভব্য আচৰণ কৰাৰ লগতে সংবাদ মাধ্যমকো বাতৰি সংগ্ৰহত বাধা দিয়াৰ চেষ্টা চলায়৷ বিয়লি সংঘটিত এই ঘটনাত উত্তেজিত অভিযোগকাৰী সকলৰ হাতত স্বেচ্ছাসেৱী সংগঠনটোৰ একাংশ সদস্য প্ৰহৃত হ’বলগীয়া হয়৷ দৈনিক ভাট্টা লাভৰ আশাত এই প্ৰশিক্ষণ লোৱা বিবাহিত মহিলা যুৱতী সকলক যৌন কৰ্মী বুলি সজাব খোজা বুলি অভিযোগ উঠা লখিমপুৰৰ গগৈ আৰু দক্ষিণ ভাৰতৰ কুমাৰ ওৰফে পি কেক সোধ পোছৰ বাবে ইতিমধ্যে তেজপুৰ সদৰ আৰক্ষীয়ে থানালৈ নিছে৷ উল্লেখযোগ্য যে, এইডচৰ বিৰুদ্ধে প্ৰকৃত যৌনকৰ্মীৰ মাজত সজাগতামূলক প্ৰশিক্ষণ দিবলগীয়া সূচীৰ বিপৰীতে এনেদৰে একাংশ নীৰিহ যুৱতী বোৱাৰীক প্ৰশিক্ষণৰ নামত যৌনকৰ্মী সজাই স্বেচ্ছাসেৱী সংস্হা তথা এই সকল অভিযুক্তই ধন সৰকোৱাৰ ফন্দি কৰা বুলিও চৰ্চিত হৈছে৷