তেজপুৰত এগৰাকী অসহায় মহিলাক উদ্ধাৰ কৰিলে আন এগৰাকী মহিলাই

0 13
 শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৯ছেপ্টেম্বৰঃ শোণিতপুৰৰ চাৰিদুৱাৰ কটন মিলটো বন্ধ হৈ যোৱাৰ পাছত ইয়াত এসময়ত কৰ্মৰত শ্ৰমিকৰ কেনে শোকাৱহ পৰিণতি হৈছে তাৰ শেহতীয়া নিদৰ্শন এগৰাকী পৌঢ়া মহিলা৷ গহপুৰৰ ৰেজিয়া বেগম নামৰ মহিলা গৰাকীয়ে গহপুৰৰ পৰা আহি এসময়ত কটন মিলত কাম কৰিছিলহি৷ বহু বছৰ এই মিলত কাম কৰাৰ পাছত হঠাৎ এই মিলটো বন্ধ হৈ যোৱাত তেওঁ তেজপুৰৰ বিভিন্নজনৰ ঘৰত কাম বন কৰি জীৱন নিৰ্বাহ কৰিছিল৷ ইয়াৰ মাজতে এদিন তেওঁ শাৰিৰীক ভাবে অসুস্থ হৈ পৰাত চতিয়াৰ স্বামীগৃহলৈ উভতি যায় যদিও তাতো তেওঁ আশ্ৰয় লাভ নকৰিলে৷ প্ৰৱল আৰ্থিক সমস্যাত ভাৰাক্ৰান্ত আৰু পেৰেলাইচি‍ছত আক্ৰান্ত মহিলাগৰাকীক কালি এজন অচিনাকী লোকে লগ পায় বৃদ্ধাশ্ৰমত থোৱাৰ প্ৰতশ্ৰিুতিৰে‍ তেজপুৰলৈ লৈ আহে৷ জীয়াই থকাৰ তাৰণাত সেই লোকজনক ভৰষা কৰিয়েই অসহায় ৰেজিয়া তেজপুৰলৈ আহে য’দিও সেই লোকজনে ৰেজিয়াক তেজপুৰৰ তিনিআলিত এখন দোকানত বহুৱাই অন্তৰ্ধান হয়৷ উপায়হীন ৰেজিয়াই তেনে অৱস্থাত গাড়ীৰ আগত পৰি আত্মহত্যা কৰাৰ পৰিকল্পনা কৰে৷  সেই সময়তে তিনিআলিৰ দিপালী মেধি নামৰ এগৰাকী মহিলাই ৰেজিয়িক দেখা পাই আৰু সবিশেষ জানিব পাৰি অসহায় মহিলা গৰাকীক নিশাটো নিজৰ ঘৰত ৰাখি আজি পুৱা জিলা আইন প্ৰাধিকৰণ কাৰ্যালয়ত গটাই দিয়ে। ইয়াৰ পাছতে আইন প্ৰাধিকৰণৰ জৰিয়তে অসহায় মহিলা গৰাকীক বৃদ্ধাআশ্ৰম লৈ নিয়াৰ ব্যৱস্থা কৰা হয়।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More