তেজপুৰত কংগ্ৰেছৰ জয় ভাৰত সত্যাগ্ৰহ

হিমন্ত বিশ্ব শৰ্মাক ৰাইজেই আঁতৰাব ক্ষমতাৰ পৰা

0 14
শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,২৬এপ্ৰিলঃ তেজপুৰৰ হলেশ্বৰত আজি শোণিতপুৰ জিলা কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হোৱা  “জয় ভাৰত সত্যাগ্ৰহ” কাৰ্যসূচীত অংশ গ্ৰহণ অসম প্ৰদেশ কংগ্ৰেছৰ সভিপতি ভূপেন  বৰাই বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে৷বিজেপি চৰকাৰৰ জনবিৰোধী নীতি সমূূূহৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিবলৈ শোণিতপুৰ জিলা কংগ্ৰেছৰ  এই কাৰ্যসূচীত বুথ আৰু মণ্ডল কংগ্ৰেছৰ বিষয়ববীয়া সকলে উপস্থিত আছিল৷উল্লেখযোগ্য যে সভাত অংশলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই কয় যে,মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হেলিকপ্তাৰত উঠি ঘূৰি ফুৰা দেখি, তেওঁৰ চাৰিওকাষে মন্ত্ৰী বিধায়ক দেখি কংগ্ৰেছৰ কিছু নেতা কৰ্মীৰ মনত হতাশা আহে আৰু কংগ্ৰেছ ভৱিষ্যতে শাসনলৈ আহিবনে বুলি প্ৰশ্ন কৰে৷কিন্তু কংগ্ৰেছ দল পূৰ্বেও ক্ষমতাচ্যুত হৈছিল বুলি উল্লেখ কৰি বৰাই লগতে কয় যে,১৯৮৫ত অগপৰ নেতৃত্বক ৰাইজে চেলেংচাদৰ পাৰি আদৰিছিল আৰু মহাপুৰুষ দুজনাৰ দ্বিতীয় অৱতাৰ বুলি কৈছিল প্ৰফুল্ল কুমাৰ মহন্ত আৰু ভৃগু ফুকনক৷কিন্তু সেইসকলকেই পাছত ৰাইজে ক্ষমতাচ্যুত কৰি হিতেশ্বৰ শইকীয়াক পুণৰ ক্ষমতাত বহুৱাইছিল বুলি কৈ বৰাই পুণৰ কয় যে, ইয়াৰ পাছত আকৌ কংগ্ৰেছৰ ৯০০ নেতাকৰ্মীক ৰাজ্যত হত্যা কৰা হৈছিল৷কিন্তু তাৰ পাছত কংগ্ৰেছ পুণৰ ক্ষমতালৈ আহিল৷কংগ্ৰেছে তৰুণ গগৈৰ নেতৃত্বত একেৰাহে ১৫বছৰ শাসন কৰিছিল বুলি কৈ বৰাই লগতে বিজেপিয়ে মাত্ৰ দহ বছৰহে শাসন কৰিছে বুলি মন্তব্য কৰে৷ তেওঁ  কয় যে- মণিপুৰ,অৰুণাচল প্ৰদেশ,কৰ্ণাটকত কংগ্ৰেছৰ চৰকাৰক পিছদুৱাৰৰেহে ভংগ কৰা হৈছিল৷বঞ্চিত নিবনুৱা,প্ৰৱঞ্চনাৰ সন্মুখীন হোৱা ৰাইজ আৰু চাহ বাগিছাৰ নিস্পেষিত লোকেই হিমন্ত বিশ্ব শৰ্মাক এদিন দিছপুৰৰ পৰা খেদিব বুলিও বৰাই মন্তব্য কৰে ৷তেওঁ লগতে কয় যে,কংগ্ৰেছে পুৰ্বৰ ভুলৰ পৰা শিকিব লাগিব৷কংগ্ৰেছ ক্ষমতাচ্যুত হোৱাৰ মূল কাৰণ  পঞ্চায়তৰ দুৰ্নীতি আৰু একাংশ নেতাৰ আচৰণ বুলিও বৰাই কয়৷তেওঁ কয় যে,চৰকাৰ থাকিলে পঞ্চায়ত বা পৌৰসভা নিৰ্বাচনত শাসনাধিষ্ঠিত দলক ভোট দিবলৈ কংগ্ৰেছই  শিকাইছিল৷সম্প্ৰতি, বিজেপিয়ে হীৰাৰ দাম কমাইছে আৰু চিৰাৰ দাম বঢ়াইছে বুলি ভাষণত উল্লেখ কৰি আৰু কয় যে, অৰুণোদইৰ ১৫০টকা বঢ়াই দিয়াৰ পিছদিনাৰ পৰা ৰাজ্যৰ ২৭খন টোলগে’টত কৰ বৃদ্ধি কৰিলে৷চাহ শ্ৰমিকৰ মজুৰি ৩৫৫ টকালৈ বৃদ্ধি কৰিব বুলি  বিজেপিয়ে কোৱাৰ লগতে বিজেপিয়ে বিদেশীয়ে টালিটোপোলা বান্ধিব লাগিব বুলি কৈছিল,আকাশলংঘী মূল্যবৃদ্ধি মাটিৰে মিলাই দিব বুলি কৈছিল,কৃষকৰ উপাৰ্জন দুগুণ বৃদ্ধি কৰিব বুলি কোৱাৰ লগতে নিবনুৱাক  নিযুক্তি দিয়াৰ কথা কৈছিল নৰেন্দ্ৰ মোদীয়ে৷কিন্তু এতিয়া সেইবোৰৰ ক্ষেত্ৰত নিমাত বুলি সমালোচনা কৰে বৰাই৷ৰাহুল গান্ধীৰ বাবে বা তেওঁৰ সাংসদ পদ খাৰিজ কৰাৰ বাবে কংগ্ৰেছে আন্দোলন কৰা নাই, কিন্তু যি খন চৰকাৰে এজন সাংসদক নিমিষতে সংসদৰ পৰা উলিয়াই দিব পাৰে তেনেহলে সেইখন চৰকাৰৰ বাবে সাধাৰণ লোক কোন কূটা বুলি উল্লেখ কৰে বৰাই৷জম্মু কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকে দেশৰ সেনাৰ ৪০জন জোৱান কাশ্মীৰত হত্যাৰ প্ৰসংগত আঁৰৰ কথাবোৰ কওঁতেই তেওঁৰ বিৰুদ্ধে চিবিআই ক লগাই দিছে বিজেপিয়ে৷তদুপৰি,ৰাহুল গান্ধীয়ে মোদীৰ বন্ধু গৌতম আদানিয়ে বেংকৰ পৰা লোৱা ২০হেজাৰ কোটি টকাৰ হিচাপ দাখিল কৰিব নোৱৰাৰ প্ৰসংগ উত্থাপন কৰাৰ বাবেই তেওঁৰ বিৰুদ্ধেও ইডি,চিবিআই মেলি দিলে বুলি কৈ এতিয়া বিজেপিৰ কাৰ্যালয়লৈ নোযোৱাৰ বাবেই সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধেও গোচৰ তৰিছে বুলি কয়৷এসময়ত এইখন চৰকাৰে বৰ্তমানৰ মন্ত্ৰী অজন্তা নেওগ,প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়,মৰিয়নিৰ বিধায়কৰ বিৰুদ্ধেও চিআইডিৰ তদন্ত দিছিল,কিন্তু এইসকল বিজেপিৰ ৱাচিং মেছিনত সোমাই এতিয়া নিকা হৈ পৰিল বুলি বৰাই কটাক্ষ কৰে৷ৰাজ্যৰ সংবাদ মাধ্যমৰ মুখ বিজ্ঞাপনৰ টকাৰে বন্ধ কৰিছে বুলি সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই৷ ৰাজ্য চৰকাৰত মাটিৰ দালাল বিধায়ক হোৱা আৰু মন্ত্ৰীয়ে ৰাজ্যৰ যুৱকক সুৰাপান কৰিবলৈ আহ্বান জনোৱা বুলি কটাক্ষ কৰি বৰাই লগতে কয় যে ইয়াৰ অৰ্থ হ’ল ৰাজ্যৰ নতুন প্ৰজন্ম সুৰাপান কৰি অসুস্থ হওঁক আৰু মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰৰে ঘুৰি ফুৰক৷চৰকাৰে ধাৰ বিচাৰি বেংকৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰা বুলিও তেওঁ কয়৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই লগতে কয় যে,এতিয়া ৰাইজৰ সিদ্ধান্ত লোৱাৰ সময়, আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কথা শুনিম নে আৰ এছ এছ বা বিজেপিৰ কথা শুনিম৷কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰেও সকলোকে মিলোৱা আৰু মিলাৰ কথাহে কৈছিল বুলি উল্লেখ কৰে তেওঁ৷আগন্তুক লোকসভা নিৰ্বাচনত য’দিহে কংগ্ৰেছে কংগ্ৰেছক বিশ্বাসঘাতকতা নকৰে তেনেহলে কংগ্ৰেছৰ জয় নিশ্চিত বুলি উল্লেখ কৰি লগতে কয় যে,কংগ্ৰেছত এতিয়াও এনে একাংশ দুমুখীয়া লোক আছে যিয়ে দলৰ কথা প্ৰচাৰ কৰিবলৈ লাজ কৰে৷ বৰাই কয় যে, দেশ তথা ৰাজ্যত এইবাৰ বিজেপিৰ বিৰুদ্ধে বিৰোধীৰ এজনেই প্ৰাৰ্থী থাকিব৷এয়া সত্য আৰু অসত্যৰ যুঁজ বুলি তেওঁ উল্লেখ কৰি কয় “আমি কনকলতা বৰুৱা,মকুন্দ কাকতি,দয়াল পানীকা,কুমলী দেৱী,মনবৰ নাথকহে মানো,চিবিআই বা ইডিলৈ ভয় নকৰোঁ৷”বৰাই কয় যে,তেওঁৰ দেহত আৰক্ষীৰ কোব আৰু কঁপালৰ পৰা তেজ মাটিত পৰিলেই ৰাজ্যত চৰকাৰ সলনি হ’ব৷কৰ্ণাটকত কংগ্ৰেছৰ জয় হ’ব বুলি কৈ ইয়াৰ পাছতে দেশৰ ২৮ টা বিৰোধী দল ৰাহুল গান্ধীৰে আলোচনাত বহি ঐক্যবদ্ধ হ’ব বুলিও মন্তব্য কৰি বৰাই আৰু কয় যে,২০২৪ত দেশৰ প্ৰধানমন্ত্ৰী কোন হয় সেই কথা ক’ব নোৱাৰিলেও মোদী যে পুণৰ প্ৰধানমন্ত্ৰী নহয় সেয়া নিশ্চিত৷আনহাতে অংকিতা দত্ত সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বৰাই বিষয়টো ন্যায়ালয়ৰ বিচাৰাধীন বিষয় বুলি মন্তব্য কৰে৷শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকতিৰ পৌৰোহিত্যত হলেশ্বৰত অনুষ্ঠিত সভাখনত অংশ লৈ দলটোৰ ৰাজ্যিক উপসভাপতি দ্বিজেন শৰ্মাই কয় যে,মহামানৱ মহাত্মা গান্ধীয়ে সত্যাগ্ৰহ কৰিছিল বৃটিছৰ শাসনৰ পৰা ভাৰতক মুক্ত কৰিবলৈ৷বৰ্তমান কংগ্ৰেছে জয় ভাৰত সত্যাগ্ৰহ আৰম্ভ কৰিছে বিজেপিৰ সাম্প্ৰদায়িকতাক প্ৰতিহত কৰিবলৈ৷শৰ্মাই লগতে কয় যে,বিজেপিয়ে হিন্দু,মুছলমান,শিখ সকলোৰে মাজত বিদ্বেষ বৃদ্ধি কৰিছে৷বিজেপিৰ দিনত মূল্য বৃদ্ধিয়ে সকলোকে জুৰুলা কৰিছে বুলি শৰ্মাই উল্লেখ কৰি একেদৰে মনমোহন সিং দেশৰ প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত গঢ়া অৰ্থনৈতিক ভেটি বিজেপিৰ দিনত তচনচ হৈছে বুলি কয়৷তদুপৰি, দেশৰ সেনাবাহিনীক লৈ বিজেপি চৰকাৰে  দায়িত্বহীন কাৰ্যৰ পৰিচয় দিয়া বুলিও তেওঁ কয়৷একেদৰে কংগ্ৰেছ,চিপিআই এম আদি দলৰ বিৰুদ্ধেও বিজেপি ষড়যন্ত্ৰত জড়িত হৈ হাৰাশাস্তি কৰাৰ লগতে বিজেপিয়ে দেশত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ চক্ৰান্ত কৰিছে বুলি কয় শৰ্মাই৷আনহাতে প্ৰদেশ কংগ্ৰেছৰ সেৱা দলৰ সভাপতি দীপ বায়নে তেওঁৰ ভাষণত চানক্যৰ উক্তিৰে কয় যে যিখন দেশৰ ৰজা বেপাৰী হয়,তেতিয়া সেইখন দেশৰ প্ৰজা ভিক্ষাৰী হয়৷তেওঁ কয় যে,বিজেপি এটা বেপাৰীৰ দল আৰু ৰাইজৰ আৱেগক বিক্ৰী কৰা দল বিজেপিয়ে নিৰ্বাচন আহিলেই পাকিস্তানৰ নাম লৈ আৱেগ সৃষ্টি কৰে৷বায়নে আৰু কয় যে,বিজেপি য়ে জাতি মাটি ভেটিৰ কথা কৈ শাসনলৈ আহি এতিয়া কেৱল,বাকী ফাকি আৰু ঝুমলাৰ বাহিৰে  আন একো কৰা নাই৷বিজেপিৰ দিনত ৰাজ্যৰ সীমাত অসম আৰক্ষীক গুলীওৱাৰ পাছত এইখন চৰকাৰে কয় যে,কেন্দ্ৰই নিৰ্দেশ দিলে নলবাৰীৰ মাটিও আন ৰাজ্যক গতাই দিবলৈ সাজু বুলি কয়৷সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে অংশ লোৱা সভাখনত দলটোৰ দৰং,লখিমপুৰ,বিশ্বনাথৰ সভাপতিৰ লগতে উপসভাপতি মাধুৰ্য গোস্বামী,সম্পাদক অভিজিৎ হাজৰিকা,কাৰ্তিক কুৰ্মী,অপূৰ্ব ভট্টাচাৰ্য, আৰ পি শৰ্মা,ৰাতুল কলিতাৰ উপৰি শোণিতপুৰ জিলাৰ দলীয় তত্বাবধায়ক নিৰ্মল লাংঠাছা,মুখপাত্ৰ ৰূপা কলিতা আদিকে ধৰি ভালেসংখ্যক নেতাই অংশ লয়৷উল্লেখযোগ্য যে,আজিৰ এই সভালৈ একাধিক বিৰোধী দলৰ বিষয়ববীয়াকো আমন্ত্ৰণ জনোৱা হৈছিল য’দিও সভাখনত চিপিআইএমৰ হৈ অংশ লোৱা মনেশ্বৰ বড়োৱেও বক্তব্য ৰাখে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More