তেজপুৰত কংগ্ৰেছৰ ধৰ্ণা

ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰেৰণ

0 7
শতাব্দ প্ৰতিনিধি, তেজপুৰ ,৫আগষ্টঃ তেজপুৰত আজি দিনৰ প্ৰায় ১২বজাত শোণিতপুৰ জিলা কংগ্ৰেছৰ লগতে জিলা মহিলা কংগ্ৰেছ, জিলা কংগ্ৰেছৰ সেৱা দল আৰু এন এছ ইউ আই ৰ একাংশ নেতা কৰ্মীয়ে সকলো পন্য সামগ্ৰীৰে অনিয়ন্ত্ৰিত মূল্য বৃদ্ধি ৰোধ,খাদ্য সামগ্ৰীৰ ওপৰত ধাৰ্য কৰা জি এছ টি প্ৰত্যাহাৰ,বান আৰু গৰাখহনীয়া ৰোধ,নিবনুৱা সমস্যাৰ সমাধান,অগ্নিপথ আঁচনিৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে ৰাজ্যৰ ৰাজ্যপাললৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে৷ আজি তেজপুৰস্হিত জিলা কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত কংগ্ৰেছ দল আৰু ভাতৃ ভগ্নী সংগঠনৰ স্হানীয় নেতাকৰ্মীসকলে মূল্যবৃদ্ধি ৰোধ কৰক, খাদ্য সামগ্ৰীৰ পৰা জি এছ টি প্ৰত্যাহাৰ কৰক, নিবনুৱা সমস্যাৰ সমাধান কৰক, বান খহনীয়া সমস্যাৰ স্হায়ী সমাধান কৰক, বিজেপি হায় হায়, বিজেপি গ’বেক আদি ধ্বনি দিয়ে৷ প্ৰতিবাদকাৰীসকলে বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত দৈনন্দিন ব্যৱহৃত খাদ্য সামগ্ৰী তথা ৰন্ধন গেছৰ ব্যাপক মূল্যবৃদ্ধি, পেট্ৰল আদিকে ধৰি চিৰা, পিঠাগুৰি, মৌ আদি সকলোতে জিএছটি ধাৰ্য কৰা তথা নিবনুৱাৰ সংখ্যা জুন মাহলৈকে ৭.৮শতাংশ বৃদ্ধি পোৱা ঘটনাত উদ্বেগ প্ৰকাশ কৰাৰ লগতে শেহতীয়া বানত ৰাজ্যখনত লক্ষাধিক লোক গৃহহীন হোৱা, খেতি ক্ষতিগ্ৰস্ত হোৱা বুলি উল্লেখ কৰাৰ লগতে বান শিবিৰ সমূহত খাদ্য আৰু পানীৰ সঠিক যোগান হোৱা নাছিল বুলি কয়৷ ডিমা হাচাও জিলাত হোৱা প্ৰাকৃতিক দুৰ্যোগকে ধৰি ৰাজ্যৰ বানৰ দুৰ্যোগপূৰ্ণ সময়ত কেন্দ্ৰীয় চৰকাৰে কোনোধৰণৰ আৰ্থিক পেকেজ ঘোষণা নকৰাত ক্ষোভ প্ৰকাশ কৰা কংগ্ৰেছ দলৰ প্ৰতিবাদকাৰীসকলে ধৰ্ণা স্হলীৰ পৰা শোণিতপুৰৰ উপায়ুক্ত কাৰ্যালয়লৈ যাত্ৰা কৰে৷শান্তিপূৰ্ণ ভাবে কৰা এই প্ৰতিবাদৰ বিপৰীতে তেজপুৰৰ গণেশ ঘাটৰ তোৰণৰ সমীপত থকা উপায়ুক্ত কাৰ্যালয়ৰ নিৰাপত্তা বেৰিকেডত প্ৰতিবাদকাৰীসকলৰ পৰা উপায়ুক্তৰ হৈ তেজপুৰৰ ৰাজহ চক্ৰ বিষয়াই ৰাজ্যপাললৈ প্ৰতিবাদকাৰীসকলে প্ৰেৰণ কৰিবলৈ অনা স্মাৰকপত্ৰখন গ্ৰহণ কৰে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More