ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
শতাব্দ প্ৰতিনিধি,তেজপুৰ,১অক্টোবৰঃ শাৰদীয় দুৰ্গোৎসৱৰ বাবে এক আনন্দমুখৰ পৰিৱেশে বৰ্তমান বিৰাজ কৰিছে ৰাজ্যৰ লগতে তেজপুৰতো৷ ইতিমধ্যে পূজাৰ মণ্ডপত অধীষ্ঠিত হৈছে মহিষমৰ্দিনীৰ মৃন্ময় প্ৰতিমা৷ নানা ৰঙী বেলুন,পুতলা আৰু বিভিন্ন খাদ্য সম্ভাৰৰ বিপনীৰে ভৰি পৰিছে তেজপুৰৰ পথৰ দাঁতি তথা পদপথ সমূহ৷ শাৰদীয় দুৰ্গোৎসৱ বুলিলেই শিশু সকলৰ মন ভৰি পৰে দুগুণ উৎসাহ আৰু হৰ্ষৰে৷ পৰিৱেশ নতুবা পৰিস্হিতিৰ উৰ্দ্ধত শিশুসকল বুৰ যায় বেলুনৰ ৰং তথা সুহুৰিকে ধৰি পেঁপা, বাজনাৰ শব্দৰ মাজত৷ ইয়াৰ মাজতে তেজপুৰৰ এজন ষষ্ঠ শ্ৰেণীৰ ছাত্ৰই এইবাৰ নিজহাতে গঢ় দিয়া দুশভূজাৰ প্ৰতিমাৰে দুৰ্গতিনাশিনীৰ আৰাধনা কৰিবলৈ আগবাঢ়িছে৷ উল্লেখযোগ্য যে, শোণিতপুৰ শিশু বিকাশ বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ হৰ্ষজিত ভাৱালে নিজ হাতে গঢ়িছে দশভূজাৰ মৃন্ম প্ৰতিমা৷ তেজপুৰৰ ভৈৰৱ নগৰ তিলা নিবাসী চয়ন ভাৱাল আৰু জয়া ভাৱালৰ ১২বছৰীয়া পুত্ৰ হৰ্ষজিতে এইবাৰ মহিষাসুৰমৰ্দিনীৰ মৃন্ময় প্ৰতিমা নিজহাতে গঢ় দিয়াৰ বাবে পিতৃমাতৃৰ ওচৰত আগ্ৰহ প্ৰকাশ কৰি আহিছিল৷ ইয়াৰ বাবে প্ৰয়োজনীয় ৰং, তুলিকা আদিৰ বাবে কৈ অহা কিশোৰজনৰ আগ্ৰহৰ প্ৰতি সঁহাৰি জনাই পিতৃ-মাতৃয়ে প্ৰয়োজনীয় সেই সামগ্ৰীসমূহৰ যোগাৰ কৰি দিয়াৰ পাছতেই হৰ্ষজিতে আৰম্ভ কৰে সিংহবাহিনীৰ মৃন্ময় প্ৰতিমা গঢ় দিয়াৰ কাম৷পঢ়া শুনা আৰু ছয়মাহিলী পৰীক্ষাৰ মাজতে আহৰি সময়ত যোৱা তিনিমাহত এই মৃন্ময় প্ৰতিমা নিৰ্মাণ কৰে কিশোৰজনে৷ দেৱী দুৰ্গাৰ লগতে গণেশ, কাৰ্তিক, লক্ষ্মী, সৰস্বতী, সিংহ,মহিষাসুৰৰ মৃন্ময় প্ৰতিমা সাজি যোৱা চাৰিদিন পূৰ্বে ৰং বোলাই সম্পূৰ্ণ কৰাৰ পাছত আজি এই প্ৰতিভাশালী কিশোৰজনে চাকি, বন্তি জ্বলাই প্ৰায় ডেৰফুট উচ্চতাৰ এই প্ৰতিমা স্হানীয় ৰাজহুৱা পূজা মণ্ডপৰ বাবে আগবঢ়ায়৷ সম্প্ৰতি কিশোৰজনে নিজ হাতে গঢ়া এই প্ৰতিমা সকলোৰে বাবেই অন্যতম আকৰ্ষণ হৈ পৰিছে৷
পূৰ্বৱৰ্তী লেখা