তেজপুৰত চাউলৰ ক’লা বজাৰ

যোগান বিভাগৰ অভিযানত জব্দ ৬৫কুইন্টল চাউল

0 21
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৪আগষ্টঃ দৰিদ্ৰ জনসাধাৰণৰ বাবে আৱন্টিত চৰকাৰী চাউলৰ ক’লা ব্যৱসায় তেজপুৰৰ বিভিন্ন স্হানত চলি থকাৰ অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে কালি তেজপুৰৰ বেছেৰীয়া কটকী চুবুৰীত খাদ্য আৰু অসামৰিক যোগান বিভাগে চলোৱা এক অভিযানত ১৬৭বস্তা চাউল জব্দ কৰে৷ বিভাগীয় তথ্য অনুসৰি,কালি দিনৰ প্ৰায় তিনি বজাত বেছেকীয়া কটকী চুবুৰীত বিভাগীয় পৰিদৰ্শক নেকিবুৰ খানৰ নেতৃত্বত তোলেন্দ্ৰ বৰা নামৰ লোকজনৰ ঘৰত এই অভিযান চলে৷ অভিযানৰ কালত লোকজনৰ ঘৰৰ পৰা ২৫কিলোগ্ৰামৰ ১১টা, ১০কিলোগ্ৰামৰ ৪২টা চাউল ভৰ্তি বস্তা সহ মুঠ ৬৫কুইন্টল চাউল জব্দ কৰা হয়৷ উল্লেখযোগ্য যে পৰিমল চাউলৰ এই বস্তাসমূহ চৰকাৰী চাউল বুলি সন্দেহ ব্যক্ত কৰি ইয়াৰ নমুনা পৰীক্ষাৰ বাবে ভাৰতীয় খাদ্য নিগমলৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে৷ ঘটনা সন্দৰ্ভত এইপৰ্যন্ত কোনো লোককে গ্ৰেপ্তাৰ কৰা হোৱা নাই৷ উল্লেখযোগ্য যে,দীৰ্ঘদিনৰ পৰাই চাউলৰ ব্যৱসায় কৰি অহা বৰাই কালি জব্দকৃত চাউল ক’ৰপৰা সংগ্ৰহ কৰিছে সেয়া এইপৰ্যন্ত স্পষ্ট হোৱা নাই৷প্ৰনিধানযোগ্য যে,পৰিমল চাউল সাধাৰণতে চৰকাৰী হিতাধিকাৰীৰ বাবেই আৱন্টন দিয়া হয়৷ তদুপৰি বৰাৰ ঘৰৰ চৌহদৰে এটা গুদামৰ পৰা এই বৃহৎ পৰিমানৰ চাউল জব্দ হ’লেও তেওঁ আকৌ কোনো সুলভ মূল্যৰ সামগ্ৰীৰ এজেন্ট নহয়৷ এনে অৱস্থাত বৰাই এই চাউল তেওঁ কেনেদৰে সংগ্ৰহ কৰিবলৈ সক্ষম হ’ল সেয়া এক ৰহস্য৷ এই ঘটনাৰ উপযুক্ত তদন্ত হ’লে চাউলৰ ক’লা বজাৰখনৰে জড়িত থকা সকলৰ এক দীঘলীয়া তালিকা পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷ উল্লেখযোগ্য যে,শেহতীয়াকৈ আৰক্ষীৰ এক অভিযানত ডেকাৰগাঁৱতো এক সুলভ মূল্যৰ সামগ্ৰীৰ এজেণ্টৰ সহযোগত এজেন্ট গৰাকীৰ স্বামীয়ে সুলভ মূল্যৰ চাউলৰ এখন ক’লা বজাৰ চলাই থকাৰ ঘটনা পোহৰলৈ আহিছিল৷ তদুপৰি,ইয়াৰ পূৰ্বে পাঁচমাইলৰ এক এজেন্টৰ ঘৰৰ পৰাও এনে চাউল জব্দ কৰিছিল যোগান বিভাগে৷ ডেকাৰগাঁও আৰু পাঁচমাইলৰ দুয়োটা ঘটনাৰ তদন্তৰ দায়িত্ব আৰক্ষীৰ ওপৰতে থকাৰ বিপৰীতে দুয়োটা তদন্তই কিমানদূৰ আগবাঢ়িছে সেয়া জানিব পৰা হোৱা নাই৷ উল্লেখযোগ্য যে,শোণিতপুৰৰ চিলাবন্ধা সমবায় সমিতিৰ বিৰুদ্ধে থকা পূৰ্বৰ এক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া বৰ্তমান আদালতত আৰম্ভ হৈছে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More