তেজপুৰত চৰকাৰী চাউলৰ চোৰাং বজাৰ

চৰকাৰী গাঁওবুঢ়া সহ আটক সহযোগী

0 4
শতাব্দ প্ৰতিনিধি,তেজপুৰ,৯আগষ্টঃ তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী  ডেকাৰগাঁও গাঁৱৰ গাঁওবুঢ়া তথা কটকীচুবুৰী নিবাসী ৰঞ্জিত কটকীয়ে তেওঁৰ পত্নী পলি ডেকাৰ  নামত থকা সুলভ মূল্যৰ দোকানৰ  সুযোগ গ্ৰহণ কৰি দীৰ্ঘদিনে চলাই অহা চৰকাৰী চাউলৰ এক ৰমৰমীয়া বজাৰ বিৰুদ্ধে আজি আৰক্ষীয়ে এক অভিযান চলাই৷উল্লেখযোগ্য যে,আজি দিনৰ প্ৰায় দুই বজাত মহাভৈৰৱ আৰক্ষীয়ে চলোৱা এই অভিযানত মুঠ ২০বস্তা চাউল জব্দ কৰাৰ লগতে গাঁওবুঢ়া কটকী আৰু তেওঁৰ সহযোগী বিপুল দাসক কৰায়ত্ত কৰিছে৷আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি,প্ৰতিটো বস্তাতে থকা চাউলৰ পৰিমাণ আছিল ৫০কিলোগ্ৰাম আৰু সেই অনুসৰি মুঠ ১০কুইন্টল চাউল জব্দ কৰা হৈছে৷আৰক্ষীয়ে সদৰী কৰা অনুসৰি,চৰকাৰী চাউল পুণৰ মিলত বানি  চালি-জাৰি  পুণৰাই নতুন বস্তাত ভৰাই বজাৰত বিক্ৰী  কৰিছিল কটকীয়ে৷ অভিযোগ অনুসৰি, তেওঁ স্হানীয় একাংশ ব্যৱসায়ীক এই চাউল যোগান ধৰাৰ উপৰিও চুবুৰীয়া ৰাজ্য অৰুণাচললৈ প্ৰেৰণ কৰিছিল৷চৰকাৰী চাউলৰ এই ক’লা বজাৰ দীৰ্ঘদিনে  চলাই অহাৰ এই অভিযোগ শেহতীয়াকৈ লাভ কৰে শোণিপুৰৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্বশৰ্মাই৷এনে অৱস্থাত আৰক্ষী অধীক্ষকৰ নিৰ্দেশত আজি মহাভৈৰৱ আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে৷আৰক্ষীয়ে কৌশল গ্ৰহণ কৰি এজন ব্যক্তিক গ্ৰাহকৰ ভেষত চাউল ক্ৰয়ৰ বাবে প্ৰেৰণ কৰে আৰু লোকজনে চাউল ক্ৰয় কৰাৰ সময়তে  গাঁওবুঢ়া কটকীক আৰক্ষীয়ে আটক কৰে৷এই সময়ত কটকীৰ সহযোগী হিচাপে থকা ডেকাৰগাঁও অঞ্চলৰে বিপুল দাস নামৰ আন এজন লোককো আটক কৰিবলৈ সক্ষম হয়৷ইপিনে আৰক্ষীয়ে কৰায়ত্ত কৰাৰ সময়ত গাঁওবুঢ়া কটকীয়ে বিষয়টো গাপ দি আৰক্ষীকো মেনেজ কৰাৰ চেষ্টা চলাইছিল য’দিও সেয়া সম্ভৱ নহ’ল৷ সম্প্ৰতি মহাভৈৰৱ আৰক্ষী চকীত আটকাধীন চৰকাৰী গাঁওবুঢ়া কটকী আৰু  সহযোগী দাসক আৰক্ষীয়ে জেৰা চলাই আছে৷ইপিনে হাতেলোঁতে ধৰা পৰা সত্বেও চাউলৰ বিষয়ে কোনো কথাই নাজানে বুলি সংবাদমাধ্যমৰ আগত দাবী কৰিছে ধৃত গাঁওবুঢ়া কটকীৰ লগতে সহযোগী  দাসে৷প্ৰকৃত হিতাধিকাৰীক নিৰ্দিষ্ট পৰিমানতকৈ কম পৰিমানৰ চাউল দি এই ক’লা ব্যৱসায় চলাই যোৱা সুলভ মূল্যৰ দোকান তথা চৰকাৰী গাঁও বুঢ়াৰ ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰা হয় সেয়া আৰক্ষীৰ তদন্তৰ ওপৰতে নিৰ্ভৰ কৰিছে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More