তেজপুৰত ছাত্ৰীক আক্ৰমণঃ চাৰিজনক আটক

0 42

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৮আগষ্টঃ তেজপুৰ ঘৰপৰা চুবুৰীত কালি সন্ধিয়া দৰং মহাবিদ্যালয়ৰ ছাত্ৰী এগৰাকীক আক্ৰমণৰ ঘটনাৰে জড়িত থকাৰ সন্দেহত চাৰিজন ছাত্ৰক আটক কৰিছে তেজপুৰ আৰক্ষীয়ে৷ উল্লেখযোগ্য যে যোৱানিশাই চাৰিওজনকে আৰক্ষীয়ে সোধপোছৰ বাবে আটক কৰিছে যদিও এইপৰ্যন্ত মূল অভিযুক্তক চিনাক্ত কৰিবলৈ বাকী আছে৷ আজি আৰক্ষীৰ উচ্চপদস্থ সূত্ৰই প্ৰকাশ কৰা অনুসৰি,আটাইকেইজনেই আন শিক্ষানুষ্ঠানৰ ছাত্ৰ৷ উল্লেখযোগ্য যে বেদেতীৰ পৰা আহি দৰং মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰী গৰাকীৰ ভাৰাঘৰৰ পৰা নাতিদূৰৈতে সংঘটিত হৈছিল চোকা অস্ত্ৰৰে আক্ৰমণৰ এই ঘটনাটো৷ সম্প্ৰতি মূল অভিযুক্তক কৰায়ত্ত কৰিবলৈ আৰক্ষীৰ অভিযান অব্যাহত আছে যদিও আটকাধীন চাৰি ছাত্ৰৰ নাম প্ৰকাশ কৰা নাই আৰক্ষীয়ে৷ ঘটনা সন্দৰ্ভত শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰিমা দাসে ঘটনাৰ তদন্ত ক্ষীপ্ৰতাৰে চলাৰ বিষয়ে সদৰি কৰিলেও দৰং মহাবিদ্যালয়ৰ ছাত্ৰী গৰাকীক আক্ৰমণৰ জঘন্য ঘটনাটোৰ কাৰণ এই পৰ্যন্ত নিশ্চিত কৰা নাই৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More