তেজপুৰত জব্দ ২১টা গৰু সহ দুখন বাহন

0 23

শতাব্দ প্ৰতিনিধি, তেজপুৰ,২১মে’: তেজপুৰৰ গৰৈমাৰীত যোৱা নিশা অবৈধভাবে সৰবৰাহ কৰা মুঠ ২১টা গৰু স্থানীয় লোকৰ খবৰৰ ভিত্তিত শালনীবাৰী আৰক্ষীয়ে জব্দ কৰাৰ লগতে মুঠ চাৰিজনক কৰায়ত্ত কৰিছে।উল্লেখযোগ্য যে,শোণিতপুৰৰ ইটাখোলা বজাৰৰ পৰা এখন নম্বৰ প্লেটবিহীন আৰু এখন এ এছ ১২ ই ৮৫০৮ নম্বৰ বাহনত এটা পোৱালী সহ মুঠ ২১টা গৰু উপযুক্ত নথিপত্ৰ অবিহনেই ঠেলামৰালৈ কঢ়িয়াই অনা হৈছিল। আৰক্ষীৰ চকুত ধূলি দি ভিতৰুৱা পথৰেই গন্তব্যস্থানলৈ কঢ়িয়াই নিয়াৰ উদ্দেশ্যে গৰৈমাৰীৰ এছএছবি প্ৰশিক্ষণ শিবিৰৰ সন্মুখৰ পথৰে বাহন দুখনত গৰু সৰবৰাহ কৰা দেখি স্থানীয় লোকৰ খবৰৰ ভিত্তিত শালনীবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গৰু সহ বাহন দুখন জব্দ কৰি আৰক্ষী চকীলৈ আনে।এই ঘটনাৰে জৰিত তেজপুৰ বৰঘাটৰ ইৰাজুল ইছলাম আৰু নুৰ ইছলাম, মিছামাৰী কলাকুছিৰ মজিৰুল ইছলাম মজুমদাৰ আৰু ঠেলামৰা গৰুডোবাৰ আব্দুল মমিনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে,দুদিনপূৰ্বেও একে স্থানতে চতিয়াৰ পৰা একেদৰে ১০টা গৰু কঢ়িয়াই অনা অৱস্থাত স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More