তেজপুৰত জলজীৱানৰ দিল্লীৰ ৰাষ্ট্ৰীয় দল উপস্থিত 

0 17
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৮ডিচেম্বৰঃ শোণিতপুৰ জিলাৰ ৰঙাপৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত ছাৰি খনকৈ গাঁৱত আজি জলজীৱান আছনি ৰূপায়ন অথা সজাগতাৰ বিভিন্ন দিশ পৰিদৰ্শন কৰে ৰাষ্ট্ৰীয় দল এটাই। আজি পুৱাই  জগদীশ সিং চিব আৰু  জি এছ ওজা ৰাষ্ট্ৰীয় খোৱা পানী অনাময় আৰু স্বচ্ছতাৰ বিশেষজ্ঞ (জল সকতি মন্ত্ৰালয়) নতুন দিল্লীৰ দলটোৱে  শোণিতপুৰ জিলাৰ ব্লক ৰঙাপাৰাৰ দুৰ্ৰুং, বৰজুলি, ৰঙাপাৰা, নাহাৰাণী গাওঁ পৰিদৰ্শন কৰে য’ত জেজেএম আঁচনি চলি আছে। তেওঁলোকৰ ভ্ৰমণৰ সময়ত তেজপুৰ সংমণ্ডলৰ কায্যবাহী  অভিযন্ত্ৰা আৰু সহকাৰী কায্যবহী অভিযন্ত্ৰা দুয়োজন ৰাষ্ট্ৰীয় ধোৱা বিশেষজ্ঞই স্থানীয় লোকসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু পানীৰ মানদণ্ডৰ বিষয়ে তেওঁলোকক অৱগত কৰে।লগতে  আঁচনিৰ খনৰ অন্যান্য ইস্পেক্ট যেনে অভাৰ হেড টেংক, পানী শোধনৰ পৰিশোধন প্ৰণালী, সঠিক সমৰ্থনৰ সৈতে হাউচ হোল্ড টেপ, ডিপিআৰ অনুসৰি বিতৰণ প্ৰণালী সমুহ নিৰীক্ষণ কৰাৰ লগতে জিলাখনৰ বিভিন্ন স্হানত ছলি থকা আঁছনি সমুহ নিৰীক্ষণ কৰিব বুলি জানিব পৰা গৈছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More