তেজপুৰত নৱপ্ৰজন্মৰ বায়ন গায়ন জোৰালৈ ৰাজহুৱা স্বীকৃতি

 বৈকুণ্ঠপুৰীত পৰিণত বৰপাটগাঁও

0 43

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৫জুলাইঃ তেজপুৰ চহৰৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ দূৰত্বৰ বৰপাট গাঁৱত অগ্ৰজ আৰু নৱপ্ৰজন্মৰ সন্মিলিত প্ৰচেষ্টাত উজ্জীৱিত হ’ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অময়া সৃষ্টি৷যোৱা নিশা বৰপাটগাঁৱত দেখা গ’ল ভক্তিৰসৰে ভৰা এক অনন্য পৰিৱেশ৷উল্লেখযোগ্য যে,বৰপাটগাঁও উন্নয়ন সমিতিৰ উদ্যোগত তথা ৰাইজৰ সহযোগত আৰু তেজপুৰৰ এগৰাকী বিশিষ্ট সাংস্কৃতিক কৰ্মী,বায়ন প্ৰশান্ত কুমাৰ বৰাৰ প্ৰশিক্ষণৰ অন্তত বৰপাটগাঁৱৰ ৰাইজে লাভ কৰিলে তিনিজনকৈ নৱপ্ৰজন্মৰ বায়ন, এজন গায়ন আৰু জোৰাৰ দল৷ উল্লেখযোগ্য যে,প্ৰায় দুবছৰ পূৰ্বেই বায়ন প্ৰশান্ত কুমাৰ বৰাই বৰপাটগাঁৱৰ ১৮জন ন শিকাৰুক লৈ আৰম্ভ কৰিছিল এই প্ৰশিক্ষণ৷১৯৯৫-৯৬ত বায়ন হিচাপে স্বীকৃতি লাভ কৰা বৰা এগৰাকী অভিজ্ঞ ভাওনা শিল্পী হোৱাৰ উপৰি এগৰাকী বলিষ্ঠ অভিনেতা তথা সাংস্কৃতিক সংগঠক হিচাপেও সুপৰিচিত৷ ক’ভিদকালীন পৰিস্থিতিৰ মাজত বৰপাটগাঁৱৰ এই প্ৰশিক্ষণ কিছুদিন বিৰতিৰ পাছত পুনৰ ধাৰাবাহিক আৰু যতিহীন ভাবে চলাই যোৱা প্ৰশিক্ষণৰ অন্তত যোৱা নিশা নিয়ম নীতিৰ মাজেৰে বায়ন গায়ন সকলৰ লগতে জোৰা দলটোক আনুষ্ঠানিক ভাবে স্বীকৃতি প্ৰদান কৰা হয়৷ পৰম্পৰাগত নীতি অনুযায়ী নৱপ্ৰজন্মৰ সত্যজিৎ শইকীয়াক মূল বায়ন, পাপু ডেকাক দোহাৰ বায়ন আৰু স্বাগতম ডেকাক পালি বায়ন স্বৰূপে বিজ্ঞ মহলে মালা পৰিধান কৰোৱাৰ উপৰিও গাঁওখনৰ এগৰাকী জ্যেষ্ঠ ফণীধৰ শইকীয়াক গায়ন স্বৰূপে সত্ৰীয়া তথা উপস্থিত বিশিষ্ট ব্যক্তি সকলে শিৰত মাল্যাৰ্পণ আৰু নিৰ্মালিৰে বায়ন আৰু গায়নৰ ৰাজহুৱা স্বীকৃতি প্ৰদান কৰে৷এই বিশেষ অনুষ্ঠানত শ্ৰীশ্ৰীবৰালিমৰা সত্ৰৰ ডেকা সত্ৰাধিকাৰ শোভন মহন্ত, শ্ৰীশ্ৰীবালিপুখুৰী সত্ৰৰ ডেকা সত্ৰাধিকাৰদ্বয় দ্বিপেন মহন্ত আৰু মুন মহন্ত, শ্ৰীশ্ৰীনিকামূল সত্ৰৰ ডেকা সত্ৰাধিকাৰ বেদব্ৰত গোস্বামী, শ্ৰীশ্ৰীচিপহা সত্ৰৰ ডেকা সত্ৰাধিকাৰ কৰুণা গোস্বামী, বিহগুৰি কলিতা গাঁৱৰ চিপহা সত্ৰৰ গায়ন তথা নাম লগোৱা আতৈ ভদ্ৰেশ্বৰ বৰা, সত্ৰ পৰিচালনা সমিতিৰ সভাপতি ইন্দুকল্প হাজৰিকা,মাজগাঁও ১৪ চুবুৰীৰ বায়ন তথা গায়ন মোহিনী বৰুৱা,বেজৰচুবুৰী দ-পৰ্বতীয়াৰ বায়ন বিনয় বৰা, বৃহত্তৰ ডেকাৰগাঁও আঞ্চলিক খোলৰ জোৰাৰ সভাপতি ড° নয়নজ্যোতি বৰা, ডেকাৰগাঁও শইকীয়া চুবুৰীৰ বায়ন শৈলেন্দ্ৰ শইকীয়া, ঘোঁৰামাৰীৰ নৱগঠিত জোৰাৰ বায়ন আৰু গায়ন, শইকীয়া চুবুৰীৰ গায়ন তোলন চন্দ্ৰ ভূঞা,বামপৰ্বতীয়া পহুমৰা চুবুৰিৰ বায়ন মনোজ শইকীয়া, হজৰাপাৰৰ গায়ন যাদব বৰা, গৰৈমাৰীৰ সত্ৰীয়া সংস্কৃতিৰ সাধক দীপক শইকীয়া, গুণধৰ দাস, বেছেৰীয়াৰ সত্ৰীয়া সংস্কৃতি উত্তৰণৰ শুভচিন্তক তথা কৰ্মী যতীন্দ্ৰনাথ শইকীয়া,শইকীয়া চুবুৰী গাঁও উন্নয়ন সমিতিৰ সম্পাদক ইন্দ্ৰেশ্বৰ শইকীয়া আদি সকল উপস্থিত আছিল৷ আমন্ত্ৰিত এই বিশিষ্ট ব্যক্তি সকলক ৰাইজে সম্বৰ্ধনা জনোৱাৰ লগতে এককভাবে প্ৰশিক্ষণ দিয়া বায়ন প্ৰশান্ত কুমাৰ বৰাকো ৰাইজে বিশেষভাবে সন্মানিত কৰে৷ প্ৰশিক্ষক গৰাকীয়ে আয়োজক, ৰাইজৰ আৰু প্ৰশিক্ষাৰ্থীসকলৰ অভিভাৱকসকলৰ এনে প্ৰয়াসৰ শলাগলৈ আৱেগিক হৈ কয় যে,কেৱল কথাৰেই নহয় নিজা সংস্কৃতি আৰু পৰম্পৰা ৰক্ষা কৰিবলৈ হ’লে নিজেই হাতেকামে কৰিব লাগিব৷ উল্লেখযোগ্য যে প্ৰশিক্ষিত গায়ন বায়ন সকলৰ লগতে জোৰা দলটোৰ সকলো অধ্যয়নৰত আৰু ইতিমধ্যেই এইসকলে শৈক্ষিক ক্ষেত্ৰখনতো মেধাৰ পৰিচয় দিবলৈ সক্ষম হৈছে৷ উল্লেখযোগ্য যে,এই বিশেষ কাৰ্যসূচীৰে সংগতি ৰাখি ৰাইজে ভাওনাৰো আয়োজন কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More