তেজপুৰত পঞ্চায়ত আঁচনিৰ বিপৰীতে কমিছনৰাজকলৈ ক্ষুব্ধ বিজেপি কৰ্মী

0 12

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৫জুলাইঃ তেজপুৰৰ হলেশ্বৰ গাঁও পঞ্চায়তৰ অধীনস্হ অঞ্চলত সংঘটিত অনিয়মক কেন্দ্ৰ কৰি বিজেপি দলৰে একাংশ সক্ৰিয় কৰ্মী অতিশয় ক্ষুন্ন হৈ পৰাৰ লগতে বিষয়টো দলৰ মজিয়াতো উত্থাপন কৰিছে৷ একেদৰে গাভৰু উন্নয়ন খণ্ডৰ পঞ্চায়ততো বিভিন্ন অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছে৷ উল্লেখযোগ্য যে,বালিপৰা উন্নয়ন খণ্ড অধীনষ্ঠ হলেশ্বৰ গাঁও পঞ্চায়তত সম্প্ৰতি একাংশই কমিছনৰাজ চলোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷চৰকাৰী গৃহ প্ৰদানৰ বিপৰীতে দৰিদ্ৰ হিতাধিকাৰীৰ পৰা ২০হেজাৰ টকাকৈ দাবী কৰাৰ উপৰিও পঞ্চায়তখনৰ অধীনত ৰূপায়িত বিভিন্ন আঁচনিৰ বাবে প্ৰয়োজন হোৱা লোহাৰ সামগ্ৰীকে ধৰি শিল,বালি আদি পঞ্চায়তখনৰে জড়িত লোকৰ দোকানৰ পৰা ক্ৰয় কৰাটো একপ্ৰকাৰ বাধ্যতামূলক কৰাৰো অভিযোগ উঠিছে৷আনহাতে ইয়াৰ পৰা এনে সামগ্ৰী ক্ৰয় কৰাৰ সময়ত আনতকৈ অধিক মূল্য ভৰিব লগীয়া হয় বুলি সম্প্ৰতি বিজেপিৰে কৰ্মীয়ে অভিযোগ কৰাৰ লগতে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰতো ধন দাবী কৰা বুলি গুৰুতৰ অভিযোগ উঠিছে৷উল্লেখযোগ্য যে,অৰুণোদয় আঁচনিৰ বিপৰীতে হলেশ্বৰ গাঁও পঞ্চায়ত এলেকাত একাংশই এহেজাৰ টকালৈকে হিতাধিকাৰীৰ পৰা দাবী কৰা বুলি অভিযোগ উত্থাপন কৰাৰ উপৰি পঞ্চায়তখনৰ অধীনত ৰূপায়িত চতুৰ্দশ আৰু পঞ্চদশ বিত্তীয় শিতানৰ আঁচনিৰ কামৰ বিপৰীতে এটা চক্ৰই পাঁচ শতাংশ কমিছন দাবী কৰা বুলি ক্ষুব্ধ বিজেপি সদস্যই অভিযোগ কৰি এনেবোৰ অপকাণ্ডই দলটোক যথেষ্ট ক্ষতি কৰাৰ লগতে বিজেপিৰ বহু নিষ্ঠাবান আৰু সক্ৰিয় কৰ্মী ক্ষুব্ধ হৈ পৰা বুলি জিলা বিজেপিৰ বিষয়ববীয়াক অৱগত কৰিছে৷উল্লেখযোগ্য যে,চৰকাৰী গৃহ প্ৰদানৰ নামত তেজপুৰত বিভিন্ন স্হানত একাংশই ধন সংগ্ৰহত নামি পৰাই নহয় এই চক্ৰটোক ধন আদায় নিদিলে গৃহ লাভ কৰা হিতাধিকাৰীৰ একাউন্টত সহজে ধন নোসোমাই বুলি অভিযোগ উঠিছে৷তেজপুৰৰ নপাম,ভোজখোৱা,পাঁচমাইল, ভোমোৰাগুৰি আদিত এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগৰ লগতে একাংশ লোকে কয় যে,একাংশ অশিক্ষিত মধ্যভোগীকো এচাম কৰ্তৃত্বশীল লোকে এই ভিতৰুৱা অঞ্চল সমূহত নিয়োগ কৰিছে ধন সংগ্ৰহৰ বাবে আৰু পৰিণতিত পঞ্চায়ত বা প্ৰশাসনৰে কোনো সম্পৰ্ক নথকা এনে দালাল এইবোৰ অঞ্চলত চৰকাৰী গৃহ আৱন্টনৰ ক্ষেত্ৰত উঠিৰজা বহিৰজা হৈ পৰিছে৷ইপিনে তেজপুৰৰ ঊষাপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত অঞ্চলতো আঁচনি ৰূপায়নৰ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ বিষয়ে গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে৷গাভৰু উন্নয়ন খণ্ড অধীনষ্ঠ এই একাংশ পঞ্চায়তৰ অধীনত ৰূপায়িত আঁচনিৰ বিপৰীতে জিএছটি বিলৰ ক্ষেত্ৰতো এক বৃহৎ দুৰ্নীতি সংঘটিত হোৱা বুলি অভিযোগ উঠিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More