তেজপুৰত পঞ্জাৱ নেছনেল বেংকৰ যুৱতী কৰ্মচাৰীক হত্যা

পলাতক অভিযুক্ত প্ৰেমিকঃগ্ৰেপ্তাৰ অবৈধ সম্পৰ্ক থকা একেটা বেংকৰ কৰ্মচাৰী

0 52

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৬এপ্ৰিলঃ তেজপুৰৰ ঊষানগৰ অঞ্চলৰ এটা ঘৰত ভাড়াতীয়া হিচাপে থকা তথা পঞ্জাৱ নেছনেল বেংকৰ এগৰাকী যুৱতী কৰ্মচাৰী মনিষা বড়োৰ হত্যাকাণ্ডৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ লগতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷উল্লেখযোগ্য যে,১৪এপ্ৰিলৰ নিশা প্ৰায় ১২বজাত যুৱতী গৰাকীক প্ৰেমিক দেৱাশীষ কৰে হত্যা কৰা বুলি অভিযোগ উঠাৰ বিপৰীতে নিশা যুৱতীগৰাকীৰ ভাড়াঘৰৰ কোঠাত দেৱাশীষৰ আক্ৰমণৰ প্ৰথম লক্ষ্য হোৱা একেটা বেংকৰে কৰ্মচাৰী ৰিচাৰ্ড দলেক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে৷উল্লেখযোগ্য যে,জোনাইৰ প্ৰকৃত নিবাসী দলে তেজপুৰৰ ৰত্নপুৰৰ শহুৰেকৰ ঘৰতে থাকে আৰু নিহত মনিষাৰ স’তে দলেৰ অবৈধ সম্পৰ্ক আছিল বুলি দলেই সংবাদমাধ্যমৰ আগত স্বীকাৰ কৰিছে৷উল্লেখযোগ্য যে,শোণিতপুৰৰ বৰছলা সমষ্টিৰ বড়োচাপৰি গাঁৱৰ এটা আৰ্থিকভাৱে দৰিদ্ৰ পৰিয়ালৰ যুৱতী মনিষাই প্ৰায় দুবছৰ পূৰ্বে পঞ্জাৱ নেছনেল বেংকৰ কৰ্মচাৰী হিচাপে যোগদান কৰিছিল আৰু ঊষানগৰৰ ভাড়াঘৰটোত থাকিবলৈ লৈছিল৷তেওঁৰ স’তে ভনীয়েকো একেলগে থাকি তেজপুৰতে পঢ়িছিল৷ঘটনাৰ দুদিন পূৰ্বৰে পৰা মনিষাৰ মাকো দুই জীয়ৰীৰ স’তে ইয়াতে আছিল য’দিও বিহু উপলক্ষে ভনীয়েক আৰু মাক ঘটনাৰ দিনা ঘৰলৈ আহিছিল আৰু অকলশৰে তেজপুৰতে থকা মনিষা পিছদিনা পুৱা নিজ ঘৰলৈ অহাৰ কথা আছিল৷ইপিনে,ঠেলামৰাৰ মনীষ কৰৰ স’তে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠাৰ বিপৰীতে একেটা বেংকতে কৰ্মৰত ৰিছাৰ্ড দলেৰ স’তেও অবৈধ সম্পৰ্ক গঢ়ি উঠিছিল৷১৪এপ্ৰিলৰ নিশা মনিষা অকলশৰে থকাত বিবাহিত তথা এটা সন্তানৰ পিতৃ দলে মনিষাৰ ভাড়াঘৰ পাইগৈ আৰু নিশা প্ৰায় ১২বজাত দুয়ো অসংযত অৱস্থাতে থকাৰ সময়তে মনিষাৰ প্ৰেমিক দেৱাশীষো ভাড়াঘৰটোত প্ৰৱেশ কৰে৷দেৱাশীষে এনে পৰিস্থিতিত উগ্ৰমূৰ্তি ধাৰণ কৰি টেবুলত থকা এটা গিলাচৰে ৰিচাৰ্ড দলেৰ মূৰত প্ৰহাৰ কৰে আৰু সেই প্ৰহাৰত দলেৰ মূৰ সামান্য পৰিমানে ফাটি যায়৷ইপিনে পৰিস্থিতি বিষম দেখি আৰু হুলস্থূলত কাষৰ লোক ওলাই আহিলে অবৈধ সম্পৰ্কৰ বিষয়ে সকলো ফাদিল হোৱাৰ ভয়ত দলেই সুযোগ বুজি তাৰ পৰা পলায়ন কৰে আৰু ৰত্নপুৰৰ ঘৰ পাইহি৷তাৰ পিছত মনিষাৰ লগত দেৱাশীষে কি কৰিলে সেই বিষয়ে অজ্ঞতা প্ৰকাশ কৰা দলেই এই সকলো কথা প্ৰকাশ কৰি লগতে কয় যে,নিশা প্ৰায় ১২-৩০ বজাত তেওঁক এজন সহকৰ্মীয়ে মনিষাক হত্যা কৰাৰ বিষয়ে ফোনযোগে জনাই আৰু তেতিয়া দলে পুণৰ ঘটনাস্থলীত উপস্থিত হয়গৈ আৰু পাছত তেওঁক আৰক্ষীয়ে কৰায়ত্ত কৰে৷তদন্তকাৰী আৰক্ষীৰ প্ৰাথমিক জেৰাতে সকলো কথা পোহৰলৈ আহে আৰু দলেক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে মনিষাৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে৷ইপিনে এই লোমহৰ্ষক হত্যাকাণ্ডটোত মূল অভিযুক্ত দেৱাশীষৰ লগতে আৰু দুই তিনিজন লোক জড়িত থকাৰ সন্দেহ কৰিছে তদন্তকাৰী আৰক্ষীয়ে৷ইতিমধ্যেই এই হত্যাকাণ্ডৰ চিআইডিয়ে তদন্ত আৰম্ভ কৰিছে আৰু গ্ৰেপ্তাৰ হোৱা দলেৰ ডি এন এ পৰীক্ষাৰ ব্যৱস্থা কৰিছে৷আনহাতে,অভিযুক্ত হত্যাকাৰী দেৱাশীষ বৰ্তমান পলাতক অৱস্থাত আছে আৰু আৰক্ষীয়ে সন্ধান অব্যাহত ৰাখিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More