তেজপুৰত পথৰ মাজত প্ৰকাণ্ড গাঁতঃ বহুকেইটা দুৰ্ঘটনা সংঘটিত

0 18

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৫জুনঃ তেজপুৰৰ নগৰে চহৰে ভগ্নাৱশেষৰ দৰে জৰাজীৰ্ণ পথবোৰ বৰ্তমানেও পূৰ্বৰ দৰেই আছে৷উল্লেখযোগ্য যে,তেজপুৰৰ ১৫নম্বৰ ৰাষ্ট্ৰীয় পথৰ ন আলি মূৰৰ পৰা ঘগৰা সংযোগী গড়কাপ্তানি পথটোৰ মাজত প্ৰকাণ্ড গাঁত বৰ্তমানেও বিদ্যমান৷উল্লেখযোগ্য যে,এই গাঁতৰ বাবেই পথটোত একাধিক দুৰ্ঘটনা সংঘটিত হোৱা সত্বেও এইপৰ্যন্ত গাঁতটো পোতা নহ’ল৷সম্প্ৰতি নাৰিকলৰ শুকানপাত ভৰাই পথচাৰীক গাঁতটোৰ ক্ষেত্ৰত সাৱধান কৰা হৈছে৷ তদুপৰি তেজপুৰৰ পৰোৱাৰ পৰা নপাম সংযোগী গুৰুত্বপূৰ্ণ পথটোৰে পৰমাইঘূলি তথা লিচুবাগিচাৰ সমীপৰ পৰা অতি বিপদজনক ভাবে একাধিক স্হানত জৰাজীৰ্ণ হৈ পৰিছে৷তেজপুৰ বিশ্ববিদ্যালয়,কেন্দ্ৰীয় বিদ্যালয়, প্ৰসুতি আৰু শিশু চিকিৎসালয় তথা কৃষি বিজ্ঞান কেন্দ্ৰ,ভাৰতীয় পৰিসংখ্যা প্ৰতিস্হান আদিৰ দৰে গুৰুত্বপূৰ্ণ অনুষ্ঠান সমূহলৈ যাতায়াতৰ ক্ষেত্ৰত অতিশয় গুৰুত্বপূৰ্ণ এই পথৰে অসংখ্য যানবাহনৰ লগতে ট্ৰাক,ডাম্পাৰ আদিৰ সঘন চলাচল হয়৷কিন্তু যোৱা দীৰ্ঘদিনৰ পৰাই বিপদজনকভাবে ঠায়ে ঠায়ে জহিখহি যোৱা পথটোৰ মেৰামতি কৰা হোৱা নাই৷ইপিনে ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ সমপতো পথৰ ভয়ংকৰ অৱস্থা৷শোণিতপুৰ জিলা পৰিষদৰ কাৰ্যবাহী বিষয়াৰ কাৰ্যালয়ৰ সন্মুখৰ এই পথটো ইমানদিনে ধ্বংসস্তুপৰ দৰে হৈ থকা সত্বেও সামান্য মেৰামতিৰো ব্যৱস্থা নহ’ল৷উল্লেখযোগ্য যে,গাৰোৱানপট্টী অঞ্চলৰ পথৰ বিধ্বস্ত অৱস্থাই ৰাইজক নিতৌ জলাকলা খুউৱাৰ বিপৰীতে চাৰিদিন পূৰ্বে ঠায়েঠায়ে কিছু শিলৰ গুৰা ছটিয়াই দিয়া হৈছিল য’দিও পিছমুহূৰ্ততে সেয়া বৰষুণত উটি গ’ল৷একেদৰেই তেজপুৰৰ বহুসংখ্যক নলা বৰ্তমানেও উন্মুক্ত অৱস্থাতে আছে৷ৰাজ্যত পথৰ দুৰৱস্থাৰ বাবে সংঘটিত একাধিক দুৰ্ঘটনাত প্ৰাণহানী হোৱাৰ পাছত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে পথৰ বিধস্ত অৱস্থাকলৈ উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে তেনে পথৰ তৎক্ষাণিক মেৰামতিৰ নিৰ্দেশ দিয়াৰ পাছত সৰ্বসাধাৰণৰ মনত কিছু আশাৰ সঞ্চাৰ হৈছিল য’দিও বৰ্তমান সেয়া ফুটুকাৰ ফেনত পৰিণত হৈছে তেজপুৰত৷উল্লেখযোগ্য যে,তেজপুৰৰ নৱপুৰ নিকামূল সংযোগী পথৰ লগতে,হলেশ্বৰ,বেছেৰীয়া,পৰ্বতীয়া আদিৰ বহুসংখ্যক পথৰ অৱস্থা তথৈবচ আৰু ইয়াৰ বাবে একাধিক অঞ্চলত ৰাইজে প্ৰতিবাদো সাব্যস্ত কৰিবলগীয়া হৈছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More