তেজপুৰত পথ দুৰ্ঘটনাঃ হতাহত চাৰি

0 6
শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,১৭ডিচেম্বৰঃ ত‍েজপুৰ চহৰৰ নিকটৱৰ্ত্তী ভোমোৰাগুৰিৰ সমীপৰ কছাৰীপামত আজি বিয়লি প্ৰায় তিনিবজাত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত মুঠ চাৰিজন লোক হতাহত হয়৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি এএছ১২চিচি ১০৯২ নম্বৰ বাহনখনে এখন ইৰিক্সা মহটিয়াই নিয়াত ইৰিক্সাখনৰ চালক সহ চাৰিজন লোক গুৰুতৰ ভাবে আহত হয়৷পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ লগতে আহত সকলক তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ নিয়া হয় য’দিও ইতিমধ্যে কৰৈয়নি বঙালী গাঁৱৰ আবু আৰু ভোজখোৱাৰ ছহিদুল ইছলামৰ মৃত্যু ঘটে৷এই ঘটনাৰ পাছতে ক্ষুব্ধ একাংশ লোকে পথ অৱৰোধ কৰে য’দিও আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More