ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৭ ছেপ্টেম্বৰঃ ইতিহাসৰ সমলৰে ভৰপুৰ তেজপুৰ৷ এই ইতিহাসে মহিয়ান কৰি ৰখা তেজপুৰতেই আছে বৃহৎ শিৱলিঙ্গ মহাভৈৰৱ মন্দিৰত৷ এই মন্তব্য প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ অধ্যক্ষ বিৱেক দেৱৰয়ৰ৷ কাজিৰঙা অনুষ্ঠিত হোৱা চিন্তন বৈঠকত অংশ লোৱাৰ পিছতে আজি তেজপুৰ মহাভৈৰৱ মন্দিৰ দৰ্শন কৰে অধ্যক্ষ গৰাকীয়ে৷ মহাভৈৰৱ মন্দিৰৰ শিৱলিঙ্গ এছিয়াৰ ভিতৰত সৰ্ববৃহৎ হয়নে নহয় সেই বিষয়ে বিশেষ উল্লেখ নকৰি বাৰানসী আৰু ভূপালতো বৃহৎ শিৱলিঙ্গৰ শিৱমন্দিৰ থকা বুলি উল্লেখ কৰে তেও৷ ভাৰতৰ অৰ্থনৈতিক অৱস্থা বা অৰ্থনীতিক আৰু শক্তিশালী কৰাৰ বাবে কিবা ব্যৱস্থাৰ বাবে পৰামর্শ দিয়া হৈছে নেকি সেই সম্পৰ্কত মৌনব্ৰত ৰখা বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা সমিতিৰ অধ্যক্ষ গৰাকীয়ে৷ অধ্যক্ষ গৰাকীক শোণিতপুৰ জাৰ্নেলিস্ট ইউনিয়নৰ তৰফৰ পৰা গামোচা পিন্ধাই আদৰণি জনোৱা হয়৷ ইয়াৰ পিছতেই অধ্যক্ষ গৰাকী অৰুণাচল প্ৰদেশলৈ এক বিশেষ কার্যসূচীৰ বাবে ৰাওনা হয়৷
পূৰ্বৱৰ্তী লেখা
পৰৱৰ্তী লেখা