তেজপুৰত বনৰীয়া গাহৰিৰ বাবে পতা বৈদ্যুতিক ফান্দত বিদ্যুৎস্পৃষ্ট হৈ পোহনীয়া ম’হ আৰু ষাড় নিহত

0 57

শতাব্দ প্ৰতিনিধি,তেজপুৰ, ২৪ নৱেম্বৰঃ তেজপুৰত বনৰীয়া গাহৰিৰ উপদ্ৰৱৰ বিপৰীতে বনৰীয়া গাহৰিৰ বাবে পতা বৈদ্যুতিক ফান্দত লাগি দুটাকৈ পোহনীয়া ম’হ আৰু এটা ষাড় নিহত হোৱাৰ এক শোকাবহ ঘটনা সংঘটিত হৈছে৷ উল্লেখযোগ্য যে,তেজপুৰৰ বেছেৰীয়া আলিপাৰত দীৰ্ঘদিনৰ পৰাই বনৰীয়া গাহৰিয়ে উপদ্ৰৱ চলাই আহিছে৷ বৰ্তমান বনৰীয়া গাহৰিৰ সংখ্যা দিনকদিনে বৃদ্ধি পাই অহাত অঞ্চলটোত কৃষি পথাৰত গাহৰিৰ উপদ্ৰৱ বৃদ্ধি পাইছে৷ আনহাতে জন্তুবিধৰ মঙহৰ বাবে চোৰাংচিকাৰো হোৱাৰ অভিযোগ উঠি অহাৰ মাজতে ইয়াত হাকোটাৰে বিদ্যুৎ সংযোগ কৰি অচিনাক্ত দুৰ্বৃত্তই পতা ফান্দত স্হানীয় কৃষক হৰেন কলিতাৰ দুটাকৈ পোহনীয়া ম’হ আৰু এটা ষাড় গৰু বিদ্যুৎ স্পৃষ্ট হৈ আজি নিহত হয় ৷আজি পুৱা এই ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য তথা প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ ইপিনে ঘটনাস্থলীত স্হানীয় বেবেজীয়া আৰক্ষী উপস্হিত হৈ বিদ্যুৎ সংযোগ কৰা ফান্দ উদ্ধাৰ কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷ ৰাইজে এই দুস্কাৰ্য সংঘটিত কৰা দুস্কৃতিকাৰীক শীঘ্ৰেই কৰায়ত্ত কৰাৰ দাবী জনাইছে৷ আনহাতে তেজপুৰৰ দপৰ্বতীয়াত পকা ধানৰ পথাৰত বনৰীয়া গাহৰিৰ উপদ্ৰৱ অব্যাহত আছে৷ বিশেষকৈ পৰ্বতীয়াৰ গোন্ধোৱা জানৰ পকা ধানৰ পথাৰ বনৰীয়া গাহৰিয়ে তহিলং কৰাত কৃষক সকলৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ আনকি ইয়াত সম্প্ৰতি ধান দাবলৈয়ো শংকিত হৈ পৰিছে কৃষক সকল৷ বিভিন্ন প্ৰতিকুলতাৰ মাজত কৰা ধানখেতিত দিনে নিশাই জাক জাক বনৰীয়া গাহৰিৰ উপদ্ৰৱৰ বিপৰীতে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে ৰাইজে বন বিভাগৰ প্ৰতি আহ্বান জনাইছে৷ ইপিনে,পৰ্বতীয়া,বেছেৰীয়া আৰু আৰিমৰা চাপৰিত বনৰীয়া গাহৰিৰ চোৰাং চিকাৰ কৰাৰ বাবে এটা চক্ৰ সক্ৰিয় হৈ থকাৰ বিষয়ে জানিব পৰা গৈছে৷ আৰিমৰা চাপৰিত নিৰ্জনতাৰ সুযোগলৈ বনৰীয়া গাহৰিৰ লগতে সম্প্ৰতি ব্ৰহ্মপুত্ৰৰ সুঁতিত চৰিবলৈ অহা হাঁহকে ধৰি বিভিন্ন পক্ষীৰ চোৰাং চিকাৰ কৰিবলৈ আহে এই দলটো৷ ইতিমধ্যে চাপৰিটোত থকা একাধিক পশুপালকে এই দলটোৱে পক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰাৰ শব্দ শুনিবলৈ পোৱা বুলিও অভিযোগ কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More