তেজপুৰত বিশ্বৰ দীৰ্ঘতম ৰিভাৰক্ৰুজ

0 32
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৩ফেব্ৰুৱাৰীঃ ভাৰতৰ লগতে বাংলাদেশৰ জলপথৰে পুনৰ ভাৰতত প্ৰৱেশ কৰাৰ পাছত বিশ্বৰ সবাটোকৈ দীঘল বিলাসী নদী ক্ৰুজখনে অসমত ইতিমধ্যে ৪২০ কিলোমিটাৰ যাত্ৰা কৰিছে। যোৱা ১৩ জানুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাহাজখনৰ ফ্লেগ্ অফ্ কৰাৰ পাছত বাৰাণসীৰপৰা যাত্ৰা আৰম্ভ কৰি আজি তেজপুৰ পোৱালৈকে এম ভি গংগা বিলাসে মুঠ ২৮৮০ কিলোমিটাৰ জলপথৰ দূৰত্ব অতিক্ৰম কৰিছে। কালি সন্ধিয়া তেজপুৰৰ জাহাজঘাটত উপস্থিত হোৱা পৰ্যটকসকল আজি তেজপুৰ চহৰত উপস্থিত হয়৷বতৰৰ প্ৰতিকূলতাৰ বাবে আঠজনে ক্ৰুজতে থাকিল বাবে আজি দিনৰ প্ৰায় ১১বজাত এখন  নাৱৰে বিশ্বৰ বিভিন্ন দেশৰ ২০ গৰাকী পৰ্যটকক শোণিতপুৰ জিলা প্ৰশাসনে জাহাজঘাটত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে আদৰণি জনাই৷ উল্লেখযোগ্য যে,বৃহৎ জাহাজখন ঘাটৰ পৰা কিছুনিলগতে আছিল৷ব্ৰহ্মপুত্ৰৰ উপযুক্ত গভীৰতাৰ বাবেই জাহাজঘাটৰ পাৰলৈ আনিব পৰা নহ’ল বিশাল ক্ৰুজখন৷চুইজাৰলেণ্ড,ইটালি,জাৰ্মাণিকে ধৰি বিভিন্ন দেশৰ পৰ্যটক সকলক প্ৰশাসনে আদৰণি জনোৱাৰ সময়ত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই পৰ্যটক সকলক সংগ দিয়ে৷পৰ্যটক সকলে প্ৰথমতেই তেজপুৰৰ এক ঐতিহাসিক অঞ্চল দ-পৰ্বতীয়াত থকা শালস্তম্ভ বংশৰ অপূৰ্ব কীৰ্তি শৈলদ্বাৰ পৰিদৰ্শন কৰে৷উল্লেখযোগ্য যে,বিধায়ক ৰাভাই তেজপুৰৰ প্ৰাগঐতিহাসিক তথা ঐতিহাসিক অৱস্হিতিৰ বিষয়ে পৰ্যটক সকলক বহু কথাই অৱগত কৰে৷বিধায়কজনে তেজপুৰ আৰ্য আৰু মংগোলীয় সকলৰ এক অন্যতম মিলন ক্ষেত্ৰ হিচাপে উল্লেখ কৰি বাণ ৰজাৰ কন্যা  ঊষা আৰু শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধৰ বিষয়ে প্ৰকাশ কৰাৰ লগতে শালস্তম্ভ বংশৰ শাসকৰ বিষয়েও বিভিন্ন তথ্য অৱগত কৰে৷প্ৰাচীন ভাস্কৰ্য আৰু শিলালিপি সমূহৰ বিষয়ে অৱগত হৈ অভিভূত হৈ পৰা পৰ্যটক সকলে   ইয়াৰ পিছতেই তেজপুৰৰ আন এক বিশেষ পৰ্যটন স্হলী তাহানিৰ ক’ল পাৰ্ক তথা বৰ্তমানৰ চিত্ৰলেখা উদ্যানলৈ আহে৷ইয়াতো পৰ্যটকসকলক উষ্ম আদৰণি জনোৱা হয়৷ পৰ্যটক সকলক ইয়াত তিলপিঠা,নাৰিকলৰ লাৰু,তিলৰ লাৰু আদি বিভিন্ন থলুৱা জলপানৰে অপ্যায়ন কৰা হয়৷ইংৰাজ বিষয়া ক’ল ৰ দ্বাৰা স্হাপিত এই উদ্যানখনৰ বিষয়ে জানিব পাৰি পৰ্যটক সকল বিস্ময়াভিভূত হৈ পৰে আৰু এসময়ত যে তেজপুৰ ইংৰাজ শাসনকালত এখন গুৰুত্বপূৰ্ণ নগৰ আছিল সেই বিষয়েও তেওঁলোক অৱগত হয়৷তেজপুৰত পৰ্যটকসকলক  দ-পৰ্বতীয়াৰ শৈলদ্বাৰৰ আৰ্হিৰে প্ৰস্তুত কৰা একোটাকৈ স্মাৰকো প্ৰদান কৰা হয়৷  ঐতিহাসিক হাৰুপেশ্বৰৰ ৰাজধানীৰ কাৰেঙৰ স্তম্ভ, শিলত কটা পদুম ফুল, বিভিন্ন লাস্য মুদ্ৰাৰ দীঘলীয়া শিল, দশাৱতাৰ মূৰ্তিৰ শিল আদি বিভিন্ন পুৰাতাত্বিক সমলৰ বিষয়ে জানিব পাৰি অভিভূত হৈ পৰা পৰ্যটক সকলে তেজপুৰত লাভ কৰা আতিথ্যৰ উচ্ছ প্ৰশংসা কৰাৰ লগতে ৰাজ্যত প্ৰৱেশ কৰাৰ পাছৰে পৰা ইয়াত থলুৱা খাদ্যসম্ভাৰৰ জুতি লোৱাৰ বিষয়ে উল্লেখ কৰি এই থলুৱা খাদ্যৰো ভূয়সী প্ৰশংসা কৰে৷প্ৰায় আঢ়ৈ ঘন্টা সময় তেজপুৰত অতিবাহিত কৰি পৰ্যটকসকলক লৈ ইতিমধ্যে অসমত ৪২০কিলোমিটাৰ জলপথ অতিক্ৰম কৰা ক্ৰুজখন শিলঘাট অভিমুখে আগবাঢ়ে৷উল্লেখযোগ্য যে,পৰ্যটক সকলে কাইলৈ কাজিৰঙা পৰিদৰ্শন কৰি অবিভক্ত শোণিতপুৰৰ আন এখন ঐতিহাসিক স্হান বিশ্বনাথত উপস্থিত হ’ব৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More