তেজপুৰত বিশ্ব ফটোগ্ৰাফী দিৱস

ফটোৱে সদায় শুদ্ধ কথা কয় - পৃথ্বিৰাজ ৰাভা

0 32

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৯ আগষ্ট: বিশ্ব ফটোগ্ৰাফী দিৱসৰ আজিৰ দিনটোত তেজপুৰৰ ফটো সাংবাদিক সমীৰ কৰে বিগত সময়ত কেমেৰাৰে ধৰি ৰখা শতাধিক কলাত্মক আলোকচিত্ৰ আৰু নিজৰ লগতে তাহানিৰে পৰা পিতৃ পুৰুষে ব্যৱহাৰ কৰা কেবাটাও আকৰ্ষণীয় পুৰণি কেমেৰাৰ এখন ফটো প্ৰদৰ্শনী উদ্ঘাটন কৰে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাৰ লগতে শোণিতপুৰৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই৷ তেজপুৰৰ জ্যোতি ভাৰতীৰ ঐতিহাসিক পকীৰ ৰূপকোঁৱৰ মঞ্চত আয়োজিত এই আকৰ্ষণীয় প্ৰদৰ্শনীৰ ফিতা কাটি শুভাৰম্ভ কৰাৰ পিছতে বিধায়ক পৃথ্বিৰাজ ৰাভা, জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, বিশিষ্ট অতিথি ৰূপে উপস্থিত থকা শিক্ষাবিদ, লেখক ড০ প্ৰাণজিৎ হাজৰিকা, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাপতি সঞ্জীৱ হাজৰিকা আৰু সাধাৰণ সম্পাদক মনোজ কুমাৰ শইকীয়াই আনুষ্ঠানিক ভাৱে বন্তি প্ৰজ্বলন কৰে৷ শোণিতপুৰ প্ৰেছ ক্লাবৰ সম্পাদক পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিৰ আৰম্ভণিতে বিধায়ক পৃথ্বিৰাজ ৰাভাই ভাষণ আগবঢ়াই আজি বিশ্ব ফটোগ্ৰাফী দিৱসৰ দিনটোত সমীৰ কৰৰ লগতে আন আন আলোকচিত্ৰ শিল্পী সকলক শুভেচ্ছা জ্ঞাপন কৰি ফটোগ্ৰাফে শুদ্ধ ইতিহাস প্ৰতিফলিত কৰে বুলি মন্তব্য কৰাৰ লগতে ফটোৱে যেতিয়াৰ পৰাই কথা ক’ব পৰা হ’ ল তেতিয়াৰ পৰাই আলোকচিত্ৰ এক শিল্প কৰ্মলৈ ৰূপান্তৰিত হ’ল বুলি মন্তব্য কৰে৷ ফটোৱে সদায় শুদ্ধ আৰু সত্য কথা কয় বুলি মন্তব্য কৰি বিধায়ক ৰাভাই সমীৰ কৰৰ ফটোৰ শৈলী আৰু কলাত্মক দিশে ভৱিষ্যতে একোগৰাকী আলোকচিত্ৰ শিল্পী হোৱাৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে বুলি কয়৷ আনহাতে জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই আগবঢ়োৱা ভাষণত সমীৰ কৰে ফটোগ্ৰাফীক যিহেতু জীৱন আৰু জীৱিকা হিচাপে গ্ৰহণ কৰিছে সেয়েহে ই এক প্ৰত্যাহবান বুলি মন্তব্য কৰি যিকোনো কাৰ্যসূচীত সমীৰ কৰ সঠিক সময়ত উপস্থিত থাকি জিলা প্ৰশাসনক সহযোগিতা আগবঢ়াই অহাৰ বাবে বিশেষ ভাৱে প্ৰশংসাও কৰে৷ আনহাতে এমট্ৰণৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাপতি সঞ্জীৱ হাজৰিকাইও শুভেচ্ছামূলক ভাষণ প্ৰদান কৰি তেজপুৰৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোক চিত্ৰশিল্পী নলিনী বৰুৱাৰ লগতে আন আলোকচিত্ৰ শিল্পী সকলক শুভ কামনা জ্ঞাপন কৰা অনুষ্ঠানটিত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰা শিক্ষাবিদ, লেখক ড০ প্ৰাণজিৎ হাজৰিকাই বিশ্ব ফটোগ্ৰাফী দিৱসৰ ইতিহাস সদৰী কৰি সমীৰ কৰৰ সৃষ্টিশীল ফটো সমূহৰ ওপৰত বিশ্লেষণাত্মক মন্তব্য কৰে৷ ড০ হাজৰিকাই ১৮৩৭ চনৰ ফ্ৰান্স ফটোগ্ৰাফাৰ নাইচিফৰ নিপাচৰ নাম উল্লেখ কৰি এইগৰাকী ব্যক্তিয়েই প্ৰথম ফটোগ্ৰাফীৰ কৌশল উদ্ভাৱক আছিল বুলি কৈ সেয়েহে তেওঁক “ফাদাৰ অব ৱৰ্ল্ড ফটোগ্ৰাফাৰ হিচাপে অভিহিত কৰা হয় বুলি মন্তব্য কৰে৷ আনহাতে ইয়াৰ এটা শতিকাৰ পিছত ১৯৩৯ চনত আমেৰিকাৰ দুজন ফটোগ্ৰাফাৰে বিশ্বৰ ২৭০জন ফটোগ্ৰাফাৰৰ ফটো অন লাইন গেলাৰীত মুকলি কৰি দিছিল আৰু বিশ্বৰ এশখন দেশে উপভোগ কৰাৰ দিনৰ পৰাই ক্ৰমশঃ সমগ্ৰ বিশ্বতে ফটোগ্ৰাফীৰ জনপ্ৰিয়তা বৃদ্ধি পাই আহে বুলি মন্তব্য কৰে৷ উল্লেখ্য যে, পুৰণি কেমেৰা সমূহ আৰু আলোকচিত্ৰ সমূহ প্ৰতক্ষ কৰি অতিথি সকল অভিভূত হৈ পৰা এই অনুষ্ঠানতে ফটো সাংবাদিক সমীৰ কৰক শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ তৰফৰ পৰা সাধাৰণ সম্পাদক মনোজ কুমাৰ শইকীয়াৰ লগতে এখন গামোচাৰে আজিৰ এই দিনটোত বিশেষ ভাৱে বিষয়ববীয়া আৰু সদস্য সকলে সন্মান জনাই৷ আনহাতে তেজপুৰৰ ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়তো বিশ্ব ফটোগ্ৰফী দিৱস উপলক্ষে দৰং মহাবিদ্যালয়ৰ IQAC উদ্যোগত এখন অনলাইন ফটোগ্ৰফী প্ৰতিযোগিতাৰ লগতে এখন প্ৰদৰ্শনী আজি অনুষ্ঠিত কৰা হয়৷ প্ৰতিযোগিতাখনত দৰং মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী লগতে ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ ৩ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷ প্ৰদৰ্শনীখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ পলাশমণি শইকীয়াই৷ দৰং মহাবিদ্যালয়ৰ অধ্যক্ষই ভাষণ প্ৰসংগত উল্লেখ কৰে যে, দৰং মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল উপকৃত হোৱাকৈ ফটোগ্ৰফীৰ ওপৰত এটা Certificate Course দিয়াৰ কাৰণে Cannon, Nikon আদি কোম্পানী লগত আলোচনা কৰি থকা হৈছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More