শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৯আগষ্টঃ তেজপুৰত আজি বেংকৰ ভিতৰতে দিন ডকাইটিৰ দৰে এক ঘটনা সংঘটিত হয়৷ ভাৰতীয় ষ্টেট বেংক তেজপুৰ শাখাত এগৰাকী মহিলাই গ্ৰাহকৰ শাৰীত থিয় হৈ থকা অৱস্থাতে হাতত থকা বেগৰ পৰা দুৰ্বৃত্তই কাঢ়ি লৈ যায় নগদ ১০ হেজাৰ টকা আৰু মোবাইল ফোন৷ উল্লেখযোগ্য যে, তেজপুৰ মুঢ়াতেতেলী নিৱাসী তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰুনু বৰাই বেংকৰ ভিতৰতে এনে পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পিছতে ঘটনাটোৰ বিষয়ে বেংক কৰ্তৃপক্ষক অৱগত কৰে যদিও তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলা গৰাকীয়ে৷ আনকি বেংকৰ ভিতৰত যি স্থানত ঘটনাটো সংঘটিত হয়, সেই স্থানত চিচিটিভি কেমেৰা নাই বুলি দায় সাৰে বেংক কৰ্তৃপক্ষই৷ উপায়ন্তৰ হৈ অৱশেষত আৰক্ষীৰ কাষ চাপিল ভুক্তভোগী মহিলা গৰাকী আৰু ঘটনা সন্দৰ্ভত তেজপুৰ আৰক্ষী থানাত দাখিল কৰে এখন এজাহাৰ৷ কিন্তু এইপৰ্যন্ত দুৰ্বৃত্তৰ সন্ধান ওলোৱা নায়৷ ইপিনে, তেজপুৰ চহৰৰ মাজমজিয়াত অৱস্থিত মধ্য তেজপুৰ ৰঙালী বিহু সন্মিলনৰ স্থায়ী কাৰ্যালয়ৰো তলা ভাঙি চোৰে নতুনকৈ লগোৱা বেটাৰীসহ ইনভাৰ্টাৰ লৈ যায়৷ পিছত খবৰৰ ভিত্তিত তহলদাৰী আৰক্ষীয়ে নিয়মমাফিক দেখা দিয়েই সামৰে তেওঁলোকৰ দায়িত্ব৷ প্ৰণিধানযোগ্য যে, শেহতীয়াকৈ তেজপুৰ চহৰৰ লগতে উপকণ্ঠ অঞ্চলত ক্ৰমশঃ বৃদ্ধি পাইছে চুৰিৰ ঘটনা৷ তাৰ পিছতো যেন কুম্ভকৰ্ণ নিদ্ৰাত তেজপুৰ আৰক্ষী৷ ফুট গধূলিতে মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিয়া, কলেজীয়া ছাত্ৰীক চুৰিকাঘাট কৰা আদি ঘটনাৰ পিছতো গা-নলৰা তেজপুৰ আৰক্ষীৰ ভূমিকাক লৈয়েই এতিয়া সন্দেহ উপজিছে তেজপুৰবাসীৰ৷
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.