তেজপুৰত বৰ্ষজোৰা বিহুৰ তত্ব আৰু ব্যৱহাৰিক পাঠদান কৰ্মশালাৰ শুভাৰম্ভ

প্ৰসিদ্ধ বিহুৱা জয়ন্ত সোণোৱাল, লোকসংস্কৃতিৰ সাধক প্ৰদীপ গগৈ, বিহুৱতী দীপা দাসে কৰিব পাঠদান

0 14

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৭ জুলাই : তেজপুৰত ৰুচিশীলতাৰে এক সুস্থ সাংস্কৃতিক বাতাবৰণ সৃষ্টি কৰাৰ লগতে “সুধাকণ্ঠ – দ্য লিজেণ্ড” শীৰ্ষক এক বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ জন্ম দি সুধাকণ্ঠ গৰাকীৰ কালজয়ী সৃষ্টি সমূহ সকলো শ্ৰেণীৰ ৰাইজৰ কাষ চপাই নিয়াৰ প্ৰচেষ্টা অব্যাহত ৰখা শিক্ষক তথা লেখক ৰাম হাজৰিকাৰ তৎপৰতাত “সুধাকণ্ঠ – দ্য লিজেণ্ড” ৰ উদ্যোগত এইবাৰ পৰিশীলিত আৰু প্ৰণালীৱদ্ধ ৰূপত বিহুনাচ, বিহুনাম, ঢোলবাদন, পেঁপা বাদন, কাঁহিনাচ আৰু বিহুৰ তত্ব আৰু ব্যৱহাৰিক পাঠদানৰ এবছৰীয়া বিশেষ প্ৰশিক্ষণ কৰ্মশালা কালিৰে পৰা আৰম্ভ হৈছে তেজপুৰ মাজগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ মন্দিৰ অনুষ্ঠানত। উল্লেখ্য যে, ৰাজ্যখনৰ প্ৰসিদ্ধ বিহুৱা জয়ন্ত সোণোৱালৰ লগতে লোক সংস্কৃতিৰ সাধক প্ৰদীপ গগৈ, প্ৰখ্যাত বিহুৱতী দীপা দাস, সাৰদা দেৱী আৰু প্ৰখ্যাত ঢোলবাদক ৰুবু কেওঁটে পাঠদান কৰিব লগা এই বছৰজোৰা কৰ্মশালা কালি বিয়লি জনপ্ৰিয় চলচ্চিত্ৰ অভিনেতা অমূল্য কাকতিয়ে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে। উদ্যোক্তা, সাংস্কৃতিক কৰ্মী ৰাম হাজৰিকাই আঁত ধৰা এই শুভাৰম্ভণি অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰি বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য তথা তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বৰুৱাই অসমীয়াৰ স্বাভিমান বিহুক সকলো অসমীয়া ভালকৈ জনাতো অতি প্ৰয়োজনীয় বুলি মন্তব্য কৰি উদ্যোক্তা সকলৰ এনে প্ৰয়াসৰ বাবে শলাগ লয়। সমাজকৰ্মী দ্বীপেন শইকীয়াৰ লগতে একাংশ বিশিষ্ট ব্যক্তি, প্ৰশিক্ষাৰ্থী আৰু অভিভাৱকৰ উপস্থিতিত এই শুভাৰম্ভণি অনুষ্ঠানটিতে প্ৰসিদ্ধ বিহুৱা জয়ন্ত সোণোৱাল আৰু বিহুৱতী দীপা দাসে বিহুনাম পৰিৱেশন কৰাৰ লগতে ঢোলবাদক ৰুবু কেওঁটৰ ঢোলৰ ছেৱত এসময়ৰ জনপ্ৰিয় বিহুৱতী সাৰদা দেৱীয়ে বিহুনাচ পৰিৱেশন কৰি জীপাল কৰি তোলে। উল্লেখ্য যে, বিনামূলীয়া নামভৰ্তি আৰু মাহিলী মাত্ৰ ৫০০ টকাৰে প্ৰশিক্ষাৰ্থী সকলক প্ৰতি বৃহস্পতিবাৰে এই বিশেষ পাঠদান কৰিব লগা এবছৰীয়া কৰ্মশালাখনত যোগদান কৰিব বিচৰা সকলে 9101543619 নম্বৰত যোগাযোগ কৰিব পাৰিব। আনহাতে কালিৰ শুভাৰম্ভণি দিনটোতে বিহুনাচৰ পাঠদান কৰে সমল ব্যক্তি সকলে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More