তেজপুৰত ভূপেন বৰাঃ তেজপুৰত আলোচনাত বহিব অখিল আৰু লুৰীণজ্যোতিৰ সৈতে

0 26

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৪জুনঃ “ৰাজ্যৰ বিজেপি চৰকাৰ পকেটমাৰ চৰকাৰ।আগন্তুক লোক সভা নিৰ্বাচনত মূল্যবৃদ্ধি ইছ্যু হোৱাৰ সমান্তৰাল ভাৱে কংগ্রেছে টাৰ্গেট কৰিব এ আই ইউ ডি এফক।অসম জাতীয় পৰিষদ,ৰাইজৰ দল তথা বিৰোধী ঐক্যক লোকসভাৰ আসন এৰি দিয়া সন্দৰ্ভত এতিয়াও সিদ্ধান্ত লোৱা নাই কংগ্ৰেছে।”তেজপুৰত আজি পুৱা সংবাদমাধ্যমৰ আগত এই মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ৰেলৰ ইঞ্জিনৰ স’তে তুলনা কৰি বাকী মন্ত্ৰীসকলক নিধিৰাম চৰ্দাৰৰ ৰূপত কপ্লিং ডবাৰ লগত তুলনা কৰে বৰাই। আনহাতে বিদ্যুতৰ ৰাজহ বৃদ্ধি প্ৰসংগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই কয় যে, যি সময়ত কৰ্ণাটকত কংগ্ৰেছ চৰকাৰে প্ৰতি গৰাকী বিদ্যুত গ্ৰাহকক দুশ ইউনিট বিদ্যুত বিনামূল্যে দিছে, যি সময়ত ৰাজস্থানৰ কৃষি কামৰ বাবে কৃষকক দুহেজাৰ ইউনিট বিদ্যুত বিনামূলীয়াকৈ দিয়াৰ লগতে প্ৰতি গৰাকী গ্ৰাহকক প্ৰতি মাহে এশ ইউনিটকৈ বিনামূল্যে দিছে তেনেস্হলত অসমত বিদ্যুতৰ মাচুল বৃদ্ধিৰ কাৰণ কি? আনহাতে ৰাজ্যত ডবল ইঞ্জিনৰ চৰকাৰ থকাৰ পিছতো তেলৰ ৰয়েল্টি আজিও অনাদায় হৈ আছে বুলি মন্তব্য কৰে বৰাই। আনহাতে কাইলৈ তেজপুৰৰ এখন হোটেলত বিধায়ক অখিল গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ লগত কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতিজন এক আলোচনাত মিলিত হ’ব৷বিয়লি অনুষ্ঠিত হ’ব লগীয়া এই আলোচনা যে অনাগত লোক সভা নিৰ্বাচনত বিৰোধী ঐক্যৰ প্ৰসংগয়েই মূল বিষয় হ’ব সেয়া নিশ্চিত য’দিও এই সন্দৰ্ভত বৰাই এই আলোচনাত ৰাজ্যৰ সমস্যা সমূহ আলোচনা কৰা হ’ব বুলি উল্লেখ কৰে৷এক সূত্ৰৰ পৰা জানিব পৰা মতে, কংগ্ৰেছ আৰু দুয়োটা দলৰ মাজত আগন্তুক নিৰ্বাচনত কেনেদৰে আসন বুজা বুজি কৰি বিজেপি চৰকাৰক কেনেদৰে ৰুধিব পৰা যাই তাৰো ৰণকৌশল প্ৰস্তত কৰাৰ সম্ভাৱনা আছে বুলিও সূত্ৰটোৱে প্ৰকাশ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More