ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৫ফেব্ৰুৱাৰীঃ তেজপুৰৰ মিছন চাৰিআলিত আজি দিনৰ প্ৰায় ১১-৩০বজাত এজন ভুৱা আৰক্ষী উপপৰিদৰ্শক কৰায়ত্ত কৰে স্হানীয় কছাৰীগাঁও আৰক্ষীয়ে৷আৰক্ষীৰ পোছাক পৰিধান কৰা তথা তেজপুৰৰ নিকটৱৰ্তী বিহগুৰি কলিতাগাঁৱৰ যুৱক হিমাংশু কলিতা(২২)ই আজি মিছন চাৰিআলিলৈ চৰাইদেউ জিলাৰ নাহৰপুখুৰী চাংমাই গাঁৱৰ ভাস্কৰ বৰুৱা নামৰ যুৱকজনক চাকৰি দিয়াৰ প্ৰলোভনৰে মাতি আনিছিল৷এই বিষয়ে স্হানীয় আৰক্ষী অৱগত হোৱাৰ লগে লগে হিমাংশুক কৰায়ত্ত কৰে৷ইপিনে,ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা হিমাংশুৱে প্ৰকাশ কৰে যে তেওঁ তিনিহেজাৰ টকা ব্যয় কৰি অনলাইনত এই আৰক্ষীৰ পোছাকযোৰ ক্ৰয় কৰিছিল৷উল্লেখযোগ্য যে,কৰায়ত্ত হোৱাৰ পাছত আৰক্ষীৰ চাকৰি অতি ভাল পায় আৰু সেইবাবেই এই পোচাকযোৰ ক্ৰয় কৰি পিন্ধা বুলি কৈ হিমাংশুৱে তেওঁক আৰক্ষীত চাকৰি লাগে বুলিও কাওবাও কৰে৷উল্লেখযোগ্য যে নৱম শ্ৰেণীলৈকে পঢ়িছিল হিমাংশু৷আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে৷
পূৰ্বৱৰ্তী লেখা
পৰৱৰ্তী লেখা