তেজপুৰত মহিলাৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণৰ ঘটনাকলৈ প্ৰতিক্ৰিয়া অব্যাহত

স্মাৰকপত্ৰ প্ৰদান

0 11
শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,৭অক্টোবৰঃ কালি তেজপুৰ সদৰ আৰক্ষী থানা অন্তৰ্গত জাৰণিত একাংশ দুৰ্বৃত্তই ৰেখা ৰাণা নামৰ মহিলাৰ ওপৰত চলোৱা বৰ্বৰোচিত আক্ৰমণৰ ঘটনাৰ প্ৰতিক্ৰিয়া অব্যাহত আছে৷ অঞ্চলটোৰ অতি পুৰণা এটা পৰিয়ালৰ জীয়ৰী ৰাণাৰ ওপৰত আক্ৰমণকাৰীয়ে চলোৱা এই আক্ৰমণক স্হানীয় সকলো শ্ৰেণীৰ লোকে গৰিহণা দিয়াৰ সমান্তৰাল ভাবে আক্ৰমণকাৰীসকলৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনোৱাৰ সময়তে আজি দিনৰ প্ৰায় দুই বজাত শোণিতপুৰৰ উপায়ুক্ত আৰু  আৰক্ষী অধীক্ষকক এই ঘটনাত জড়িত থকা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবীত অসম গোৰ্খা সন্মিলন আৰু গোৰ্খা ছাত্ৰ সন্থা, শোণিতপুৰ জিলা সমিতিৰ যৌথ প্ৰতিনিধি দলৰ দ্বাৰা স্মাৰক পত্ৰ প্ৰদান কৰা হয়৷ স্মাৰকপত্ৰত এই ঘটনাক অতিশয় দুৰ্ভাগ্যজনক আক্ষা দিয়াৰ লগতে এনে ঘটনাই সমাজখনলৈ অশুভ সংকেত কঢ়িয়াই আনিছে বুলি উল্লেখ কৰি ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱা হয়৷ উল্লেখযোগ্য যে, উপায়ুক্তৰ হৈ স্মাৰকপত্ৰ গ্ৰহণ কৰে শোণিতপুৰৰ অতিৰিক্ত উপায়ুক্ত ৰমি বৰুৱাই৷ উপায়ুক্ত বৰুৱাই এই ঘটনাক গুৰুত্ব সহকাৰে লোৱা হৈছে বুলি সংগঠন দুটাৰ প্ৰতিনিধিবৰ্গৰ আগত উল্লেখ কৰে৷ আনহাতে আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই আক্ৰমণকাৰীসকলক ৰেহাই দিয়া নহ’ব বুলি প্ৰকাশ কৰি ইয়াৰে জড়িত পুুৰুষ অভিযুক্তসকল বৰ্তমান পলাতক অৱস্থাত আছে যদিও তেওঁলোক অধিক দিন সাৰি থাকিব নোৱাৰে বুলি উল্লেখ কৰি লগতে কয় যে, আক্ৰমণৰ ঘটনাৰে জড়িত একাংশ মহিলাক ইতিমধ্যে কৰায়ত্ত কৰা হৈছে৷ উল্লেখযোগ্য যে ২০বিঘাৰ অধিক ভূমিকলৈ চলি থকা সংঘাত আৰু এই সন্দৰ্ভত ন্যায়ালয়ত এক গোচৰ চলি থকা সত্বেও কালি  দিনৰ প্ৰায় ১২বজাত অঞ্চলটোৰ ৰেখা ৰাণাক  মহিৰুদ্দিন, মজিবুৰ, চহৰ আলী, নিজাম আলী আৰু চৰিফুদ্দিন নামৰ লোককেজনৰ নেতৃত্বত একাংশ লোকে আক্ৰমণ কৰি চোঁচোৰাই নিয়ে৷ আহত মহিলা গৰাকী তেজপুৰৰ নেমকেয়াৰ নামৰ নাৰ্চিং হ’মত চিকিৎসাধীন হৈ আছে৷ উল্লেখযোগ্য যে, এই বৰ্বৰ ঘটনাক কেন্দ্ৰকৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ বিপৰীতে সকলো পক্ষই শান্তি শৃংখলা অটুট ৰখাৰ আহ্বান জনাই দোষীক কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনাইছে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More