তেজপুৰত মৃতদেহ উদ্ধাৰ

0 12
শতাব্দ প্ৰতিনিধি‍, তেজপুৰ,৩০আগষ্টঃ তেজপুৰ চহৰৰ জাহাজঘাটত আজি এজন অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ কৰা ঘটনাই ৰাইজৰ মাজত চাঞ্চল্যৰ  সৃষ্টি কৰিছে ৷ উল্লেখযোগ্য যে, জাহাজঘাটৰ পুৰণা ৰেল ষ্টেচনৰ সমীপৰ পথত থকা দলঙৰ তলত ব্ৰহ্মপুত্ৰৰ পানীজুৱলীত উপঙি থকা মৃতদেহটো এজন নাৱৰীয়াই দেখা পাই আৰু আৰক্ষীক এই বিষয়ে জনোৱা হয়৷ এটা দীঘল পেন্ট আৰু ৰঙা বৰণৰ স্পৰ্টিং পৰিধান কৰা মৃত লোকজনৰ বয়স ৬০ৰ অধিক হ’ব বুলি ধাৰণা কৰা হৈছে৷ নদী আৰক্ষীয়ে উদ্বাৰ  মৃত্যু দেহটো এই পৰ্যন্ত চিনাক্ত নোহোৱা লোকজনৰ মৃতদেটো তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More