তেজপুৰত যুৱকক হত্যা

তিনি অভিযুক্তক গ্ৰেপ্তাৰ 

0 22
শতাব্দ প্ৰতিনিধি তেজপুৰ, ৬ অক্টোবৰঃ শাৰদীয় উৎসৱৰ আনন্দ উছাহৰ মাজতে যোৱা দুই অক্টোবৰৰৰ বিয়লি তেজপুৰৰ পক্ষীয়াঝাৰত এক হত্যাকাণ্ড সংঘটিত হয়৷পথৰ দাঁতিৰ খাৱৈত স্হানীয় উজ্বল বৰা(২৩)নামৰ যুৱকজনৰ মৃতদেহ স্হানীয় লোকে গৰু আনিবলৈ যোৱাৰ সময়ত দেখাপাই স্হানীয় বেবেজীয়া আৰক্ষীক খবৰ দিয়ে৷ইপিনে,যুৱকজনৰ পৰিয়ালে এই ঘটনা এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰে৷ ঘটনা সন্দৰ্ভত বেবেজীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দিগন্ত শইকীয়াই কৰা তদন্তৰ অন্তত তিনিজন যুৱকক আটক কৰি সোধপোছ কৰাৰ সময়তে এই ঘটনাই নতুন মোৰ লয়৷ উল্লেখযোগ্য যে, টেন্ট হাউচৰ হাজিৰা কাম কৰা উজ্বলে পহিলা অক্টোবৰৰ দিনা এখন ৰভাত কাপোৰ লগাই থকাৰ সময়তে মিলনপুৰৰ ধণ্টি দাস,নয়ন কোছ আৰু নৃপেন কোছ নামৰ  যুৱক তিনিজন সেই স্হানত উপস্থিত হৈ টেন্টৰ কাপোৰত বহাকলৈ উজ্বলৰ স’তে তৰ্কৰ সুত্ৰপাত ঘটে৷ইয়াৰ পাছতে তিনিও যুৱক সেই ঠাইৰ পৰা গুচি আহে যদিও কিছু সময়ৰ পাছত পুনৰ তেওঁলোকক বাটতে লগ পাই উজ্বলে৷ এইবাৰো তেওঁলোকৰ মাজত পুনৰ তৰ্ক আৰম্ভ হয় আৰু উজ্বলৰ সতে তিনিওৰে হতাহতি লাগে৷ এই ঘটনাত পথৰ দাঁতিত পানী ভৰ্তি খাৱৈত উজ্বল পৰি যায় আৰু তিনিও যুৱকে সেই স্হানৰ পৰা পলায়ন কৰে৷ ইপিনে পৰি যোৱা উজ্বলৰ তেনেদৰেই মৃত্যু ঘটে৷ তদন্তকাৰী আৰক্ষীৰ আগত তিনিও যুৱকে প্ৰকাশ কৰা এই ভাষ্যৰ পাছতে আৰক্ষীয়ে তিনিওকে গ্ৰেপ্তাৰ কৰে আৰু তেজপুৰ সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱাত যোৱা ৩ অক্টোবৰত ন্যায়ালয়ে তিনিওকে ন্যায়িক জিন্মালৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More