তেজপুৰত যুৱ কংগ্ৰেছৰ প্ৰতিবাদঃ মুখ্যমন্ত্ৰীৰ পুতলিকা দাহ

0 20

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩১আগষ্টঃ শেহতীয়াকৈ ৰাজ্যত নিযুক্তিৰ নামত একাংশই চাকৰি প্ৰত্যাশীৰ পৰা তিনিলাখকৈ টকা সংগ্ৰহ কৰা আৰু ইয়াৰে আঢ়ৈ লাখ টকা “ওপৰ মহলক” দিব লাগে বুলি অভিযুক্তই স্বীকাৰোক্তি দিয়াক লৈ আজি তেজপুৰত এই নিযুক্তি কেলেংকাৰিৰ তদন্তৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে শোণিতপুৰ জিলা যুৱ কংগ্ৰেছে৷ প্ৰতিবাদকাৰী সকলে তেজপুৰত মুখ্যমন্ত্ৰীৰ পুত্তলিকাও দাহ কৰে৷ উল্লেখযোগ্য যে,দীবন ডেকা নামৰ এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে পোহৰলৈ অহা চাকৰিৰ বজাৰ সম্পৰ্কত কিয় মুখ্যমন্ত্ৰী গৰাকী নিমাত হৈ আছে বুলি প্ৰশ্ন উত্থাপন কৰি শূন্য সহনশীলতা ক’ত গ’ল বুলিও প্ৰশ্ন উত্থাপন কৰে যুৱ কংগ্ৰেছে৷ আজি দিনৰ প্ৰায় ১২বজাত শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকতিৰ অংশগ্ৰহণৰে যুৱ কংগ্ৰেছৰ স্হানীয় নেতা কৰ্মী সকলে হাতে হাতে বেনাৰ আৰু প্লেকাৰ্ড লৈ চাকৰি নিযুক্তিৰ কেলেংকাৰিৰ তদন্ত কৰক,বিজেপি চৰকাৰ গ’বেক আদি ধ্বনি দি তেজপুৰ আদালত চাৰিআলিত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷তেওঁলোকে কয় যে, তামোল এখন নোখোৱাকৈ স্বচ্ছ আৰু নিকাভাৱে চাকৰি নিযুক্তিৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনত বাজপেয়ী ভৱনৰ পৰাই ক’লা বেহা চলে৷ এইক্ষেত্ৰত কোন ওপৰ মহলৰ মানুহে আঢ়ৈ লাখকৈ টকা লয় সেয়াও বিচাৰি উলিয়াবলৈ দাবী জনায় প্ৰতিবাদকাৰী সকলে ৰাজ্যৰ মুখ্যমন্ত্ৰীক এইসন্দৰ্ভত মৌনতা ভংগ কৰাৰ দাবী জনায়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More