তেজপুৰত লগুৱাৰ প্ৰহাৰত নিহত  গৰাকী

0 14
শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ৫ মে’ : তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী তথা বেবেজীয়া আৰক্ষী চকীৰ অন্তৰ্গত বাম বেছেৰীয়াত যোৱা নিশা সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড।আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, অঞ্চলটোৰ এগৰাকী কৃষক উপেন নাথ (৫২) ৰ ঘৰত যোৱা চাৰিবছৰে বনুৱা  হিচাপে থকা তথা  ধীৰেণ তাঁতীয়ে(৪৭) গৃহস্থ নাথক এখন ক্ৰিকেট বেটৰে  মৰিয়াই  হত্যা কৰে।যোৱা  নিশা নাথৰ ঘৰৰ চোতালতে দুয়োৰে মাজত  কোনো কথাকলৈ তৰ্কৰ সূত্ৰপাত হয় আৰু উপেন নাথে তাঁতীক হাতত থকা ক্ৰকেট বেটৰে প্ৰথমে প্ৰহাৰ কৰে।আহাত তাঁতীয়ে ইয়াৰ পাছতে নাথৰ পৰা  ক্ৰিকেট বেটখন কাঢ়িলৈ নাথক উপৰ্যুপৰি প্ৰহাৰ কৰে। ঘটনা সন্দৰ্ভত স্হানীয় বেবেজীয়া আৰক্ষীক খৱৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়হি আৰু গুৰুতৰভাবে আহত দুয়োকে নাথৰ পৰিয়ালৰ সহযোগত ততাতৈয়াকৈ তেজপুৰ কণকলতা অসামৰিক চিকিৎসালয়লৈ আনে। কিন্তু অতি গুৰুতৰ ভাবে আহত নাথক ইয়াৰপৰা উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় য’দিও পথতে নাথৰ মৃত্যু হয়। আনহাতে অভিযুক্ত তাঁতী চিকিৎসাৰ পাছতে সুস্থ হৈ উঠে আৰু তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।প্ৰনিধানযোগ্য যে, ধীৰেণ তাঁতীৰ ঘৰ বিশ্বনাথত আৰু ইতিপূৰ্বেও তেওঁ এক হত্যাৰ গোচৰত কাৰাবাস খাটিছিল বুলি আৰক্ষী সুত্ৰই প্ৰকাশ কৰিছে।দুই সন্তানৰ পিতৃ তথা এগৰাকী সফল কৃষক হিচাপে পৰিচিত নাথে পশুপালনো  কৰিছিল৷ এই ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More