তেজপুৰত শিক্ষা কল্যাণ ন্যাসৰ অভিনন্দন ও সম্বৰ্দ্ধনা অনুষ্ঠান সম্পন্ন

0 6

শতাব্দ প্ৰতিনিধি তেজপুৰ , ২ আগষ্ট: তেজপুৰৰ পশ্চিম অঞ্চলৰ এক অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান শিক্ষা কল্যাণ ন্যাসে আজি ২০২২ৰ অভিনন্দন আৰু সম্বৰ্দ্ধনা অনুষ্ঠান দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে পশ্চিম বিহগুৰি অঞ্চলৰ গোপীনাথ বৰদলৈ মজলীয়া বিদ্যালয়ত অনুষ্ঠিত কৰে। অঞ্চলটোৰ বৃহৎ সংখ্যক ৰাইজ,অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীৰ সমাবেশেৰে ন্যাসৰ সভাপতি দীননাথ নিৰলাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত অঞ্চলটোৰ ১৪ গৰাকী উচ্চ মাধ্যমিক উত্তীর্ণ আৰু ২৬ জন উচ্চতৰ মাধ্যমিক উত্তীর্ণ মেধাবী ছাত্র ছাত্রীৰ লগতে তেজপুৰ বিশ্ব বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীর্ণ হোৱা পদ্মিনী প্রিয়ংকাক ন্যাসৰ তৰফৰ পৰা অভিনন্দন জনোৱা হয়। সভাত শিক্ষা কল্যাণ ন্যাসৰ জৰিয়তে সমাজকৰ্মী অৰুনা দেবীয়ে আগবঢ়োৱা নন্দিৰাম নাথ আৰু ইন্দ্ৰপ্ৰসাদ নাথ সোঁৱৰণী নগদ ধন আৰু বঁটা চাৰি গৰাকী আৰ্থিক ভাবে পিছপৰা মেধাসম্পন্ন ছাত্র ছাত্রীক প্রদান কৰাৰ লগতে উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত অঞ্চলটোৰ ভিতৰত সৰ্বোচ্চ নম্বৰ প্রাপ্ত ছাত্র ছাত্রীক ন্যাসৰ প্রতিষ্ঠাপক সভাপতি কিনাৰাম নাথে আগবঢ়োৱা তিলো দেবী সোঁৱৰণী নগদ ধন আৰু ৰবিৰাম নাথ স্মৃতি বঁটা প্রদান কৰ হয় । ন্যাসৰ সহকাৰী সম্পাদক জ্যোতি নাথে আঁত ধৰা সভাখনত অৱসৰ প্ৰাপ্ত অধ্যাপক জয়নাৰায়ন লুইটেল,কিনাৰাম নাথ, অৰুনা দেবী, শশীভূষণ নাথ,মঞ্জু দেবী, গোপীনাথ বৰদলৈ মজলীয়া বিদ্যালয়ৰ প্রধান শিক্ষক গংগাধৰ নাথ, মন্টু নাথ,স্থানীয় পঞ্চায়ত সভাপতি খেমলাল ছেত্রী, মানস জ্যোতি নাথ আদিয়ে নিজা নিজা বক্তব্য প্ৰদান কৰি ন্যাসৰ প্ৰচেষ্টাৰ শলাগ লয় । দুই শতাধিক ছাত্র ছাত্রী ও অভিভাবকৰ উপস্থিতিত আৰু গোপীনাথ বৰদলৈ মজলীয়া বিদ্যালয়ৰ ছাত্র ছাত্রীৰ দ্বাৰা সমবেত সংগীত পৰিবেশন তথা ন্যাসৰ প্রাক্তন সভাপতি সদ্য প্ৰয়াত দুৰ্গেশ্বৰ নাথৰ স্মৃতিত সভাই গভীৰ শোক কৰাৰ অন্তত শিক্ষক বসন্ত নাথৰ পৰিচালনাত নিকিতা দেবীয়ে সংগীত পৰিবেশন কৰি সভাৰ সৌষ্ঠব বৃদ্ধি কৰে। সভাত অঞ্চলটোৰ আঠ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক – কৰ্মচাৰী আৰু পাঁচ গৰাকী বয়োজ্যেষ্ঠ লোককো সম্বৰ্দ্ধনা জনোৱা হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More