তেজপুৰত শুভাৰম্ভ “ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ” আৰু অসম চৰকাৰৰ “ৰাজ্যিক বিজ্ঞান মেলা” 

অসমৰ প্ৰতিখন জিলাতে আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ সম পৰ্যায়ৰ বিজ্ঞান কেন্দ্ৰ স্থাপন হ'ব অচিৰেইঃ কেশৱ মহন্ত

0 95
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৭ ডিচেম্বৰঃ ৰাজ্যখনৰ প্ৰায় তিনি শতাধিক শিশু বিজ্ঞানী আৰু শতাধিক বিজ্ঞানী আৰু বিজ্ঞান শিক্ষকৰ উপস্থিতিৰে কালিৰে পৰা ১৯ ডিচেম্বৰলৈকে চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তেজপুৰৰ নেহৰু ময়দান আৰু তেজপুৰৰ ঐতিহ্যমণ্ডিত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হোৱা ৩০ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ “অসম ৰাজ্যিক সমাৰোহ” ৰ লগতে অসম চৰকাৰৰ “ৰাজ্যিক বিজ্ঞান” মেলাৰ আজি দ্বিতীয় দিনটোত পুৱা ৩০ খন শিশু বিজ্ঞান সমাৰোহৰ পতাকাৰ লগতে অসম বিজ্ঞান সমিতি সহ ৩৮ খনকৈ পতাকা  সংগীত শিল্পী অনিল কুমাৰ ভট্টাচাৰ্য পৰিচালিত শিশু বিজ্ঞান সমাৰোহৰ শীৰ্ষ সমবেত গীতৰ মাজত উছৱমুখৰ পৰিৱেশত উত্তোলন হয়। শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত শিশু বিজ্ঞান সমাৰোহৰ শোণিতপুৰ  জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ সমাৰোহ আৰু বিজ্ঞান মেলাৰ  পতাকা উত্তোলনৰ কাৰ্যসূচীৰ পিছত ৩১ খনকৈ জিলাৰ শিশু বিজ্ঞানী সকলক লৈ  তেজপুৰ নেহৰু ময়দানৰ পৰা উলিওৱা হয় সাংস্কৃতিক শোভাযাত্ৰা। বিজ্ঞানৰ বিভিন্ন শ্লোগান সম্বলিত এই সজাগতামূলক সাংস্কৃতিক শোভাযাত্ৰা নেহৰু ময়দানৰ পৰা তেজপুৰ চহৰ পৰিক্ৰমণ কৰাৰ কালত চহৰখনত এক দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি হয়। উল্লেখ্য যে, শিশুসকলক বিজ্ঞান মনস্ক অথবা বৈজ্ঞানিক দৃষ্টিভংগী সম্পন্ন কৰি গঢ়ি তোলাৰ লক্ষ্যৰে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা মন্ত্ৰালয়ে ১০ ৰ পৰা ১৭ বছৰ বয়সৰ শিশুসকলক সামৰি ১৯৯৩ চনৰ পৰা প্ৰতিবছৰে আয়োজন কৰি আহিছে ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ। এইবাৰ ৩০ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ উপলক্ষে ইতিমধ্যে দেশজুৰি শিক্ষাৰ্থী সকলৰ মাজত জিলা পৰ্য্যায়ত এই সমাৰোহ সম্পন্ন হোৱাৰ পিছত অসম ৰাজ্যিক সমাৰোহখনিৰ লগতে অসম চৰকাৰৰ বিজ্ঞান মেলাখনো এইবাৰ তেজপুৰত একেলগে আয়োজন কৰাত সমগ্ৰ তেজপুৰতে শিশু বিজ্ঞানী, বিজ্ঞানী আৰু বিজ্ঞান শিক্ষকৰ উপস্থিতিৰে এক অনন্য পৰিৱেশৰ সূচনা হৈছে তেজপুৰত। বিজ্ঞান মেলখনত ডেৰাডুনৰ মহাকাশ গৱেষণা সংস্থা অৰ্থাৎ ইছৰোৰ বিজ্ঞানী অধ্যাপক কুনাল কুমাৰ দাস, যোৰহাট নিষ্টৰ ড০ মন্টু ভূঞা, তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য, বিশিষ্ট বিজ্ঞানী ডঃ ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্য্য, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা বিশিষ্ট বিজ্ঞানী অধ্যাপক মোহন চন্দ্ৰ কলিতা, আই আই টি গুৱাহাটীৰ অধ্যাপক ডঃ দেৱাশীষ বৰাকে ধৰি দেশৰ ১০ গৰাকীকৈ বিশিষ্ট বিজ্ঞানীয়েও অংশ গ্ৰহণ কৰিছে আৰু ৰাজ্যিক বিজ্ঞান মেলাখনত ৰাজ্যখনৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ সৈতে জড়িত বিভিন্ন প্ৰতিষ্ঠানৰ মাজৰ পৰা ৩০ টাকৈ বিপনিত বিজ্ঞানৰ বিভিন্ন দিশৰ ওপৰত প্ৰদৰ্শনীয়ে আজি আকৃষ্ট কৰে সকলোকে।  প্ৰদৰ্শনীত গুৱাহাটী খানাপাৰাৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, গুৱাহাটীৰ বায়টেক পাৰ্ক, এন ই এছ এ চি, ভাৰত জন বিজ্ঞান যাথা, টোকলাই চাহ গৱেষণা সংস্থা, চেন্টাৰ অব প্লাজমা ফিজিক্স-ইনষ্টিটিউট অৱ প্লাজমা ৰিছাৰ্ছ, আই এ এছ এছ টি, তেজপুৰ বিশ্ববিদ্যালয়, কেন এণ্ড বেম্ব টেকনলজি চেন্টাৰ, এ ই ডি এ, এ এচ এচ এ চি, অসম বিজ্ঞান সমিতি, আৰণ্যক, এমট্ৰণ, স্পাৰ্ক বী, আদি অনুষ্ঠান আৰু প্ৰতিষ্ঠানে অংশ গ্ৰহণ কৰি উৎসুক শিশু বিজ্ঞানী আৰু ৰাইজক বিভিন্ন প্ৰশ্নৰ উত্তৰ প্ৰদান কৰে সমল ব্যক্তি সকলে। আনহাতে ইয়াৰ পিছতেই আজি নেহৰু ময়দানত  অনুষ্ঠিত হয় এই” ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ” আৰু অসম চৰকাৰৰ “ৰাজ্যিক বিজ্ঞান মেলাৰ উদ্বোধনী অনুষ্ঠান ।ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ সমিতিৰ কাৰ্যকৰী সভাপতি ড০ জয়দ্বীপ বৰুৱা আৰু অসম ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ সমিতিৰ সমন্বয়ক ৰমেন গগৈয়ে আঁত ধৰা আৰু শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণে আদৰণী ভাষণ দাঙি ধৰা উদ্বোধনী অনুষ্ঠানত এই সমাৰোহৰ মূল ভাষণ দাঙি ধৰি উত্তৰ পূৱ বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ সঞ্চালক ড০ জি নৰহৰি শাস্ত্ৰীয়ে মানুহৰ বিজ্ঞান মনস্কতা গঢ়ি তুলিবলৈ ছাত্ৰ অৱস্থাৰ পৰাই কেনেকৈ পদক্ষেপ গ্ৰহণ কৰা উচিত সেই সম্পৰ্কে  মন্তব্য কৰি বিজ্ঞান শিক্ষাৰ জৰিয়তে মানসিক আৰু সামাজিক ভাৱে এগৰাকী সুস্থ সবল ব্যক্তিৰ সৃষ্টি হ’ব লাগিব বুলি মন্তব্য কৰে। এখন ভাল ঘৰে আৰু এজন ভাল শিক্ষকে শিক্ষাৰ্থী সকলক উৎসাহিত কৰিব পাৰে। শিশু সকলক পাঠ্য পুথিৰ শিক্ষা দিলেই নহ’ব প্ৰকৃত জ্ঞানৰ বা প্ৰজ্ঞাৰ শিক্ষা প্ৰদান কৰিব লাগিব বুলি মন্তব্য কৰি বিশিষ্ট বিজ্ঞানী গৰাকীয়ে স্হানীয় প্ৰযুক্তি বিদ্যাৰ গোলকীয়কৰণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। আনহাতে, বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিভাগৰ সচিব লয়া মাদুৰী, অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ সঞ্চালক সাধন কুমাৰ সৰকাৰেও ভাষণ প্ৰদান কৰা আৰু শোণিতপুৰ জিলা পৰিষদৰ সভানেত্ৰী ডলী চুৰিণ, শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত দ্যোতিভা বৰা, শোণিতপুৰ জিলা সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা আয়োজক সমিতিৰ সচিব প্ৰভাত দাস আদিৰ উপস্থিতিত এই উদ্বোধনী অনুষ্ঠানত সন্মানীয় অতিথি ৰূপে অংশ গ্ৰহণ কৰি শিক্ষা বিভাগৰ উপদেষ্টা ডঃ ননী গোপাল মহন্তই বিজ্ঞান এক বিষয় নহয় আৰু যিকোনো কথাৰ সত্য অন্বেষণেই বিজ্ঞান বুলি কৈ শিক্ষাৰ্থী সকলক বিজ্ঞান মনস্ক কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ গীতৰ কলি- “বিজ্ঞানে আনিব জোৱাৰ” ৰ প্ৰসংগ উত্থাপন কৰি বিজ্ঞানৰ সকলো ক্ষেত্ৰতে প্ৰয়োজনীয়তাৰ প্ৰসংগ দোহাৰে। আনহাতে বৰ্তমান সময়ত শিক্ষাৰ্থী সকলৰ মাজত বিজ্ঞান আৰু বানিজ্য শিক্ষাৰ প্ৰতি ধাউতি কমি আহিছে বুলি কৈ শিক্ষাৰ্থী সকলৰ ৭৫ শতাংশই শেহতীয়াকৈ কলা শিক্ষাৰ বাবে আগ্ৰহ প্ৰকাশ কৰাৰ তথ্যৰে এখন সন্তোলিত সমাজৰ বাবে এনে হ’লে নহ’ব বুলি মন্তব্য কৰি বিজ্ঞান শিক্ষাৰ বাবে আগ্ৰহী কৰি তুলিবলৈ শিক্ষক সকলৰ লগতে বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিভাগেও বিশেষ তৎপৰতা গ্ৰহণ কৰিব লাগিব বুলি কয়।  এই অনুষ্ঠানতে বিগত বৰ্ষত ৰাজ্যিক শ্ৰেষ্ঠ শিশু বিজ্ঞানী হিচাপে পাৰদৰ্শিতাৰ পৰিচয় দিয়া কোকৰাঝাৰৰ কস্তুৰীবালা ব্ৰহ্ম আৰু শোণিতপুৰৰ হিবা আয়েস্কা নামৰ  শিশু বিজ্ঞানী দুগৰাকীক অভিনন্দন জ্ঞাপন কৰাৰ লগতে আয়োজক সমিতিৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰে মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰা অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তিবিদ্যা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই। মহন্তই ইয়াৰ পিছতেই উদ্বোধনী ভাষণ প্ৰদান কৰি আগন্তুক ২০২৬ চনৰ ভিতৰত ৰাজ্যখনৰ বিজ্ঞানৰ আন্ত:গাঁথনিৰ ক্ষেত্ৰত সকলো দিশতে উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনি সমূহৰ কথা  সদৰী কৰি ৰাজ্যখনৰ “পৰম্পৰাগত প্ৰযুক্তি আৰু জ্ঞান”ৰ ওপৰত বিজ্ঞান কেন্দ্ৰ সমূহৰ জৰিয়তে বিশেষ ভাৱে আগবঢ়াই নিবলৈ পদক্ষেপ গ্ৰহণ কৰাৰ কথা সদৰী কৰি এনে পৰম্পৰাগত প্ৰযুক্তিত বিজ্ঞানসন্মত ভিত্তি কি আছে তাক অঞ্চলভেদে বিচাৰি উলিওৱা হ’ব বুলি কয়। আনহাতে মুখ্যমন্ত্ৰীৰ “বিজ্ঞান প্ৰতিভা সন্ধান “আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ প্ৰতিভাবান শিশু বিজ্ঞানী সকলক বিচাৰি উলিওৱা হ’ব বুলি কৈ মন্ত্ৰী মহন্তই “জলবায়ু সহনশীলতা ক্ষেত্ৰ” ত কিছু কাম কৰাৰ পৰিকল্পনা কৰি ইতিমধ্যে ৰাজ্যখনৰ ১০০ খন গাঁও নিৰ্বাচন কৰা হৈছে বুলি উল্লেখ কৰি ভাষণ প্ৰসংগত অসমৰ প্ৰতিখন জিলাতে আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ সম পৰ্যায়ৰ কেন্দ্ৰ গঢ়ি তোলাৰ কাম আগন্তুক ২ বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি কৈ এনে কাম সমগ্ৰ দেশৰ ভিতৰত অসমতেই প্ৰথম হ’ব বুলি কয়। আনহাতে বিজ্ঞানৰ আন্ত:গাঁথনিৰ উন্নয়নৰ ক্ষেত্ৰত ভাৰতৰ অন্য ৰাজ্যতকৈ অসম আগুৱাই যোৱাৰ পথ প্ৰশস্ত হৈছে বুলি কৈ অসমৰ ২৩ খনকৈ জিলাত তাৰকা গৃহ নিৰ্মাণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি উল্লেখ কৰে। প্ৰসংগ ক্ৰমে মন্ত্ৰী মহন্তই শেহতীয়াকৈ অসমীয়া গামোচাই জি আই টেগ লাভ কৰাত বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিভাগৰ বিশেষ অৱদান আছিল বুলি কৈ এই প্ৰক্ৰিয়াক আমাৰ বিভাগৰ বিষয়া কৰ্মচাৰীয়ে বিজ্ঞানসন্মত ভাবে যুগুতাই দিছিল বাবেই এই সন্মান লাভ কৰিবলৈ সক্ষম হয় বুলি কয়। মন্ত্ৰী গৰাকীয়ে এই সমাৰোহত অংশ গ্ৰহণ কৰা শিশু বিজ্ঞানী সকলক তেজপুৰৰ ঐতিহাসিক সমল সমূহ চাই সেইসমূহত থকা বৈজ্ঞানিক ভিত্তি বা শৈলী সমূহ পৰ্যবেক্ষণ কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানটিত শলাগ জ্ঞাপন কৰে শোণিতপুৰ জিলা শিশু বিজ্ঞান সমাৰোহৰ বিস্মিতা শৰ্মাই।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More