তেজপুৰত শোণিতপুৰ জিলা প্ৰশাসনৰ শিক্ষক দিৱসত ৩৩ গৰাকীকৈ শিক্ষক – শিক্ষয়িত্ৰীক জিলা কৃতী শিক্ষকৰ বঁটা প্ৰদান

"সম্বৰ্ধনা" শীৰ্ষক পত্ৰিকা উন্মোচন

0 39

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ৫ ছেপ্তেম্বৰ : মহান দাৰ্শনিক পণ্ডিত সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আজি শোণিতপুৰ জিলা প্ৰশাসনে জিলাখনৰ উচ্চতৰ মাধ্যমিকৰ পৰা প্ৰাথমিক পৰ্য্যায়লৈ ৩৩ গৰাকীকৈ শিক্ষক – শিক্ষয়িত্ৰীক কৃতি শিক্ষকৰ অভিধাৰে সন্মানিত কৰে। শোণিতপুৰ জিলা শিক্ষা বিভাগ আৰু সকলো শিক্ষক সংগঠনৰ সহযোগত পুৱা ১০ বজাৰ পৰা তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমূখী কন্যা বিদ্যালয়ত অনুষ্ঠিত হোৱা অনুষ্ঠানত আমন্ত্ৰিত বিশিষ্ট অতিথি সকলে এই শিক্ষক – শিক্ষয়িত্ৰী সকলক ২০২৩ বৰ্ষৰ জিলা কৃতী শিক্ষকৰ বঁটাৰে সন্মানিত কৰে । উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তথা শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্ত কবিতা কাকতি কোঁৱৰৰ পৌৰোহিত্যত অনুষ্ঠিত আজিৰ কাৰ্যসূচী আৰম্ভ হয় অতিৰিক্ত জিলা আয়ুক্ত কবিতা কাকতি কোঁৱৰৰ লগতে সাংসদ পল্লৱ লোচন দাস, বিধায়ক পৃথ্বিৰাজ ৰাভা, এমট্ৰণৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা, পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ উপাধ্যক্ষ তুলসী বৰঠাকুৰ, ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা প্ৰাপক বেনুধৰ কাকতি, ৰমেশ চন্দ্ৰ কলিতা, ড০ ৰমেশ চন্দ্ৰ কলিতা, তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমূখী কন্যা বিদ্যালয়ৰ অধ্যক্ষ ৰূপম বৰা আৰু শিক্ষক সংগঠন সমূহৰ সভাপতি – সম্পাদককে ধৰি বিশিষ্ট ব্যক্তিৰ দ্বাৰা সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰ লগতে ৬২ গছি বন্তি প্ৰজ্বলনেৰে। উদযাপন সমিতিৰ পত্ৰিকা সম্পাদক পংকজ বৰুৱাই আঁত ধৰা আৰু বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা উদযাপন সমিতিৰ সম্পাদক প্ৰভাত দাসে আদৰণী ভাষণ আগবঢ়োৱা অনুষ্ঠানটিত প্ৰয়াত সংগীত শিল্পী দিলীপ চৌধুৰীয়ে শিক্ষাগুৰুক লৈ ৰচনা কৰা আৰু তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ৰ শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থীয়ে পৰিৱেশন কৰে সমবেত সংগীত। সাংসদ, বিধায়কৰ লগতে এমট্ৰণৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা, অসম পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ উপাধ্যক্ষ তুলসী বৰঠাকুৰেও ভাষণ দিয়া অনুষ্ঠানটিত নিৰ্দিষ্ট বক্তাৰ আসনৰ পৰা ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জন কলিতাই সাৱলীল ভাষণ আগবঢ়াই শিক্ষাৰ দৰ্শন আৰু সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ দৰ্শনৰ ওপৰত আলোকপাত কৰে। আনহাতে আজিৰ এই অনুষ্ঠানতে সম্বৰ্ধিত হোৱা ৩৩ গৰাকী শিক্ষক – শিক্ষয়িত্ৰীৰ তথ্য সম্বলিত পংকজ বৰুৱা আৰু ভূপেন বৰদলৈ সম্পাদিত “সম্বৰ্ধনা” শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে সাংসদ পল্লৱ লোচন দাসে আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা জিলাখনৰ শিক্ষাৰ্থী ৰূপাংকন মজুমদাৰক দাতা পৰিয়ালৰ সদস্যা মণিমালা শইকীয়াৰ উপস্থিতিত “নিৰ্মল চন্দ্র শইকীয়া মেধা বঁটা” প্ৰদান কৰে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই।উল্লেখ্য যে, আজিৰ এই অনুষ্ঠানতে আয়োজক সমিতিয়ে বিগত বৰ্ষত ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা প্ৰাপক মিনাক্ষী গোস্বামী আৰু ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা প্ৰাপক দশমুকুট কেওঁটকো বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে । সম্বৰ্ধিত হোৱা ৩৩ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী হ’ল – পৰাগ কুমাৰ নাথ, অধ্যক্ষ,প্ৰজাপতি উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰিঞ্জুমণি নেওগ বৰা, ভাৰপ্ৰাপ্ত অধ্যক্ষ, তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, মাধুয্য কমল হাজৰিকা, ভাৰপ্ৰাপ্ত অধ্যক্ষ, বিহগুৰি উচ্ছতৰ মাধ্যমিক বিদ্যালয়, ঘনকান্ত কটকী, বিষয় শিক্ষক, বিহগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, কৃষ্ণ প্ৰধান, বিষয় শিক্ষক , মিছামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, মিলন দত্ত, বিষয় শিক্ষক, শিঙৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, জ্যোতিপ্ৰসাদ শৰ্মা, সহকাৰী শিক্ষক, বিন্দুকুৰি উচ্ছতৰ মাধ্যমিক বিদ্যালয়, শৈলেন্দ্ৰ শৰ্মা, সহকাৰী শিক্ষক, ঢেকিয়াজুলি উচ্চতৰ মাধ্যমিক বিদ্যালয়, ঝুলন শৰ্মা, সহকাৰী শিক্ষক, শিঙৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, বিকাশ বৰা, সহকাৰী শিক্ষক , জামুগুৰি উচ্ছতৰ মাধ্যমিক বিদ্যালয়, কাজল ঘোষ, সহকাৰী শিক্ষক,তেজপুৰ বেংগলী বালক উচ্ছতৰ মাধ্যমিক বিদ্যালয়, সত্য বৰা, প্ৰধান শিক্ষক, পূৱ জামুগুৰি উচ্চ মাধ্যমিক বিদ্যালয়, ৰমেশ বড়ো, সহকাৰী শিক্ষক, মিছামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, তৰুণ চন্দ্ৰ দে’, ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক, বাণীনিকেতন উচ্চ মাধ্যমিক বিদ্যালয়, বিশ্বজিৎ চন্দ্ৰ পাল, প্ৰধান শিক্ষক, অৰিয়নতলি উচ্চ মাধ্যমিক বিদ্যালয়, সত্যজিৎ আইচ, সহকাৰী শিক্ষক,ঘগৰা নেহৰু উচ্চ মাধ্যমিক বিদ্যালয়, বিপুল শৰ্মা, সহকাৰী শিক্ষক, বিষ্ণুজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়, মৃদুপৱন বড়া, সহকাৰী শিক্ষক, চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়, শ্ৰীনিংকু নিশা নেওগ, সহকাৰী শিক্ষয়িত্ৰী, যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰাজা সৰকাৰ, সহকাৰী শিক্ষক, অৰবিন্দ বিদ্যা নিকেতন উচ্চ মাধ্যমিক বিদ্যালয়, প্ৰসন্ন¸ কুমাৰ নাথ, সহকাৰী শিক্ষক, বৰঝাৰ মধ্য ইংৰাজী বিদ্যালয়, প্ৰেম কুমাৰ শৰ্মা, ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক, মিনা বচনেট মধ্য ইংৰাজী বিদ্যালয়, ৰহমান আলী, প্ৰধান শিক্ষক, ঘগৰা মধ্য ইংৰাজী বিদ্যালয়, ঊষা ৰয়, সহকাৰী শিক্ষয়িত্ৰী নেতাজী মধ্য ইংৰাজী বিদ্যালয়, সুভাষ বৈশ্য, ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক, খেলমাটি আদাবাৰী মধ্য ইংৰাজী বিদ্যালয়, দিলীপ কুমাৰ ছেত্ৰী, সহকাৰী শিক্ষক,ৰঙাজান মজলীয়া বালিকা বিদ্যালয়, মুকন্দ চন্দ্ৰ ডেকা, ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক,তেজপুৰ অসমীয়া বালিকা মজলীয়া বিদ্যালয়, ৰামেশ্বৰ বড়ো, প্ৰধান শিক্ষক, দালবাৰী কছাৰী প্ৰাথমিক বিদ্যালয়, ৰীতামণি বৰুৱা, প্ৰধান শিক্ষয়িত্ৰী, কাৰমেম’ৰিয়েল প্ৰাথমিক বিদ্যালয়, ভুৱণ লমচাল, সহকাৰী শিক্ষক, খঁৰিয়ামাৰী প্ৰাথমিক বিদ্যালয়, কুশল ভূঞা, প্ৰধান শিক্ষক, ৫১ নং ৰেংগনিঝাৰ প্ৰাথমিক বিদ্যালয়, ফুলেন্দ্ৰ ফুকন, প্ৰধান শিক্ষক, দ-বেছেৰীয়া নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়, প্ৰণিতা মেধি, সহকাৰী শিক্ষয়িত্ৰী, শইকীয়া চুবুৰী প্ৰাথমিক বিদ্যালয়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More