শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৭আগষ্টঃ আজি শোণিতপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যনিৰ্বাহকৰ এখন গুৰুত্বপূৰ্ণ সাংগঠনিক সভা তেজপুৰ চাৰিআলি শাখাৰ উদ্যোগত অনুষ্ঠিত হৈ যায়।জিলা সন্মিলনৰ সভাপতি কেশৰাম নাথৰ সভাপতিত্বত পুৱা ১০ বজাত আৰম্ভ হোৱা সভাখনত আদৰণী ভাষন প্ৰদান কৰি তেজপুৰ চাৰিআলি শাখাৰ সভাপতি কুমুদ দাসে প্ৰকাশ কৰে যে মিছন চাৰিআলি নামেৰে জনাজাত এইটো আচলতে তেজপুৰ চাৰিআলিহে।কোনো ন্যস্তস্বাৰ্থ জড়িত মহলৰ অপপ্ৰচাৰৰ বাবেহে মিছন চাৰিআলি নামেৰে পৰিচিত হৈছে। অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ শীৰ্ষক গীতটো পৰিবেশনৰ পিছতেই যোৱা সময় চোৱাত মৃত্যু বৰণ কৰা জ্ঞাত অজ্ঞাত জ্যেষ্ঠ নাগৰিক সকলৰ আত্মাৰ সদগতিৰ বাবে এক মিনিট মৌন প্ৰাৰ্থনা জনোৱা হয়। সভাৰ উদেশ্য ব্যাখ্যা কৰি জিলা সম্পাদক দেৱ দাসে প্ৰকাশ কৰে যে নিস্ক্ৰিয় হৈ থকা শাখাবোৰ সক্ৰিয় কৰা, জীৱনপঞ্জীত প্ৰকাশ কৰাৰ বাবে সদস্য সকলৰ তথ্য প্ৰেৰণ, বৰ্তমানলৈকে অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ পৰিচয় পত্ৰৰ বাবে আবেদন নকৰা সদস্য সকলে সোনকালেই আবেদন পত্ৰ জমা দিয়া, দৰিদ্ৰ সীমাৰেখাৰ তলৰ জ্যেষ্ঠ নাগৰিক সকলক চৰকাৰৰ পূণ্যধাম আঁচনিৰ দ্বাৰা বিনামূলীয়া তীৰ্থভ্ৰমনৰ সুবিধা কৰি দিয়া, মধ্যকালীন অধিবেশনৰ স্থান আৰু তাৰিখ স্থিৰ কৰা আদিয়েই মূল বিষয়। তেজপুৰ, ৰঙাপাৰা, বালিপৰা চাৰিদুৱাৰ,ঢেকীয়াজুলী, তেজপুৰ চাৰিআলি, শিঙৰী,বাঁহবাৰী আদি শখাৰ সম্পাদক সকলে সাংগঠনিক প্ৰতিবেদন পাঠ কৰি নিজ নিজ শাখাৰ সদস্যৰ খতিয়ান, সদস্য বৃদ্ধিৰ পৰিকল্পনা , বিভিন্ন সমস্যা আদি প্ৰকাশ কৰে। আমন্ত্ৰণ ৰক্ষাকৰি কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ইন্দ্ৰেশ্বৰ শইকীয়া ডাঙৰীয়াই জ্যেষ্ঠ নাগৰিক সকলৰ বাবে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক নীতিৰ বিষয়ে উল্লেখ কৰি কয় যে ষাঠি উৰ্দ্ধৰ সকলো লোককে সন্মিলনৰ সদস্যভূক্ত কৰি চৰকাৰী সুবিধা সমূহ গ্ৰহণ কৰাত সহায় কৰি দিব লাগে। সন্তানৰ দ্বাৰা অৱহেলিত জ্যেষ্ঠ জনৰ প্ৰতি সকলো সময়তে সতৰ্ক হৈ থাকিব লাগে।ভাৰতীয় ষ্টেট বেংক তেজপুৰ শাখাৰ চিৰিত বহি ভিক্ষা কৰা দিব্যাংগ জ্যেষ্ঠ নাগৰিক বলোৰাম দাসক চৰকাৰী অনুদান আদি পোৱাত সহায় কৰি দিবলৈ বাঁহবাৰী শাখাৰ মহেন্দ্ৰ বৰুৱাক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। সভাৰ আলোচনাত সক্ৰিয় অংশগ্ৰহণ কৰি নাৰায়ণ দাস, দেৱ দাস, দ্বীজেন মাহাতো, সুৰেন্দ্ৰ বিশ্বাস,খগেন ভূঞা, মহেন্দ্ৰ বৰুৱা, হেমচন্দ্ৰ দাস, গোবিন্দ দাস আদিয়ে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰাত সহায় কৰে। আগন্তুক মধ্যকালীন অধিবেশনখন বালিপৰা চাৰিদুৱাৰ শাখাৰ আহ্বানত ১০ আৰু ১১ অক্টোবৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।হেমচন্দ্ৰ দাসে শলাগৰ শৰাই আগবঢ়ায়।
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.