তেজপুৰত সাপ্তাহিক বাতৰিকাকত গণকণ্ঠৰ প্ৰস্তাৱনা সংখ্যা উন্মোচন

0 21
শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,১০ফেব্ৰুৱাৰীঃ ঐতিহ্যমণ্ডিত চহৰ তেজপুৰৰ পৰা গণকণ্ঠ নামৰ এখন সাপ্তাহিক বাতৰিকাকত পাইছে৷ আজি দিনৰ ১০বজাত তেজপুৰ সাহিত্য সভা ভৱনত কাকতখনৰ প্ৰস্তাৱনা সংখ্যাটো উন্মোচন কৰে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই৷ জ্যেষ্ঠ সাংবাদিক পুলক কুমাৰ ডেকাই আঁতধৰা গাম্ভীৰ্যপূৰ্ণ উন্মোচনী সভাখনৰ আৰম্ভনিতে যোৱা নিশা পৰলোকপ্ৰাপ্তি ঘটা তেজপুৰৰ এগৰাকী বিশিষ্ট মহিলা তথা সাহিত্যকাণ্ডাৰী পদ্মনাথ গোঁহাঞিবৰুৱাৰ জী নাতিনী মৃণালী চেতিয়াৰ স্মৃতিত এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়৷ ৰাজ্যখনৰ বিশিষ্ট সাহিত্যিক তথা লেখক নগেন শইকীয়া, মনোজ গোস্বামী, নিত্য বৰা, ঐশ্বৰ্য কাকতি, পূৰ্ণেশ্বৰ নাথ, মাইনি মহন্ত আদি সকলৰ লেখাৰে সমৃদ্ধ গণকণ্ঠৰ প্ৰস্তাৱনা সংখ্যাটো উন্মোচন কৰি উপায়ুক্ত মিশ্ৰই কয় যে, গণকণ্ঠই ৰুচিশীল পাঠকৰ বাবে উপাদেয় হ’ব পৰাকৈ সমাজ, সাহিত্য, সংস্কৃতি, ঐতিহ্য আদি বিভিন্ন বিষয় সামৰি ল’ব বুলি আশা কৰিব পাৰি৷ উল্লেখযোগ্য যে, ৰাজ্যখনৰ বহু লেখক আৰু সাংবাদিক জন্ম দিয়াৰ ক্ষেত্ৰত এসময়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা তথা তেজপুৰৰ পৰা প্ৰকাশিত মহাজাতি কাকতখনৰ বিলুপ্তিৰ পাছৰ পৰাই ৰিক্তপ্ৰায় হৈ পৰা তেজপুৰত এখন সাপ্তাহিক কাকতৰ প্ৰয়োজনীয়তা অনুভৱ কৰিয়েই গণকণ্ঠ প্ৰকাশৰ বাবে আগবাঢ়ি আহে তেজপুৰৰ ছিগাল ছপাশালৰ স্বত্বাধিকাৰী কুলেন ভৰালী৷ তেওঁ কয় যে, সুদীৰ্ঘকাল মহাজাতি কাকতৰ প্ৰকাশৰ স’তে জড়িত থাকি সেই কাকতখনৰ প্ৰকাশ বন্ধ হৈ পৰাত মনত এক বেজাৰ অনুভৱ কৰি আহিছিল আৰু তেতিয়াৰ পৰাই এখন কাকত প্ৰকাশৰ ইচ্ছা তেওঁৰ মনত আছিল৷ বৰ্তমান ডিজিটেল যুগতো বাতৰি কাকত পঢ়া মানুহ যথেষ্ট আছে বুলি প্ৰকাশ কৰি তেওঁ কয় যে, তেজপুৰতে এনে বিভিন্ন কাকতৰ পাঠকৰ সংখ্যা সাতসহস্ৰাধিক৷ ইপিনে উন্মোচনি অনুষ্ঠানৰ আমন্ত্ৰিত অতিথি অৱসৰপ্ৰাপ্ত অধ্যাপক পূৰ্ণেশ্বৰ নাথে কয় যে,বৰ্তমান বাতৰি কাকত এখন প্ৰকাশৰ বাবে দেশৰ সময় তীব্ৰ প্ৰত্যাহ্বানপূৰ্ণ৷ এই ক্ষেত্ৰত গণকণ্ঠই ফিনিক্স পক্ষীৰ দৰে ভূমিকা পালন কৰিব লাগিব বুলি উল্লেখ কৰি তেওঁ লগতে গণকণ্ঠ জনকণ্ঠ হৈ উঠিব বুলিও আশা ব্যক্ত কৰে৷ বিশিষ্ট নাট্যকাৰ, লেখক ঐশ্বৰ্য কাকতিয়ে গণকণ্ঠই নতুন লেখক আৰু সাংবাদিক সৃষ্টিৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি উল্লেখ কৰি কাকতখনৰ বাবে তেওঁৰ উপদেশ তথা সহযোগিতা সদায়েই থাকিব বুলি মন্তব্য কৰে৷ উল্লেখযোগ্য যে, অৱসৰপ্ৰাপ্ত অধ্যাপক তথা নিৱন্ধকাৰ ড° প্ৰাণজিৎ হাজৰিকাৰ সম্পাদনাৰে প্ৰকাশ পোৱা গণকণ্ঠ কাকতৰ প্ৰস্তাৱনা সংখ্যাটোৰ উন্মোচনী সভাত সম্পাদক হাজৰিকাই গণকণ্ঠই সদায়েই নিৰপেক্ষতা আৰু বিশ্বাসযোগ্যতা বজাই ৰাখিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰি কাকতখনে তেজপুৰৰ তথা শোণিতপুৰ জিলাবাসীৰ আদৰ লাভ কৰিব বুলি আশা ব্যক্ত কৰে৷ তেওঁ লগতে নৱপ্ৰজন্মৰ লেখক সাংবাদিক সৃষ্টিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মন্তব্য কৰে৷ গাম্ভীৰ্যপূৰ্ণ এই উন্মোচনী সভাত শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি তথা ঔপন্যাসিক ড° ভূপেন শইকীয়া, তেজপুৰ মহাবিদ্যালয়ৰ অধক্ষ্য ড° জ্যোতিকমল হাজৰিকায়ো চমু বক্তব্য ৰাখি তেজপুৰৰ পৰা এখন কাকতৰ আৱশ্যক আছিল বুলি কয়৷ উন্মোচনী সভাখনত বহুকেজন বিশিষ্ট ব্যক্তি তথা লেখক উপস্থিত আছিল৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More