তেজপুৰত স্কুটিৰ খুন্দাত নিহত চাইকেল আৰোহী

0 7
শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,১৬ডিচেম্বৰঃ আজি পুৱা প্ৰায় ৯ বজাত তেজপুৰৰ হলেশ্বৰত সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক নিহত হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, তেজপুৰৰ নিকটৱৰ্তী নাহৰণি অঞ্চলৰ বাসিন্দা কণক বড়ো(৬০) চাইকেলৰে তেজপুৰ শ’লমৰাস্হিত কৰ্মস্থলীলৈ গৈ থকা সময়ত এখন তীব্ৰবেগী স্কুটিয়ে চাইকেল আৰোহী বড়োক  খুন্দিয়াই  পলায়ন কৰে। এই ঘটনাত গুৰুতৰ ভাবে আহত হোৱা বড়োক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে লোকজনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে৷ ইপিনে, দুৰ্ঘটনাটো সংঘটিত কৰি পলায়ন কৰা স্কুটীখনৰ নম্বৰ এএছ ১২ এছ ৮৬৩৩ বুলি একাংশ প্ৰত্যক্ষদৰ্শীয়ে আৰক্ষীক জনাইছে৷ ঘটনা সন্দৰ্ভত স্হানীয় শ’লমৰা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More