তেজপুৰত স্বাধীনতা সংগ্ৰামী, জননেতা ছবিলাল উপাধ্যায় স্মাৰক সমন্বয় বক্তৃতানুষ্ঠান সম্পন্ন

"বিশ্বায়ন আৰু ভাষিক সমন্বয়" শীৰ্ষক মনোজ্ঞ বক্তৃতানুষ্ঠানত ড° ডালিমা কাকতি

0 15

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ৮ আগষ্ট : বিশ্বায়নে সমগ্ৰ পৃথিৱীতে ভাষিক সমন্বয় সাধন কৰিছে যদিও পৃথিৱীৰ পৰা বছৰে বছৰে বহু জাতিৰ ভাষাৰ আকৌ বিলুপ্তি ঘটিছে। বিশ্বায়নে আমাৰ পৃথিৱীখনক গাঁৱলৈ ৰূপান্তৰিত কৰিছে থিকেই কিন্তু এই বিশ্বায়নে সৃষ্টি কৰা ভাষিক সমন্বয়ে আকৌ প্ৰত্যেক জাতি – জনগোষ্ঠীৰে থলুৱা ভাষা – সংস্কৃতিলৈ অশনি সংকেত কঢ়িয়াই আনিছে বুলি আজি বিয়লি তেজপুৰৰ শতবৰ্ষ গৰকা অসমীয়া ক্লাবৰ বালিৰাম লহকৰ সভাকক্ষত মন্তব্য কৰে ঢেকীয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড০ ডালিমা কাকতিয়ে। উল্লেখ্য যে, বিগত বছৰৰ দৰে এইবাৰো আজি অসমীয়া ক্লাবৰ উদ্যোগত অনুষ্ঠিত হয় “বিশ্বায়ন আৰু ভাষিক সমন্বয়” শীৰ্ষক স্বাধীনতা সংগ্ৰামী ছবিলাল উপাধ্যায় স্মাৰক সমন্বয় বক্তৃতানুষ্ঠান ।অসমীয়া ক্লাবৰ সভাপতি অৰুণা দেৱীৰ পৌৰোহিত্যত সম্পাদক অনু দেৱী মহন্তই আঁত ধৰা এই বক্তৃতানুষ্ঠানত নিৰ্দিষ্ট বিষয়ৰ ওপৰত ভাষণ আগবঢ়োৱাৰ পূৰ্বে ড০ ডালিমা কাকতিয়ে জননেতা, স্বাধীনতা সংগ্ৰামী ছবিলাল উপাধ্যায়ৰ জীৱন – দৰ্শন আলোকপাত কৰি এইগৰাকী সাগৰসম ব্যক্তিত্বৰ অধিকাৰীৰ পৰা আমি শিকিব লগীয়া বহু কথাই আছে বুলি মন্তব্য কৰি এইগৰাকী স্বাধীনতা সংগ্ৰামীয়েই প্ৰথমে অসমীয়া ভাষাক চৰকাৰী ভাষা কৰিব লাগে বুলি সবল দাবী উত্থাপন কৰিছিল বুলি কয়। আনহাতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰথমগৰাকী সভাপতি ছবিলাল উপাধ্যায় আছিল মহাত্মা গান্ধীয়ে হিন্দীত দিয়া ভাষণ অসমীয়ালৈ অনুবাদ কৰা প্ৰথমগৰাকী ব্যক্তি। আনহাতে অসমীয়া ক্লাবৰ যুটীয়া সম্পাদক ভূপেন শৰ্মাই ছবিলাল উপাধ্যায়ৰ জীৱন পৰিচিতি আৰু দিলীপ কুমাৰ বৰুৱাই ড০ ডালিমা কাকতিৰ পৰিচিতি দাঙি ধৰা অনুষ্ঠানটিত নিৰ্দিষ্ট বিষয়ৰ ওপৰত সাৱলীল ভাষণ আগবঢ়াই ড০ ডালিমা কাকতিয়ে মুখেৰে নোকোৱাকৈ ইংগিতেৰে যিকোনো ভাষা প্ৰকাশ কৰিব পৰা দিশতেই সমগ্ৰ বিশ্বতে ভাষিক সমন্বয় গঢ়ি উঠিছে বুলি কৈ মোবাইলো এতিয়া ভাষাৰ সমন্বয় সাধনৰ অন্যতম আহিলা হৈ পৰিছে বুলি এইক্ষেত্ৰত উদাহৰণ সহ উল্লেখ কৰে যে, মোবাইলৰ ইমজিবোৰে পৃথিৱীৰ সকলো ঠাইতে একে ভাষা প্ৰকাশ কৰিছে। ইও ভাষিক সমন্বয়ৰ ক্ষেত্ৰত জড়িত বুলি মন্তব্য কৰে ।সততে ব্যৱহাৰ হৈ থকা ফ্ৰীজ, ৰিফ্ৰিজাৰেটৰ, ফেন, মাইক, টেলিফোন আদি শব্দই সমগ্ৰ বিশ্বতে ভাষিক সমন্বয় সাধন কৰি আহিছে যদিও আমাৰ আকৌ থলুৱা শব্দবোৰৰ মৃত্যু ঘটাইছে বুলি কৈ এটা বছৰত এনেদৰে ৮০ টা শব্দ হেৰাই গৈছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। এনে ভাষিক সমন্বয়ে ঐক্য স্থাপন কৰিবলৈ চেষ্টা কৰিলেও যিকোনো ভাষালৈ অশনি সংকেত কঢ়িয়াই আনিছে বুলিও ড০ কাকতিয়ে মন্তব্য কৰে ।যেনেকৈ আজিকালি সততে ব্যৱহাৰ হয় – “ঘটনাটোৱে নতুন মোৰ ল’লে”। কিন্তু আমাৰ সুন্দৰ শব্দ ঘটনাটোৱে নতুন পৰিক্ৰমা ল’লে এতিয়া একেবাৰে হেৰাই গ’ল। বিশ্বায়নৰ এই আগ্ৰাসী ৰূপৰ পৰা যিখিনি হেৰাই গ’ল গ’ল বাকীখিনি সুৱদি সুৰীয়া শব্দ যাতে হেৰাই নাযায় তাৰ প্ৰতি সচেষ্ট হ’বলৈ আহ্বান জনাই ড০ কাকতিয়ে। উল্লেখ্য যে, ছবিলাল উপাধ্যায়ৰ নাতি ৰূপ নাথ উপাধ্যায়েও চমু ভাষণ আগবঢ়োৱা অনুষ্ঠানটিত শিশু সুশান্ত কাশ্যপে পদ্মধৰ চলিহাৰ দেশপ্ৰেমমূলক কবিতা “স্বদেশ প্ৰেম” আবৃত্তি কৰাৰ লগতে শলাগ জ্ঞাপন কৰে অসমীয়া ক্লাবৰ উপসভাপতি পংকজ কুমাৰ বৰাই ।আনহাতে অসমীয়া ক্লাবৰ প্ৰতীকী গীতেৰে আৰম্ভ হোৱা বক্তৃতানুষ্ঠানৰ পূৰ্বে ছবিলাল উপাধ্যায়ৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ নাতি ৰূপ নাথ উপাধ্যায়ে শুভাৰম্ভ কৰাৰ পিছত বিশিষ্ট শিক্ষাবিদ ড০ ভুবনেশ্বৰ চহৰীয়া, তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতা, দৰংমহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ অবনী কুমাৰ শৰ্মা, অসমীয়া ক্লাবৰ সভাপতি অৰুণা দেৱী, তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বৰুৱা, শিক্ষাবিদ লিপিকা চহৰীয়া, অসমীয়া ক্লাবৰ প্ৰাক্তন সভাপতি যতীন কোঁচৰ লগতে ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More