তেজপুৰত স্মৃতি দিৱসত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠা লগ্নৰ পৃষ্ঠপোষক প্ৰয়াত ষড়ানন বৰঠাকুৰক স্মৰণ

কুসুম মহন্তৰ সোঁৱৰণত গ্ৰন্থ উন্মোচন

0 34

শতাব্দ ষ্টাফৰিপৰ্টাৰ তেজপুৰ , ৪ জুন : সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠা লগ্নৰ পৃষ্ঠপোষক, বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰাপক বিশিষ্ট নৃত্যশিল্পী প্ৰয়াত ষড়ানন বৰঠাকুৰৰ স্মৃতি দিৱসৰ দিনটোত কালি তেজপুৰত সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে স্মৰণ কৰে। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ তেজপুৰস্হ কেন্দ্ৰীয় কাৰ্যালয়ত সমিতিৰ তেজপুৰ শাখাৰ সহযোগত অনুষ্ঠিত হোৱা কালিৰ এই বিশেষ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠান আৰম্ভ হয় ষড়ানন বৰঠাকুৰৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলিৰে।20230604 185721 সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সুবৰ্ণ শইকীয়া বৰদলৈ আৰু তেজপুৰ শাখাৰ সভানেত্ৰী শশীপ্ৰভা দেৱীয়ে বন্তি প্ৰজ্বলন আৰু পুত্ৰ ড০ সঞ্জীৱ বৰঠাকুৰে প্ৰতিচ্ছবিত মাল্যৰ্পনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰাৰ পিছত উপস্থিত থকা কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আৰু শাখাৰ বিষয়ববীয়াৰ লগতে উপস্থিত বিশিষ্ট ব্যক্তি সকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।ইয়াৰ পিছতেই তেজপুৰ শাখাৰ সভানেত্ৰী শশীপ্ৰভা দেৱীৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা স্মৃতিচাৰণ সভাখন আৰম্ভ হয় শাখাৰ সদস্যা নিৰু নেওগ বৰা আৰু দময়ন্তী বৰাৰ এটি ঘোষাৰে। তেজপুৰ শাখাৰ সম্পাদিকা কাঞ্চন শইকীয়াই আঁত ধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা সভাখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰধান সম্পাদিকা মনোমতী কুৰ্মীয়ে। উদ্বোধনী ভাষণত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী, পদ্মশ্ৰী ড০ শীলা বৰঠাকুৰৰ দৰে তেওঁৰ স্বামী প্ৰয়াত ষড়ানন বৰঠাকুৰ সমিতিৰ পৃষ্ঠপোষক হিচাপে আগবঢ়োৱা বিভিন্ন অৱদান স্মৰণ কৰে। আনহাতে তেজপুৰ শাখাৰ উপদেষ্টা, বিশিষ্ট লেখিকা ৰাণু হাজৰিকাই ষড়ানন বৰঠাকুৰৰ জীৱন কৃতী আলোকপাত কৰি সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ বিকাশ আৰু উত্তৰণত বৰঠাকুৰৰ অনবদ্য অৱদানে সমিতিখনক গতিশীলতা প্ৰদান কৰিছিল বুলি মন্তব্য কৰে। অনুষ্ঠানটিত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সুবৰ্ণ শইকীয়া বৰদলৈয়ে বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰাপক, বিশিষ্ট নৃত্যশিল্পী ষড়ানন বৰঠাকুৰ কেনেদৰে সমিতিৰ সৈতে একাত্ম হৈ সহধৰ্মিনী ড০ শীলা বৰঠাকুৰক সহযোগিতা আৰু পৰামৰ্শ আগবঢ়াই অনুষ্ঠানটিক গতিশীল কৰি তুলিছিল সেই প্ৰসংগ আলোকপাত কৰি সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ বৰ্তমানৰ কৰ্ম সূচী সমূহ দাঙি ধৰে। আনহাতে এই অনুষ্ঠানতে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ এসময়ৰ নিষ্ঠাবান সদস্যা কুসুম মহন্তৰ জীৱনৰ ওপৰত তেওঁৰ কন্যা নয়নী মহন্তই ৰচনা কৰা “প্ৰয়াত কুসুম মহন্ত” শীৰ্ষক গ্ৰন্থ এখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী ড০ চাৰু চহৰীয়া নাথে। উন্মোচনী ভাষণত ড০ চহৰীয়াই সমিতিৰ উত্তৰণ আৰু বিকাশত কুসুম মহন্তৰ বদান্যতাৰ বিভিন্ন দিশ অৱগত কৰে। শাখাৰ যুটীয়া সম্পাদিকা ৰিজুমণি বৰাই শলাগ জ্ঞাপন কৰা অনুষ্ঠানটি সভানেত্ৰী শশীপ্ৰভা দেৱীৰ ষড়ানন বৰঠাকুৰক স্মৰণেৰে সামৰণি পৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More