মাউণ্ট কাঞ্চনজংঘাৰ সফল অভিযানকাৰী দলক উষ্ম আদৰণি অসম পৰ্বতাৰোহণ সন্হাৰ

0 9

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ,৪ জুনঃ 20230604 191412বিশ্বৰ তৃতীয় সৰ্বোচ্চ শৃংগ মাউণ্ট কাঞ্চনজংঘা সফলতাৰে আৰোহণ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা অসম পৰ্ৱতাৰোহণ সন্থাৰ দলটোক ৰাজ্যৰ বিভিন্ন স্থানত উষ্ম আদৰণি জনোৱা হয়৷ ৫৪ দিনীয়া অভিযান সামৰি ৭ জনীয়া অভিযানকাৰী দলটো কালি গুৱাহাটীত উপস্থিত হোৱাৰ পাছতে বিভিন্ন দল সংগঠনে উষ্ম আদৰণি জনায়৷ উল্লেখযোগ্য যে ৰেলেৰে অসমলৈ ঘূৰি অহা দলটো যোৱা ২ জুনত কোকৰাঝাৰত উপস্থিত হয়৷ দলটোক তাতে জিলা প্ৰশাসন, আছুকে ধৰি বিভিন্ন দল-সংগঠনে আদৰণি জনায়৷ আনহাতে কোকৰাঝাৰৰ পৰা দলটো স্থলপথেৰে গুৱাহাটী অভিমুখে ৰাওনা হোৱাৰ পূৰ্ৱে কালি পুৱা কোকৰাঝাৰৰ কেন্দ্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ (চি আই টি) শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ সৈতে এক অন্তৰংগ আলাপ অনুষ্ঠানত অংশ গ্ৰহণ কৰে৷ গুৱাহাটী অভিমুখী দলটোক বঙাইগাওঁ, পাঠশালা আদি একাধিক স্থানত জিলা প্ৰশাসন, আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বিভিন্ন দুঃসাহসিক ক্ৰীড়া সংগঠন, প্ৰেছ ক্লাৱ আদিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে৷ আনহাতে সন্ধিয়া গুৱাহাটীত উপস্থিত হোৱা দলটোক উজান বজাৰস্থিত শ্বহীদ ন্যাসত আছুৰ উদ্যোগত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উষ্ম আদৰণি জনোৱা হয়৷ অনুষ্ঠানত আছুৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাকে ধৰি কেন্দ্ৰীয় সমিতি আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ বহুকেইজন নেতা-কৰ্মী উপস্থিত থাকে৷ অসম পৰ্বতাৰোহণ সন্থাৰ উপদেষ্টা সত্যেন শৰ্মা, সভাপতি দেৱেন্দ্ৰ নাথ মহন্ত, প্ৰৱীণ পৰ্বতাৰোহী পাৰ্ৱতী প্ৰসাদ গৌতম, ৰাজেন্দ্ৰ প্ৰসাদ গৌতমকে ধৰি সন্থাৰ বহুসংখ্যক নবীন-প্ৰবীণ সতীৰ্থয়ো দলটোক উষ্ম আদৰণি জনায়৷ আনহাতে এই অনুষ্ঠানতে গুৱাহাটীৰ নৰ্থ ইষ্ট এডভেন্সাৰ ফাউণ্ডেশ্যন, বগামাটিৰ গ্ৰীণ ট্ৰেক এডভেন্সাৰ, গোৰেশ্বৰৰ শিখৰ এডভেন্সাৰকে ধৰি কেইবাটাও দল-সংগঠনেও মাউণ্ট কাঞ্চনজংঘাত সফলতাৰে আৰোহণ কৰা অসমৰ দলটোক আদৰণি জনায়৷ প্ৰণিধানযোগ্য যে অসম পৰ্বতাৰোহণ সন্থাৰ সদস্যদ্বয় ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথে যোৱা ২৫ মে’ৰ পুৱা প্ৰায় ৭.১৫ বজাত ৮,৫৮৬ মিটাৰ উচ্ছতাৰ মাউণ্ট কাঞ্চনজংঘা শৃংগৰ শিখৰত আৰোহণ কৰিবলৈ সক্ষম হৈছিল৷ আৰোহণৰ ক্ষেত্ৰত বিশ্বৰ অন্যতম কঠিন শৃংগ হিচাপে পৰিচিত মাউণ্ট কাঞ্চনজংঘালৈ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰপৰা এইটোৱেই আছিল কোনো সংগঠনে এককভাৱে চলোৱা আৰু সফলতাৰে শিখৰ আৰোহণ কৰা প্ৰথমটো বৃহৎ অভিযান৷ এই অভিযানৰ বাবে অসম চৰকাৰে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ জৰিয়তে বিত্তীয় সাহায্য আগবঢ়াইছিল আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা এই অভিযানৰ চীফ-দা-মিছন আছিল৷ উল্লেখযোগ্য যে দলটোৰ চাৰিজন সদস্য ক্ৰমে ভাস্কৰ বৰুৱা, জয়ন্ত নাথ, কৌশিক দাস আৰু শেখৰ বৰদলৈয়ে যোৱা ১৮ মে’ত প্ৰথম শিখৰ আৰোহণৰ লক্ষ্যৰে অভিযান চলাইছিল৷ দলটোৱে মাউণ্ট কাঞ্চনজংঘাৰ ৮,৪১৬ মিটাৰপৰ্যন্ত আৰোহণ কৰাৰ পাছতো কাৰিকৰী কাৰণত শিখৰলৈ মাত্ৰ ১৭০ মিটাৰ বাকী থকা অৱস্থাত সেইদিনা অভিযান পৰিহাৰ কৰিবলৈ বাধ্য হৈছিল৷ ইয়াৰ ছদিন পাছত দলটোৰ দুই সদস্য ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথে দ্বিতীয়বাৰৰ বাবে ছামিট কেম্পৰপৰা শিখৰ আৰোহণৰ প্ৰয়াস কৰিছিল আৰু এইবাৰ সফলতাৰে শিখৰ আৰোহণ কৰি ৰাজ্যলৈ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হয়৷ কাঞ্চনজংঘা অভিযানকাৰী দলটোৰ নেতৃত্ব বহন কৰে ২০১৫ আৰু ২০১৬ বৰ্ষত অসমৰপৰা উলিওৱা এভাৰেষ্ট অভিযান দুটাৰ নেতৃত্ব বহন কৰা ৰাজ্যৰ অন্যতম অভিজ্ঞ পৰ্ৱতাৰোহী মানস বৰুৱাই৷ উপ দলপতিৰ লগতে চিকিৎসা বিষয়াৰ দায়িত্বত আছিল ৰাজ্যৰ অন্যতম অভিজ্ঞ পৰ্ৱতাৰোহী তথা তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ সহযোগী অধ্যাপক ডাঃ জগদীশ বসুমতাৰী৷ যুটীয়া উপ দলপতিৰ দায়িত্বত আছিল অভিজ্ঞ পৰ্ৱতাৰোহী উপেন চক্ৰৱৰ্তী৷ অসম পৰ্বতাৰোহণ সন্থাৰ মাউণ্ট কাঞ্চনজংঘা অভিযান-২০২৩ৰ ৭ জনীয়া দলটো যোৱা ১১ এপ্ৰিলত গুৱাহাটীৰপৰা ৰাওনা হৈছিল৷ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে যোৱা ৭ এপ্ৰিলত কইণাধৰাস্থিত ৰাজ্যিক অতিথিশালাত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই অভিযানৰ ফ্লেগ অফ কৰাৰ লগতে অভিযানটোৰ দলপতি মানস বৰুৱাৰ হাতত ৰাষ্ট্ৰীয় পতাকা, আইচ এক্স আৰু অভিযানৰ পতাকা অৰ্পণ কৰিছিল৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More