তেজপুৰত ২খন গ্ৰন্থ উন্মোচন

সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ বিশেষ উদ্যোগত

0 43
শতাব্দ প্ৰতিনিধি, তেজপুৰ ৭ অক্টোবৰঃ তেজপুৰৰ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কেন্দ্ৰীয় কাৰ্যালয়ত আজি তেজপুৰৰ বিশিষ্ট ব্যক্তি আৰু বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়াৰ উপস্থিতিত  উন্মোচিত হয় “প্ৰজ্ঞা ভাৰতী মৃণালী চেতিয়া অভিনন্দন গ্ৰন্থ”।উল্লেখ্য যে, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ১৯৭৪ চনৰে প্ৰতিষ্ঠা লগ্নৰ অন্যতম কাণ্ডাৰী, ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা প্ৰাপক বিশিষ্ট শিক্ষাবিদ, লেখিকা তথা সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ জী নাতি মৃণালী চেতিয়াৰ বৰ্ণাঢ্য জীৱন-কৃতীক আলোকপাত কৰি সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে সভানেত্ৰী ড০ চাৰু চহৰীয়া নাথৰ মুখ্য সম্পাদনাত আৰু মনোমতী কুৰ্মী, মিনাক্ষী দেৱী সম্পাদিত ২১৫ পৃষ্ঠাৰ বৃহৎ কলেবৰৰ অভিনন্দন গ্ৰন্থখন আজি এক বিশেষ অনুষ্ঠানত আনুষ্ঠানিক ভাবে উন্মোচন কৰে বিশিষ্ট পুৰাতত্ত্ব বিদ তথা দৰংমহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড০ সতীশ চন্দ্ৰ ভট্টাচাৰ্যই। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ড০ চাৰু চহৰীয়া নাথৰ পৌৰোহিত্যত তেজপুৰ শাখাৰ সভানেত্ৰী মনোমতী কুৰ্মীয়ে আঁতধৰা অনুষ্ঠানটি আনুষ্ঠানিক ভাবে উদ্বোধন কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ জ্যেষ্ঠ সদস্যা তথা বিশিষ্ট লেখিকা ৰাণু হাজৰিকাই। প্ৰয়াত শিক্ষাবিদ উত্তম চেতিয়া আৰু পূণ্যপ্ৰভা চেতিয়াৰ কন্যা তথা সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ জী নাতি মৃণালী চেতিয়াই সৰুৰে পৰা লেখা-মেলা কৰা এক সু-সংস্কৃত পৰিয়ালৰ আন সদস্যসকলৰ সান্নিধ্যৰে উদ্বুদ্ধ হৈ নৱম শ্ৰেণীত পঢ়ি থাকোতেই “গোলাপ” নামৰ কবিতা লেখি নিজৰ সাহিত্যিক প্ৰতিভাৰ পৰিচয় দিয়াৰ পৰৱৰ্তী সময়ত দৰংমহাবিদ্যালয়ৰ মুখপত্ৰৰ পৰা বিভিন্ন কাকত – আলোচনীত ধাৰাবাহিক ভাবে লেখা-মেলা প্ৰকাশ কৰি এগৰাকী প্ৰাবন্ধিক, গল্পকাৰ আৰু কবি-গীতিকাৰ ৰূপে পৰিচিত হৈ পৰিছিল বুলি উদ্বোধনী ভাষণত মন্তব্য কৰে ৰাণু হাজৰিকাই। আনহাতে সমিতিৰ তেজপুৰ শাখাৰ সম্পাদিকা ৰুণা বৰাই উদ্দেশ্য ব্যাখ্যা কৰা আৰু মনোমতী কুৰ্মীয়ে মৃণালী চেতিয়াৰ জীৱন পৰিচিতি দাঙি ধৰা অনুষ্ঠানটিত গ্ৰন্থখনৰ উন্মোচক বিশিষ্ট পুৰাতত্ত্ব বিদ তথা অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ সতীশ চন্দ্ৰ ভট্টাচাৰ্যই যাৰ জীৱনৰ বিশেষ কৃতীত্ত্ব থাকে সেই ব্যক্তি কায়িক ভাবে আঁতৰি গ’লেও সেই কৃতীৰে‍ ব্যক্তি গৰাকী প্ৰাত:স্মৰণীয় হৈ ৰয় বুলি মন্তব্য কৰি মৃণালী চেতিয়াও বহু গুণেৰে কীৰ্তিমান বাবেই এই অভিনন্দন গ্ৰন্থই তেঁওক সৰ্বকালৰ বাবে সকলোৰে মাজত জীয়াই ৰাখিব বুলি  উন্মোচনী ভাষণত মন্তব্য কৰে। সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে এইগৰাকী বিদূষীৰ এখন অভিনন্দন গ্ৰন্থ প্ৰকাশ কৰি উলিওৱাৰ বাবে সমিতিক প্ৰশংসা কৰি গুণিৰ গুণ উপলব্ধি কৰিব পৰাতো এক মহৎ কথা বুলি মন্তব্য কৰি ভাষণ প্ৰসংগত ড০ ভট্টাচাৰ্য্যই সাম্প্ৰতিক সময়ত লেখিকা সমাৰোহ সমিতি ৰাষ্ট্ৰীয় পৰ্যায়তো বন্দিত হৈ পৰিছে বুলি মন্তব্য কৰি ইয়াৰ লগত জড়িত হৈ থকা মহিলা সকলে ঘৰুৱা সাংসাৰিক ব্যস্ততাৰ মাজতো এটা সংগঠনক শক্তিশালী সাংগঠনিক স্হিতিৰে মজবুত কৰি ৰখাটো এক ডাঙৰ কৃতীত্ত্ব বুলিও উল্লেখ কৰি মহিলা সকলৰ ত্যাগৰ বাবেই আজি লেখিকা সমাৰোহ সমিতিৰ ভেটি অধিক শক্তিশালী হৈ পৰিছে বুলিও মন্তব্য কৰে। আনহাতে অভিনন্দন গ্ৰন্থ এখন প্ৰকাশ কৰি উলিওৱাটো অধিক সুন্দৰ উৎসাহজনক প্ৰয়াস বুলিও মন্তব্য কৰি মৃণালী চেতিয়াৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে। তেজপুৰ সাহিত্য সভাৰ সভাপতি ডঃ ভূপেন শইকীয়া, পদ্মনাথ গোহাঞি বৰুৱা শাখা সাহিত্য সভাৰ সভাপতি ভূবন চন্দ্র গগৈ, প্ৰবীণ অধিবক্তা, কবি বিপিন কটকী, সদৌ অসম মইনা পাৰিজাতৰ অন্যতম হোতা চালেহা খাতুন,অসম সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক পংকজ বৰুৱা, বিশিষ্ট সমাজকৰ্মী, কবি ডলী গোস্বামী, বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী, বিভিন্ন শাখাৰ বিষয়ববীয়া, মৃণালী চেতিয়াৰ পৰিয়ালৰ একাংশ ব্যক্তি আৰু একাংশ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এই অনুষ্ঠানতে মৃণালী চেতিয়া ৰচিত এটি গীত  পৰিৱেশন কৰে ৰেণু বৰঠাকুৰে। উল্লেখ্য যে, তেজপুৰ সাহিত্য সভাৰ সভাপতি ডঃ ভূপেন শইকীয়াৰ লগতে সভানেত্ৰী ড০ চাৰু চহৰীয়া নাথেও ভাষণ প্ৰদান কৰা এই অনুষ্ঠানতে ৮৭ বছৰীয়া অশীতিপৰ লেখিকা, সাহিত্যিক পেন্সনাৰ মৃণালী চেতিয়াক সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ হৈ ড০ চাৰু চহৰীয়া নাথৰ লগতে তেজপুৰ শাখাৰ পৰা সম্পাদিকা ৰুণা বৰা, মহাদেৱ শৰ্মা শাখা সাহিত্য সভাৰ তৰফৰ পৰা সম্পাদিকা মিনাক্ষী দেৱী, পদ্মনাথ গোহাঞি বৰুৱা শাখা সাহিত্য সভাৰ তৰফৰ পৰা ভুবন চন্দ্র গগৈ, কল্পনা কলিতা, ৰাণু হাজৰিকা, অনু দেৱী মহন্ত, শশী প্ৰভা মিশ্ৰ, মণিমালা শইকীয়া, মনোমতী কুৰ্মী, পদুমী বৰদলৈ আদিয়ে অংগ বস্ত্ৰ, গ্ৰন্থৰ টোপোলা আদিৰে বিশেষ ভাবে সম্বৰ্ধনাও জ্ঞাপন কৰে। আনহাতে লেখিকা সমাৰোহ সমিতিৰ জ্যেষ্ঠ সদস্যা, প্ৰবীণ কন্ঠশিল্পী, অভিনেত্ৰী কল্পনা কলিতাই এই অনুষ্ঠানতে এটি বনগীত পৰিৱেশন কৰি অনুষ্ঠানটি জীপাল কৰি তোলা অনুষ্ঠানটিৰ অন্তত অশীতিপৰ মৃণালী চেতিয়াই নিজৰ অনুভৱ সদৰী কৰি এনে শুভ দিন হয়তো মোৰ জীৱনত আৰু কেতিয়াও নেপাম বুলি কৈ নিজৰ প্ৰাণৰ অনুষ্ঠান সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠা লগ্নৰ স্মৃতি ৰোমন্থন কৰি প্ৰয়াত পদ্মশ্ৰী ড০ শীলা বৰঠাকুৰ আৰু ষড়ানন বৰঠাকুৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ দ্বিতীয়খন মুখপত্ৰ “লেখিকা”ৰ সম্পাদনাৰ পৰা একেৰাহে কেবাবছৰো “লেখিকা”ৰ সম্পাদনাৰ সৈতে জড়িত হৈ অহাৰ প্ৰসংগ উত্থাপন কৰি অশীতিপৰ মৃণালী চেতিয়াই তেজপুৰৰ প্ৰায় সকলো বিদ্বৎ সমাজৰ উপস্থিতিত নিজৰ অভিনন্দন গ্ৰন্থখন উন্মোচন হোৱাতো ভাগ্যৰ কথা বুলিও সন্তোষ্টি প্ৰকাশ কৰে। উল্লেখ্য যে আজিৰ এই অনুষ্ঠানতে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ড০ চাৰু চহৰীয়া নাথে সমিতিৰ তেজপুৰ শাখাৰ মুখপত্ৰ “ভৈৰৱী” সমিতিৰ কেন্দ্ৰীয় প্ৰতিযোগিতাত দ্বিতীয় শ্ৰেষ্ঠ স্হান লাভ কৰাৰ কথা ঘোষণা কৰাৰ লগতে তেজপুৰ শাখাৰ চাৰিগৰাকীকৈ নিষ্ঠাবান সদস্যা ক্ৰমে – ৰাণু হাজৰিকা, বন গোহাঁই, কমলা গোস্বামী আৰু অনুৰূপা বৰাই সমিতিৰ সদস্যা ৰত্নৰে বিভূষিত হোৱাৰ কথা ঘোষিত হোৱাত অনুষ্ঠান স্হলিতে এক উল্লাস পূৰ্ণ পৰিৱেশৰ সৃষ্টি হয়।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More