তেজপুৰত ৩২টা চোৰাং গৰু জব্দ

0 20
শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,১৫মাৰ্চঃ তেজপুৰৰ শালনীবাৰী আৰক্ষী চকী অন্তৰ্গত অঞ্চলত চোৰাংভাবে কঢ়িয়াই অনা ৩২টা গৰু ট্ৰাকসহ জব্দ কৰাৰ লগতে ট্ৰাকৰ চালকজনক গ্ৰেপ্তাৰ কৰিছে৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি যোৱা নিশা প্ৰায় ১১-৩০ বজাত বালিপৰাৰ দিশৰ পৰা ১৫নম্বৰ ৰাষ্ট্ৰীয় পথৰে তেজপুৰৰ দিশে আহি থকা এন এল ০১ এচি ৪৯৯২ নম্বৰ ট্ৰাকখনত আগতীয়া তথ্যৰ ভিত্তিত তালাচী চলোৱাৰ সময়ত ইয়াত নথিপত্ৰ অবিহনে কঢ়িয়াই অনা গৰু সমূহ উদ্ধাৰ কৰা হয়৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ট্ৰাকখনৰ চালক উইলবাৰ্টচন চাংমাক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে হেণ্ডিমেন জনে পলায়ন কৰে৷ ট্ৰাক চালকজনৰ ঘৰ মেঘালয়ত৷ উল্লেখযোগ্য যে, এই গৰুসমূহ মেঘালয়লৈ কঢ়িয়াই অনা হৈছিল৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More