তেজপুৰৰ ওজা তৰুণ চন্দ্ৰ বৰাৰ সোঁৱৰণত প্ৰতিবছৰেই অসমৰ নিৰ্বাচিত লোকশিল্পীলৈ বঁটা ঘোষণা “সংকল্প অসম” ৰ

তেজপুৰত সাত ব'হাগত প্ৰথমটো বঁটা বিপুল চেতিয়া ফুকনলৈ

0 32

 শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৬ এপ্ৰিল :IMG 20230406 WA0066 তেজপুৰৰ প্ৰখ্যাত লোকশিল্পী, ঢোলৰ ওজা তৰুণ চন্দ্ৰ বৰা অৰ্থাৎ তৰুণ ওজাৰ সোঁৱৰণত প্ৰতি বছৰেই সাত ব’হাগৰ ভিতৰত অসমৰ বিভিন্ন প্ৰান্তত থকা নিষ্ঠাবান লোকশিল্পী সকলক নিৰ্বাচন কৰি “তৰুণ ওজা স্মাৰক বঁটা” প্ৰদানৰ দৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা আজি তেজপুৰত এক সংবাদমেলৰ জড়িয়তে ঘোষণা কৰে ৰাজ্যখনৰ অন্যতম স্বেচ্ছাসেৱী সামাজিক – সংস্কৃতিক – শৈক্ষিক অনুষ্ঠান “সংকল্প অসম” এ ।তেজপুৰ সাহিত্য সভা ভৱনত আজি পুৱাৰ ভাগত অনুষ্ঠিত এক সংবাদমেলত সংকল্প অসমৰ সভাপতি হিমাংশু ডেকাই অলপতে অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাই এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সদৰী কৰে। সংকল্প অসমৰ সম্পাদক জয় বৰাই আঁত ধৰা আৰু উপদেষ্টা ভূৱন গোস্বামীকে ধৰি আন একাংশ বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠিত সংবাদ মেলখনত এই বঁটাৰ বাবে পংকজ বৰুৱা, পুলক কুমাৰ ডেকা আৰু মহেন্দ্ৰ কুমাৰ নাথকলৈ এখন জুৰি সমিতি গঠন কৰাৰ কথাও সভাপতি হিমাংশু ডেকাই সদৰী কৰাৰ পিছত জুৰি সদস্য পংকজ বৰুৱাই এই বঁটাৰ বাবে প্ৰস্তুত কৰা নিয়মাৱলী সমূহ পাঠ কৰি জানিবলৈ দিয়ে। উল্লেখ্য যে, ২০২০ চনৰ ১৭ ছেপ্টেম্বৰত পৰলোকপ্ৰাপ্তি ঘটা প্ৰসিদ্ধ লোকশিল্পী, ঢোলৰ ওজা আৰু সত্ৰীয়া শিল্পী গৰাকীৰ পৰিয়ালৰ সন্মতি সাপেক্ষে সংকল্প অসমে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত আজি সংবাদমেলখনত আন এগৰাকী জুৰি সদস্য পুলক কুমাৰ ডেকাই প্ৰথমবাৰৰ বাবে অহা সাত ব’হাগ অৰ্থাৎ ২২ এপ্ৰিলত তেজপুৰত আনুষ্ঠানিক ভাৱে ৰাজ্যখনৰ প্ৰসিদ্ধ লোকশিল্পী, জনপ্ৰিয় বিহুৱা বিপুল চেতিয়া ফুকনক এই বঁটা প্ৰদানৰ সিদ্ধান্তৰ কথা সদৰী কৰে। জুৰি সমিতিৰ সিদ্ধান্ত অনুসৰি প্ৰতি বছৰে ৰাজ্যখনৰ এগৰাকী প্ৰতিষ্ঠিত লোকশিল্পীক এই বঁটাৰ বাবে বাচনি কৰা হ’ব, বিহু ঢুলীয়া, বিহু নাচ, লোকবাদ্য, লোকনৃত্য, জনগোষ্ঠীয় গীত – মাত, নৃত্য, ভাওনা শিল্পী, সত্ৰীয়া নৃত্য, বৰগীত অথবা যিকোনো লোকসংস্কৃতিৰ সৈতে দীৰ্ঘসময় জড়িত হৈ থকা ব্যক্তিক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হ’ব আৰু শিল্পী গৰাকীৰ বয়সৰ উৰ্ধ সীমা পঞ্চাশৰ সঠিক হ’ব লাগিব, শিল্পী গৰাকীৰ আৰ্থিক অৱস্থা টনকিয়াল নোহোৱাজনক অগ্ৰাধিকাৰ দিয়া হব, তিনিজনীয়া বাচনি সমিতিয়ে শিল্পী নিৰ্বাচনত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব আৰু বাচনি কৰাৰ পিছত শিল্পী গৰাকীৰ অনুমতি গ্ৰহণ কৰিহে ৰাজহুৱা ভাৱে নাম ঘোষণা কৰা হ’ব বুলি সংবাদমেলত জুৰি সদস্য পংকজ বৰুৱাই সদৰী কৰি প্ৰথমবাৰৰ বাবে বঁটা প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা বিপুল চেতিয়া ফুকন এগৰাকী আজন্ম লোকশিল্পী বুলি মন্তব্য কৰে ।আনহাতে বিভিন্ন লোকশিল্পীৰ মুখত থকা বিহুনাম সমূহৰ পৰা বিপুল চেতিয়া ফুকনে অসংখ্য বিহুসুৰীয়া গীত সৃষ্টি কৰাৰ লগতে সেই সমূহৰ নিজেই সুৰ দি কন্ঠদান কৰি জনসাধাৰণৰ হৃদয় স্পৰ্শ কৰিবলৈ সক্ষম হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More