তেজপুৰৰ ঔগুৰি পাহাৰৰ সুৰক্ষাক লৈ সৰৱ বিভিন্ন সংগঠন আৰু সাহিত্য সভা

ভূমিহীনৰ পৰিৱৰ্তে কোটিপতি ব্যৱসায়ীক গতালে পাহাৰৰ অংশ

0 115

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৭ জুলাইঃ তেজপুৰৰ এক অন্যতম পৰ্যটন তথা ঐতিহাসিকভাবে গুৰুত্বপূৰ্ণ স্হান তথা তেজপুৰৰ প্ৰাকৃতিক সুৰক্ষা স্বৰূপ ঔগুৰি পাহাৰৰ এটা অংশ ব্যক্তিগত খণ্ডক হস্তান্তৰৰ বিৰুদ্ধে আছুকে ধৰি বিভিন্ন ছাত্ৰ সংগঠন আৰু তেজপুৰ সাহিত্য সভাই বিৰোধিতা কৰিছে৷আজি আছুকে ধৰি সাহিত্য সভা, চাহ আদিবাসী ছাত্ৰ সন্হা, গোৰ্খা ছাত্ৰ সন্হা আৰু অসম সেনাৰ এটা প্ৰতিনিধি দলে ব্যক্তিগত চক্ৰটোৱে দখল কৰা সেই স্হানত উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ পিছতে আটাইকেইটা সংগঠনে এই চক্ৰটোৰ বিৰুদ্ধে সৰৱ হোৱাৰ লগতে শোণিতপুৰ প্ৰশাসনৰ বিৰুদ্ধেও সৰৱ হৈ পৰে৷20230717 192344 শোণিতপুৰ জিলাৰ তদানীন্তন চক্ৰ বিষয়া আৰু উপায়ুক্তৰ সহযোগিতা নহলে এই ভূমি ব্যক্তিগত কোম্পানী বা ভূ মাফিয়াই দখল কৰাটো সম্ভৱ নহয় বুলি উল্লেখ কৰি সংগঠন কেইটাই শীঘ্ৰেই এই ভূমিত স্হাপন কৰা নামফলক এৰুৱাই নিবলৈ সংশ্লিষ্ট কোম্পানীক সকীয়নি দিয়াৰ লগতে অনাগত দিনত এই ঐতিহাসিক পাহাৰ ৰক্ষণাবেক্ষণ দিয়াৰ বাবে এই সকলো জাতীয় সংগঠনে যুঁজ দিব বুলিও কয়৷ উল্লেখযোগ্য যে, তেজপুৰৰ ইতিহাস তথা সংস্কৃতি বহন কৰা এই ঔগুৰি পাহাৰ এতিয়া এচাম অনাঅসমীয়া ভূমাফিয়া তথা ব্যৱসায়িক গোষ্ঠীক প্ৰশাসনে গোপন বুজাবুজিৰে গতাই দিয়া কাৰ্যক তেজপুৰৰ ৰাইজে কোনো কাৰনতে মানি নলয় বুলিও স্পষ্ট কৰি দিয়া সংগঠনৰ প্ৰতিনিধি সকলে শীঘ্ৰেই সকলো সংগঠনে নিৰ্নায়ক এক সিদ্ধান্ত গ্ৰহণ কৰিব বুলিও কয়৷প্ৰনিধানযোগ্য যে, প্ৰায় ১৩বছৰ বিৰতিৰ অন্তত হঠাতে শেহতীয়াকৈ এটা হোটেল কোম্পানীৰ দ্বাৰা তেজপুৰৰ ঔগুৰি পাহাৰত হোটেল নিৰ্মাণৰ নামত চলা প্ৰকৃতি ধ্বংসৰ ঘটনাকলৈ ৰাইজৰ মাজত ক্ষোভ ক্ৰমান্বয়ে বৃদ্ধি পাইছে৷ ৰাইজৰ অজ্ঞাতেই একাংশ প্ৰশাসনীয় বিষয়া আৰু ৰাজনীতিকৰ অদূৰদৰ্শী চিন্তাৰ বাবেই এইদৰে ব্ৰহ্মপুত্ৰৰ পাৰৰ ঔগুৰি পাহাৰৰ এটা বৃহৎ অংশ ব্যৱসায়ীক গতাই দিয়া হৈছে৷উল্লেখযোগ্য ২০০৬ত তদানীন্তন কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত আৰু ৰাজ্য চৰকাৰৰ অনুমোদনত শোণিতপুৰ প্ৰশাসনৰ তদানীন্তন দুগৰাকীমান বিষয়াই হোটেল প্ৰতিষ্ঠানক বিক্ৰী কৰাৰ বিষয়টো ইতিমধ্যেই স্পষ্ট হৈ পৰিছে৷উল্লেখযোগ্য যে, মহাভৈৰৱ মৌজাৰ তথা তেজপুৰ চহৰৰ দ্বিতীয় খণ্ডৰ ৩৩৫দাগৰ মুঠ ১৭১বিঘা চাৰিকঠা আৰু ১৩লেচা গোপচাৰ ভূমিৰ সাত বিঘা ভূমি ২০১৪ৰ ১৪ছেপ্টম্বৰত তদানীন্তন কেন্দ্ৰীয় চৰকাৰৰ পৰ্যটন বিভাগৰ নিৰ্দেশত অসম চৰকাৰৰ অনুমোদন মৰ্মে হোটেল লিজিং আৰু ফাইনেঞ্চিয়েল চাৰ্ভিছ লিমিটেডক আৱন্টন দিয়ে৷এই ক্ষেত্ৰত তদানীন্তন ভূমি উপদেষ্টা কমিটিয়েও ২০০৬ৰ ২১ফেব্ৰুৱাৰীত অনুমোদন জনাইছিল৷ লক্ষ্যণীয় ভাবে ঔগুৰি পাহাৰৰ মাটি গোপচাৰ মাটি হিচাপে উল্লেখ কৰি ভূমিহীনকহে প্ৰয়োজন অনুসৰি আৰু চৰকাৰী নিয়ম মতে ভূমিহীনক পট্টা দিয়াৰ নিয়ম আছে বুলি শোণিতপুৰ প্ৰশাসনৰ তথ্যত প্ৰকাশ পাইছে৷আনহাতে পৰ্যটনৰ সুবিধাৰ নামত গোপচাৰ ভূমি চৰকাৰীকৰণ কৰি সেই সাতবিঘা গতাই দিয়া হয় উল্লেখিত প্ৰতিষ্ঠানক৷ইয়াৰ পাছতে ইয়াত এক হোটেল নিৰ্মাণৰ যোজা চলে যদিও প্ৰথম অৱস্থাতে স্হানীয় একাংশ সংবাদ মাধ্যমত বিষয়টো প্ৰকাশ পোৱাত সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷পৰিণতিত ২০১০ত হোটেল নিৰ্মাণৰ প্ৰক্ৰিয়া অন্ত পৰে৷উল্লেখযোগ্য যে,১২বছৰৰ অধিককাল ইয়াত কোনোধৰণৰ নিৰ্মাণ কাৰ্য নোহোৱাৰ পাছত হঠাৎ এতিয়া এই সাতবিঘা ভূমিত তেজপুৰ হোটেল প্ৰাইভেট লিমিটেড নামৰ এটা কোম্পানীৰ সম্পত্তি বুলি ফলক স্হাপন কৰা হয় আৰু ২০০৭ত উল্লেখ থকা কোম্পানীটোৰ নামৰ কাষত বন্ধনীৰ ভিতৰত নতুন প্ৰতিষ্ঠানৰ নাম উল্লেখ কৰা ঘটনাই গভীৰ ৰহস্যৰ উদ্ভৱ কৰিছে৷উল্লেখ্য যে,পাহাৰটোত এই প্ৰতিষ্ঠানৰ বৃহৎ ফলক আঁৰি পাহাৰটোত খননো চলাই থকা হৈছে৷ইতিমধ্যে যোৱা ১৩জুনত ইয়াৰ বিৰুদ্ধে ৰাইজৰ দলে এক সংবাদমেল অনুষ্ঠিত কৰি এনে কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছিল৷কিন্তু সম্প্ৰতি প্ৰাকৃতিক আৰু চৰকাৰী সকলো সম্পত্তিক ব্যক্তিগত সম্পত্তিৰ দৰেই জ্ঞান কৰা সকলৰ বাবে এইবোৰ প্ৰতিবাদ তেনেই নগন্য ঘটনাত পৰিণত হৈছে৷ইপিনে এই সমগ্ৰ কাণ্ডৰ আঁৰত তেজপুৰত ভূমি ক্ৰয় বিক্ৰয়ৰ নামত বৃহৎ পৰিসৰত দালালৰাজ চলোৱা এটা চক্ৰ জড়িত থকাৰ অভিযোগ উঠিছে৷লক্ষ্যণীয় ভাবে শোণিতপুৰ প্ৰশাসনে ঔগুৰি পাহাৰৰ এই সাত বিঘা ভূমি কোনো কোটিপতিক হস্তান্তৰ কৰা নাই বুলি দাবী কৰাৰ বিপৰীতে এই গোপচাৰ ভূমি চৰকাৰী কৰি ব্যৱসায়ী গোষ্ঠীক গতাই দিয়া ঘটনাই জলজলপটপটকৈ প্ৰমান কৰিছে যে ভূমিহীনক বিশেষ প্ৰয়োজনত এই মাটি চৰকাৰী নিয়ম অনুসৰি পট্টা দিয়াৰ যি নিয়ম সেই নিয়ম ভংগ কৰি এটা ব্যৱসায়িক প্ৰতিষ্ঠানক গতাই দিয়া হয়৷প্ৰনিধানযোগ্য যে,তেজপুৰত কেবল ঔগুৰি পাহাৰৰ এই ভূমিয়েই নহয়,একাংশ ব্যৱসায়ী আৰু প্ৰাক্তন আমোলাই গেৰেকী অঞ্চলৰ তথা ব্ৰহ্মপুত্ৰৰ পাৰৰ প্ৰাকৃতিক টিলা তথা পাহাৰো নিজৰ নামত কৰিবলৈ সক্ষম হ’ল আৰু এয়া সকলো ক্ষমতা আৰু অৰ্থৰ বলত নিয়মৰ সুৰুঙাৰেই সম্ভৱ হ’ল৷বৰ্তমান ঔগুৰি পাহাৰৰ ভূমি যিটো হোটেল কোম্পানীৰ দখলত গৈছে সেই কোম্পানীৰ আঁৰত এনে একাংশ লোক আছে যিয়ে ইতিমধ্যে ডেকাৰগাঁৱত চৰকাৰী ভূমিও নিজৰ দখললৈ আনিবলৈ সক্ষম হোৱা বুলি গুৰুতৰ অভিযোগ উঠিছে৷তেজপুৰত পৰ্যটনৰ আন্তগাঁথনি উন্নয়ন নৌহওঁতেই প্ৰায় ১৭বছৰৰ পূৰ্বে দিল্লীত প্ৰভাৱ খটুৱাই তেজপুৰৰ ঔগুৰি পাহাৰৰ ভূমি নিজৰ অধিকাৰলৈ অনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলেও সেই সময়ৰ ভূমি উপদেষ্টা কমিটিয়ে ঔগুৰি পাহাৰৰ মাটি ব্যক্তিগত কোম্পানীক গতাই দিবলৈ অনুমোদন জনোৱাৰ আঁৰতো গভীৰ ৰহস্য থকা বুলি সম্প্ৰতি চৰ্চিত হৈছে৷ইতিমধ্যে পাহাৰটোৰ শীৰ্ষৰ এই অংশৰ শিল,মাটি খান্দি পাহাৰটোক টকলা কৰাৰ যি কাৰবাৰ আৰম্ভ হৈছে সেয়া অতি উদ্বেগজনক আৰু ৰাজ্যচৰকাৰ তথা শোণিতপুৰ প্ৰশাসনে পূৰ্বৰ এই অনুমোদন ৰদ কৰাৰ বাবে বিভিন্নজনে দাবী জনাইছে৷তেজপুৰত পৰ্যটকৰ বাবে ইতিমধ্যে বহুকেখন বিলাসী হোটেল স্হাপন হৈছে আৰু প্ৰয়োজনত চৰকাৰৰ পৰ্যটন বিভাগেই এনে হোটেল স্হাপন কৰিব পাৰে৷কিন্তু এটা পাহাৰ ধ্বংস কৰি ব্যক্তিগত কোম্পানীক হোটেল স্হাপনৰ অনুমতিয়ে তেজপুৰত পৰ্যটনৰ ক্ষেত্ৰত কোনো প্ৰভাৱ নেপেলাই আৰু এইক্ষেত্ৰত এনে হোটেল এনিশা বা দুনিশাৰ বাবে একাংশলোকৰ আশ্ৰয় স্হলীহে হোৱাৰ সম্ভাৱনা আছে বুলিও পাহাৰ খননৰ বিৰোধিতা কৰা সকলোৱেই মন্তব্য কৰিছে৷কেবল ব্যক্তিগত স্বাৰ্থত পাহাৰৰ এটা গুৰুত্বপূৰ্ণ অংশ হজম কৰিবলৈ ওলোৱা এই চক্ৰটোৱে তাহানিৰ প্ৰভাৱশালী আমোলা আৰু সুবিধাবাদী ৰাজনীতিকৰ ছত্ৰছায়াত এনে কৰিবলৈ সক্ষম হোৱা বুলি অভিযোগ কৰা ৰাইজে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বিষয়টোত হস্তক্ষেপ কৰি ঔগুৰি পাহাৰটো সুৰক্ষিত কৰাৰ ব্যৱস্থা কৰিব বুলি আশা ব্যক্ত কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More