তেজপুৰৰ চানমাৰী অঞ্চল সেউজ কৰাৰ সংকল্প প্ৰকৃতিপ্ৰেমী, অধিবক্তা কুমুদ বৰুৱাৰ 

0 18
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৩ জুন : সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাৰে ৰাজ্যজুৰি সেউজ বিপ্লৱৰ সূচনা কৰা বিশ্বনাথ চাৰিআলি নিবাসী অধিবক্তা কুমুদ বৰুৱাই তেজপুৰ চহৰৰ দুয়ো কাষ ইতিমধ্যে সেউজীয়া কৰি তোলাৰ পিছত আজি পুনৰ চানমাৰী হজৰাপাৰ – পাৰ্বতী নগৰ পথৰ দুয়োকাষ সেউজ কৰাৰ পণ লৈ প্ৰতিকুল বতৰকো নেওচি  ৰোপণ কৰে ইটোৰ পিছত সিটো মূল্যবান গছপুলি। উল্লেখ্য যে, তেজপুৰৰে আন এগৰাকী প্ৰকৃতিপ্ৰেমী তথা আলোকচিত্ৰ শিল্পী ৰাজীৱ বৰুৱা আৰু পাৰ্বতী নগৰ মহিলা, অধিবক্তা আৰু স্হানীয় শৰীৰ চৰ্চা কেন্দ্ৰৰ সহযোগত প্ৰকৃতিপ্ৰেমী তথা হৰেণ বোথ্ৰা পৰিৱেশ বঁটা প্ৰাপক কুমুদ বৰুৱাই নিজৰ গাড়ীত কঢ়িয়াই অনা এজাৰ, কৰ্চন, কৃষ্ণ চূড়া, কাঞ্চন, সোণাৰু আদি গছৰ পুলি এফালৰ পৰা ৰোপণ কৰি এই গুৰুত্বপূৰ্ণ পথছোৱাও তেজপুৰ চহৰৰ পথছোৱাৰ দৰে সেউজীয়া কৰি তোলাৰ লক্ষ্য স্থিৰ কৰাৰ পিছত আজি সাংবাদিকৰ আগত পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত সকলোৱে তৎপৰতা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাৰ কথা সদৰী কৰি নিজৰ সন্তানতকৈও কিয় একোটা গছপুলিক মৰম কৰা প্ৰয়োজন সেই সন্দৰ্ভত মন্তব্য কৰি অকল ৰ’দৰ ভিতৰতহে গছপুলিৰ কথা নেভাবি গছপুলি ৰোপণ আৰু প্ৰতিপালনেৰে সকলোকে এই গছপুলি সমূহ বৃক্ষলৈ পৰিণত কৰি পৰিৱেশ সুৰক্ষাৰ প্ৰতি সচেষ্ট হ’বলৈ আহ্বান জনায়।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More