তেজপুৰৰ জনপ্ৰিয় নাট্য আৰু সত্ৰীয়া শিল্পী প্ৰহ্লাদ (ৰাতুল) মহন্তৰ দেহাৱসান

শোকৰ ছাঁ - বিভিন্ন ব্যক্তি অনুষ্ঠানৰ শোকপ্ৰকাশ

0 12

শতাব্দ প্ৰতিনিধি তেজপুৰ , ২৬ নবেম্বৰ: তেজপুৰ চহৰৰ ইন্দিৰা নগৰৰ অতি সৰবৰহী অভিনয়, ভাওনা আৰু সত্ৰীয়া শিল্পী প্ৰহ্লাদ মহন্ত অৰ্থাৎ সকলোৰে মাজত পৰিচিত ৰাতুল মহন্তৰ আজি পুৱা তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাতে পৰলোকপ্ৰাপ্তি ঘটাত তেজপুৰত শোকৰ ছাঁ পৰিছে। অসম গোসাঁই সমাজৰ ৰাজ্যিক উপসভাপতিৰ দায়িত্বত থকাৰ লগতে অসম সত্ৰ মহাসভাৰ শোণিতপুৰ জিলা সমিতিৰ বিত্ত সম্পাদক হিচাপে মৃত্যু পৰ্যন্ত নিষ্ঠাৰে জড়িত থকা মহন্ত দীৰ্ঘদিন ধৰি শাৰীৰিক ভাৱে অসুস্থ হৈ থকাত পৰহি শৰীৰত ছডিয়ামৰ পৰিমাণ হঠাৎ হ্ৰাস পোৱাত শৰীৰৰ দ্ৰুত অৱনতি ঘটাত পৰিয়ালৰ লোকে তেজপুৰৰ নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰে যদিও শৰীৰৰ অধিক অৱনতি ঘটাত কালি তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰিছিল।  আজি পুৱা প্ৰায় ৬ বজাত শেষ নিশ্বাস ত্যাগ কৰে। ১৯৬৮ চনত জন্মগ্ৰহণ কৰা মহন্ত ছাত্ৰ অৱস্থাৰ পৰাই এগৰাকী সত্ৰীয়া আৰু ভাওনাৰ শিল্পী হিচাপে পাৰদৰ্শিতাৰ পৰিচয় দি আহিছিল। বিশেষকৈ এগৰাকী দক্ষ খোলবাদক হিচাপে বিভিন্ন সত্ৰীয়া অনুষ্ঠানৰ লগতে ভাওনা নাম প্ৰসঙ্গ আদিত জড়িত হৈ এগৰাকী নিপুণ খোলবাদকৰ সমান্তৰাল ভাৱে এগৰাকী দক্ষ নামতি হিচাপেও সুনাম অৰ্জন কৰিছিল। বিভিন্ন সত্ৰ, নামঘৰত অনুষ্ঠিত হোৱা ভাওনাৰ এগৰাকী দক্ষ ভাৱৰীয়া মহন্তই ইয়াৰ মাজতেই এগৰাকী মঞ্চ নাটকৰ অভিনয় শিল্পী হিচাপেও দক্ষতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ৮০ দশকতে তেজপুৰৰ নাট্যশিল্পী দিগন্ত কুমাৰ ভূঞা, দেৱব্ৰত শৰ্মাৰ প্ৰচেষ্টাত গঢ়ি উঠা “সুন্দৰম” শীৰ্ষক নাট্য অনুষ্ঠানৰ সৈতে জড়িত হৈ দিগন্ত কুমাৰ ভূঞা ৰচিত আৰু পৰিচালিত “ৰেলৰ আলিৰ মৃতদেহ”, “আন্ধাৰত জোনাকী পোহৰ”নাটকত দক্ষতাৰে অভিনয় কৰি অভিনয় শিল্পী হিচাপেও পৰিগণিত হৈছিল। ১৯৯০ চনত তেজপুৰৰ পৰা মুক্তি লাভ কৰা প্ৰথম ভিডিঅ ছবি “ডাৱৰ জানো আঁতৰিব” ত অভিনয় কৰা ৰাতুল মহন্ত ইয়াৰ পৰৱৰ্তী সময়ত তেজপুৰৰ আন এগৰাকী নাট্যকাৰ – পৰিচালক পুলক কুমাৰ ডেকাৰ তৎপৰতাত গঢ়ি উঠা নাট্যানুষ্ঠান “অসম ৰেপাৰেটৰী” ৰ সৈতেও জড়িত হৈ পুলক কুমাৰ ডেকা ৰচিত আৰু পৰিচালিত “মোৰ পত্নীৰ বিয়া”, “লক্ষ্য ২০১২”, “সাৱধান আপোনাৰ ঘৰত সোমাব পাৰে” নাটকতো অতি পাৰদৰ্শিতাৰে অভিনয় কৰিছিল। অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ এগৰাকী কৰ্মচাৰী মহন্তৰ হাতৰ আখৰ অতি সুন্দৰ আছিল বাবে বহু নাট্যকাৰৰ নাটকৰ পাণ্ডুলিপি তৈয়াৰ কৰিছিল। শংকৰী কলা কৃষ্টিৰ বিকাশ আৰু উত্তৰণত নিৰলস ভাবে জড়িত হৈ থকা আৰু সুন্দৰকৈ বৰগীতো পৰিৱেশন কৰিব পৰা এইগৰাকী শিল্পীয়ে মাথো ৫৪ বছৰ বয়সতে অকাল মৃত্যুক সাৱটি ল’ব লগা হোৱাত তেজপুৰৰ সৰ্বত্ৰে শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত পত্নীৰ লগতে দুই সন্তান আৰু আত্মীয় স্বজনকে ধৰি অসংখ্য শুভাকাংক্ষীক এৰি যোৱা ৰাতুল মহন্তৰ বিয়োগত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, প্ৰাক্তন বিধায়ক বৃন্দাবন গোস্বামী, বাণ থিয়েটাৰৰ সভাপতি – সম্পাদক ক্ৰমে – বংকিম শৰ্মা, জিতুমণি দেৱচৌধুৰী, তেজপুৰ সাহিত্য সভাৰ সভাপতি ডঃ ভূপেন শইকীয়া, অসম ৰেপাৰেটৰীৰ সভাপতি ডা০ প্ৰদীপ লহকৰ, পুলক কুমাৰ ডেকা, সুন্দৰমৰ সভাপতি পংকজ বৰুৱা, সম্পাদক দেৱব্ৰত শৰ্মা, নাট্যকাৰ – পৰিচালক দিগন্ত কুমাৰ ভূঞা, অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি মৃগেন চন্দ্র বড়া, তেজপুৰ শাখাৰ সভাপতি – সম্পাদক বীৰেন্দ্ৰ কুমাৰ বৰা আৰু জিন্টু বৰঠাকুৰ, শোণিতপুৰ শিল্পী সমাজ, সাংস্কৃতিক অনুষ্ঠান চাতকৰ সভাপতি অনিল কুমাৰ ভট্টাচাৰ্য, তেজপুৰ জনসাংস্কৃতিক পৰিষদ আদিয়ে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More