তেজপুৰৰ জনপ্ৰিয় নৃত্যশিল্পী দীপা দাসক “নৃত্যজ্যোতি প্ৰেৰণা বঁটা” প্ৰদান

0 11

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২৫ জুন : উত্তৰ পূৰ্বাঞ্চল প্ৰেৰণা সমন্বয় উন্নয়ন চেৰিব্ৰেল ট্ৰাষ্টে উত্তৰ পূৰ্বাঞ্চলৰ শিল্পকলা ক্ষেত্ৰখনৰ লগতে সাহিত্য ক্ষেত্ৰত বিশেষ কৃতিত্ত্বৰ পৰিচয় দিয়া ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ কেবাগৰাকীও বিশিষ্ট ব্যক্তিক কালি গুৱাহাটীৰ চান্দমাৰী কলনীৰ পেন্সনাৰ ভৱনত উত্তৰ পূৰ্বাঞ্চল প্ৰেৰণা বঁটাৰে বিভূষিত কৰে। উল্লেখ্য যে, এই অনুষ্ঠানতে নৃত্যৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি অহা তেজপুৰৰ প্ৰহ্লাদ চন্দ্ৰ দাস স্মৃতি নৃত্যশালাৰ অধ্যক্ষা, তথা দক্ষ আৰু জনপ্ৰিয় নৃত্যশিল্পী দীপা দাসক “নৃত্যজ্যোতি প্ৰেৰণা বঁটা” ৰে ন্যাসৰ হৈ বঁটা প্ৰদান কৰে বিশিষ্ট চিকিৎসক, সাংস্কৃতিক কৰ্মী তথা লেখক ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়ে। বঁটা গ্ৰহণ কৰি নৃত্যশিল্পী দীপা দাসে বিহুনাম পৰিৱেশন কৰি এই বঁটা প্ৰাপ্তিয়ে নিজকে উদ্বুদ্ধ কৰি তুলিছে বুলি মন্তব্য কৰে ।আনহাতে ন্যাসৰ সচিব প্ৰকাশ ডেকাৰ লগতে একাংশ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বঁটা প্ৰদান কৰোতা ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়ে নানান ৰসাল কথাৰ ভাষণেৰে সমগ্ৰ পৰিৱেশ জীপাল কৰি তোলে।উল্লেখ্য যে, তেজপুৰৰ কলেজিয়েট উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী তথা বিভিন্ন সামাজিক – সংস্কৃতিক অনুষ্ঠানৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত হৈ অহা নৃত্যশিল্পী দীপা দাসে এই বঁটা লাভ কৰাত তেজপুৰবাসী উৎফুল্ল হৈ পৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More