তেজপুৰৰ দ পৰ্বতীয়াৰ ঐতিহ্যত ব্ৰহ্মপুত্ৰৰ ভয়ঙ্কৰ আঘাত

প্ৰাৰ্থনাৰ বিকল্প নোহোৱা হৈছে ৰাইজৰ

0 99

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১০ছেপ্টেম্বৰঃ তেজপুৰৰ দ-পৰ্বতীয়াৰ এক অঞ্চলত ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াই বিপদ কঢ়িয়াই আনিছে কাষৰীয়া একাধিক অঞ্চলৰ বাবে৷ ইতিহাস প্ৰসিদ্ধ অঞ্চলটোৰ ৰাইজে এই গৰাখহনীয়া শীঘ্ৰেই ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনাইছে৷ উল্লেখযোগ্য যে, দ-পৰ্বতীয়াৰ বৰা চুবুৰী অঞ্চললৈ সম্প্ৰতি ব্ৰহ্মপুত্ৰৰ বিধ্বংসী খহনীয়াই ৰাইজক শংকিত কৰিছে৷ অঞ্চলটোৰ কাষৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ ঘাটত যোৱা সময়চোৱাত ধাৰাবাহিক ভাবে খহনীয়া অব্যাহত আছে৷ ইয়াৰ ফলত শংকিত হৈ পৰিছে বৰা চুবুৰীৰ লগতে দ-চুবুৰী আৰু লেঙা চুবুৰীৰ ১০ সহস্ৰাধিক লোক৷ তেজপুৰৰ চহৰৰ কাষৰে তথা এক ঐতিহাসিক অঞ্চল এই দ পৰ্বতীয়া৷ গুপ্তযুগৰ বহু তথ্য উদ্ধাৰ হোৱাৰ লগতে আহোম ৰাজত্ব কালতো বিশেষ গুৰুত্ব থকা দপৰ্বতীয়া অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ একাধিক অঞ্চল ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰি আহিছে৷ ইতিমধ্যে ভৈৰৱপদ মন্দিৰো ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কৱলত পৰাৰ লগতে দেৱীসিং ঘাটৰ লগতে কাষৰীয়া অঞ্চলৰ যথেষ্ট ভূমি ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ গৈছে৷ এনে অৱস্থাত সম্প্ৰতি বৰাচুবুৰীত অব্যাহত খহনীয়াই কাষৰ জনবহুল অঞ্চলৰ বাবে বিপদ কঢ়িয়াই আনিছে৷ ইতিমধ্যে খহনীয়াৰ কবলত পৰা স্হানৰে বৰষুণৰ সময়ত বাঢ়নি পানীয়ে কাষৰীয়া বিভিন্ন অঞ্চল প্লাবিত কৰাৰ লগতে বৃহত্তৰ কৃষিভূমিৰ বিস্তৰ ক্ষতি সাধন কৰে৷তেজপুৰৰ এক কৃষিপ্ৰধান অঞ্চল হিচাপে বৰ্তমানলৈকে পৰিচয় বহন কৰি অহাৰ লগতে যথেষ্ট সংখ্যক পশুপালক থকা এই অঞ্চলসমূহত হোৱা বানৰ ফলত ৰাইজৰ লগতে পশুধনৰ বাবেও যথেষ্ট সমস্যাৰ উদ্ভৱ কৰে৷ প্ৰনিধানযোগ্য যে, নিশাটোৰ ভিতৰতে হঠাৎ ওফন্দি উঠা ব্ৰহ্মপুত্ৰৰ পানীয়ে বহু পৰিয়ালৰ বাসগৃহ বুৰাই পেলোৱাৰ বিপৰীতে পশুধনৰ সুৰক্ষাৰ বাবে ওখ স্হান বিচাৰি ঢাপলি মেলিব লগীয়া পৰিস্হিতিৰো উদ্ভৱ হয়৷ কিন্তু ইমানৰ পিছতো সংশ্লিষ্ট বিভাগ, প্ৰশাসন, চৰকাৰ সকলো যেন কুম্ভকৰ্ণ নিদ্ৰাত থকাৰ অভিযোগ কৰিছে ৰাইজে৷ এনে অৱস্থাত উপায়ন্তৰ হৈ স্হানীয় পুৰুষ-মহিলা সকলে নেদেখাজনৰ পৰা পৰিত্ৰাণ বিচাৰি প্ৰাৰ্থনা কৰিবলগীয়া হৈছে৷ তেওঁলোকৰ আশা ভগবানে সুমতি দিয়ক সংশ্লিষ্ট বিভাগৰ বিষয়া, অভিযন্তা-ঠিকাদাৰক আৰু চকু মেল খাওক জনপ্ৰতিনিধিৰ, চৰকাৰ প্ৰশাসনৰ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More